অসম চাহ কৰ্মচাৰী সংঘৰ ৬২ সংখ্যক দ্বি-বাৰ্ষিক অধিবেশন: ভাষাৰ ওজা সোঁৱৰণী গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ...
অসম চাহ কৰ্মচাৰী সংঘৰ ৬২ সংখ্যক দ্বি-বাৰ্ষিক অধিবেশন: ভাষাৰ ওজা সোঁৱৰণী গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ...

অসম চাহ কৰ্মচাৰী সংঘৰ ৬২ সংখ্যক দ্বি-বাৰ্ষিক অধিবেশন: ভাষাৰ ওজা সোঁৱৰণী গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ...

ডিজিটেল সংবাদ তিনিচুকীয়াঃ অসম চাহ কৰ্মচাৰী সংঘৰ পানীতোলা শাখা আৰু দিনজান চাহ বাগিচা প্ৰাথমিক গোটৰ অতিথ্যত আয়োজন কৰা ৬২ সংখ্যক দ্বি-বাৰ্ষিক অধিবেশন উপলক্ষে পৰিৱেশ সুৰক্ষা সমিতি, অসমে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সোঁৱৰণি বৰ্ষজোৰা গছপুলি ৰোপণ, বিতৰণ আৰু প্ৰতিপালন কাৰ্যসূচীৰ অন্তৰ্গত গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ন কৰে ।

কাৰ্যসূচীৰ শুভাৰম্ভ কৰি পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱাই প্ৰাকৃতিক পৰিৱেশ তথা প্ৰাকৃতিক ভাৰসাম্য বৰ্তাই ৰখাৰ ক্ষেত্ৰত চাহ বাগিচাসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলি উল্লেখ কৰি প্ৰাকৃতিক প্ৰাচুৰ্যৰে ভৰপূৰ চাহ বাগিচাই পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণতো যথেষ্ট অৰিহণা যোগাই অহা বুলি কয় । কিন্তু ইয়াৰ বিপৰীতে চৰকাৰে উদ্যোগ স্থাপনৰ পৰিকল্পনাৰে বাগিচা ধ্বংস কৰি কেৱল চাহ শ্রমিকৰ কৰ্মভূমি সংকুচিত কৰাই নহয় প্ৰাকৃতিক পৰিৱেশ ধ্বংসতো অৰিহণা যোগাইছে বুলি তেওঁ অসন্তোষ্টি ব্যক্ত কৰি মানৱজাতিৰ লগতে প্ৰাণীকুলৰ সুৰক্ষাৰ স্বাৰ্থৎ চাহ বাগিচাসমূহ সংৰক্ষণত অগ্ৰাধিকাৰ দিব লাগিব বুলি মতপোষণ কৰে ।

ভাষাৰ ওজাৰ সোঁৱৰণত গছপুলি ৰোপন কাৰ্যসূচীত দিনজান চাহ বাগিচাৰ শ্ৰমিক কল্যাণ বিষয়া বিৰাজ হিলৈধাৰী আৰু জ্যেষ্ঠ সহকাৰী পৰিচালক মনদীপ গোহাঁইয়েও অংশগ্ৰহণ কৰে । এই অনুষ্ঠানত জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক অমৃত শৰ্মা, উদযাপন সমিতিৰ সভাপতি প্ৰবীণ তামুলী, উপ-সভাপতি আনন্দ সুৰেণ, কোষাধ্যক্ষ সুখৰাম ওৰাং, পৰিৱেশ সুৰক্ষা সমিতিৰ জিলা উপ-সভাপতি ৱাজিদ খান, সহকাৰী সম্পাদক কিশোৰ চাহ আদি উপস্থিত থাকে ।

ইফালে ১৯৪৭ চনত প্ৰতিষ্ঠিত অসম চাহ কৰ্মচাৰী সংঘৰ পানীতোলা শাখাৰ ৬২ সংখ্যক দ্বি-বাৰ্ষিক অধিবেশনখনৰ মুকলি সভাত বিশিষ্ঠ অতিথিৰূপে উপস্থিত থাকি জ্যেষ্ঠ সাংবাদিক, প্ৰতিক্ষণ কাকতৰ কাৰ্যবাহী সম্পাদক যাদৱ গগৈয়ে সাম্প্ৰতিক সময়ত চাহ বাগিচা আৰু অসম চাহ কৰ্মচাৰী সংঘৰ ভূমিকা শীৰ্ষক এক আলোচনা সভাত চাহ উদ্যোগে লোকচানৰ সন্মুখীন হোৱা নাই বুলি মন্তব্য কৰি যদিহে চাহ উদ্যোগসমূহৰ লোকচান হৈছে তেন্তে বাগিচাৰ মালিকসকলে বাগিচা ক্ৰয় কৰাত আগ্ৰহী কিয় বুলি প্ৰশ্ন উত্থাপন কৰে ।

অসম চাহ কৰ্মচাৰী সংঘই চাহ শ্রমিকৰ সমান্তৰালভাৱে চাহ কৰ্মচাৰীৰ উত্তৰণ তথা বিভিন্ন সমস্যা সমাধানৰ লগতে চাহ উদ্যোগটো শৃংখলিতভাৱে বৰ্তী ৰখাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলি উল্লেখ কৰে । ইফালে মুকলি সভাৰ পূৰ্বে পুৱা সংঘৰ পতাকা উত্তোলন কৰে পানীতোলা শাখাৰ সভাপতি মনিৰাম গগৈয়ে আৰু ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ পতাকা উত্তোলন কৰে দিনজান চাহ বাগিচাৰ পৰিচালক বিশ্বৰাজীৱ হাজৰিকাই ।

স্মৃতি তৰ্পন কৰে পানীতোলা শাখাৰ সম্পাদক জয়চন্দ্ৰ শইকীয়াই। সভাৰ মঞ্চ মুকলি কৰে দিনজান চাহ বাগিচাৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী তুলেশ্বৰ শইকীয়াই । মনিৰাম গগৈৰ সভাপতিত্বত অনুস্থিত মুকলি সভাত স্থানীয় শিল্পীসকলে সংঘৰ আৰম্ভণি গীত আৰু দিহানাম পৰিবেশন কৰে।

অভ্যৰ্থনা সমিতিৰ সভাপতি প্ৰবীন তামুলীৰ আদৰণি ভাষণৰ পিছতে নিৰ্দিষ্ট বক্তাৰূপে অসম চাহ কৰ্মচাৰী সংঘৰ প্ৰাক্তন সম্পাদক মালভোগ বৰুৱা, নিমন্ত্ৰিত অতিথিৰূপে সংঘৰ পানীতোলা শাখাৰ প্ৰাক্তন কোষাধ্যক্ষ বৈকুণ্ঠনাথ শৰ্মাই ভাষণ প্ৰদান কৰে । সভাত অমৃত শৰ্মা, মিতালী গগৈৰ যুটীয়া সম্পাদনাত প্ৰকাশিত স্নৃতিগ্ৰন্থ 'পানীতোলাৰ শ্যামলী' উন্মোচন কৰে দিনজানৰ জ্যেষ্ঠ চিকিৎসক ডাঃ তীৰ্থনাথ দাসে ।

সভাত অসম চাহ কৰ্মচাৰী সংঘৰ কেন্দ্ৰীয় সমিটিৰ তৰফৰপৰা কেন্দ্ৰীয় উপ-সভাপতি বীৰেণ অধ্যাপক, সম্পাদক হিতেন্দ্ৰ বৰুৱা, কেন্দ্ৰীয় কোষাধ্যক্ষ ৰাতুল কাকতি পৰ্যবেক্ষকৰূপে উপস্থিত থাকে । শাখা সম্পাদক জয়চন্দ্ৰ শইকীয়াই সম্পাদকীয় প্ৰতিবেদন পাঠ কৰাৰ অন্তত বিষয়-বাচনি সভাই আগন্তুক ২০২৩-২৪ দ্বি-বৰ্ষৰ বাবে মনিৰাম গগৈক সভাপতি, হেমজিত গগৈ আৰু জয়ন্ত কুমাৰ গগৈক উপ-সভাপতি, জয়চন্দ্ৰ শইকীয়াক সম্পাদক, নিৰঞ্জন চেতিয়াক কোষাধ্যক্ষ, সঞ্জীৱ বৰা আৰু জয়চন্দ্ৰ শইকীয়াক কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্যৰূপে নিৰ্বাচিত কৰি পানীতোলা শাখাৰ নতুন সমিতিখন গঠন কৰে ।

অসম চাহ কৰ্মচাৰী সংঘৰ ৬২ সংখ্যক দ্বি-বাৰ্ষিক অধিবেশন: ভাষাৰ ওজা সোঁৱৰণী গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ...
ডেনিৰ সহায়ত বোকাজান আৰক্ষীয়ে জব্দ কৰিলে ২৪ কোটিৰ হেৰ'ইন...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in