/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/f842431e-eb67-47f6-a6c2-cc6389fb78a0/AP_FOR_WEB_gu.jpg)
ডিজিটেল ডেস্কঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ কেচ ফৰ মাৰ্কচ কেলেংকাৰীক লৈ অব্যাহত আছে আৰক্ষী-CIDৰ তদন্ত ৷ ইতিপূৰ্বে ৮ অভিযুক্তক গ্ৰেপ্তাৰৰ পিচত আৰক্ষীৰ জালত পৰিছে আন এটা অভিযুক্ত ৷ ধৃত অভিযুক্তটোৰ নাম জাভেদ আখতাৰ ৷ দৰং জিলাৰ দলগাৱৰ পৰা গ্ৰেপ্তাৰ কৰা হৈচে জাভেদ আখতাৰক ৷
এই পৰ্যন্ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ধনৰ বিনিময়ত নম্বৰ কেলেংকাৰীটোৰে জড়িত ৯ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষী-CID ৰ অভিযানকাৰী দলে৷ শনিবাৰে গ্ৰেপ্তাৰ কৰা জাভেদ আখতাৰক নিশাই লৈ অহা হৈছে বৰপেটালৈ ৷ বৰপেটাৰ হাউলী থানাত ধৃত জাভেদ আখতাৰক জেৰা অব্যাহত আছে ৷
ধনৰ বিনিময়ত নম্বৰ কেলেংকাৰীটোৰ সৈতে জড়িত থকাৰ অভিযোগত গুৱাহাটী বিশ্ববিদ্যালয়ত নম্বৰ আপলোড কৰা কামৰ সৈতে জড়িত মুল অভিযুক্ত বিহাৰৰ কৃষ্ণানন কৃষ্ণমূৰ্তিক গ্ৰেপ্তাৰ কৰা হৈছে ৷ কৃষ্ণানন কৃষ্ণমূৰ্তিৰ উপৰিও বৰপেটাৰ কলগাছিয়াৰ ইছমাইল হুছেইন, কলগাছিয়া আমগুৰিৰ আলোমগীৰ খান, কলগাছিয়া বৰদঙা গাৱৰ মইনুল হক, নগাওঁ জিলাৰ হামেজ উদ্দিন, বৰপেটাৰ লাংলা মহাবিদ্যালয়ৰ, লাইব্ৰেৰীয়ান অমিনুল ইছলাম আৰু লাংলা গাৱৰে আবুল বাচেৰৰ লগতে ধুবুৰী আইন মহাবিদ্যালয়ৰ কৰ্মচাৰী শিৱতোষ মাহাতোক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷
উল্লেখযোগ্য় যে আটাইকেইগৰাকী অভিযুক্তৰে বেংক একাউন্ট আৰু পাচবুক জব্দ কৰি আৰক্ষী আৰু CIDয়ে তদন্ত অব্যাহত ৰাখিছে ৷ বিশেষকৈ বেংক একাউন্টৰ জৰিয়তে হোৱা ধনৰ লেনদেনৰ তথ্যৰ আঁত ধৰি ইতিমধ্যে বহু লোকৰ তথ্য সংগ্ৰহ কৰিছে তদন্তকাৰী গোটটোৱে ৷ বেংক একাউন্টৰ তথ্যৰ জৰিয়তে ধনৰ বিনিময়ত নম্বৰ কেলেংকাৰীটোৰ আৰু বহু বহু তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us