শিশু দিৱস উপলক্ষে ওদালগুৰিত বীৰ লাচিত সেনাৰ শৈক্ষিক সামগ্ৰী বিতৰণ...

শিশু দিৱস উপলক্ষে ওদালগুৰিত বীৰ লাচিত সেনাৰ শৈক্ষিক সামগ্ৰী বিতৰণ...
শিশু দিৱস উপলক্ষে ওদালগুৰিত বীৰ লাচিত সেনাৰ শৈক্ষিক সামগ্ৰী বিতৰণ...

ডিজিটেল সংবাদ ওদালগুৰিঃ দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্মজয়ন্তীৰ সৈতে সংগতি ৰাখি সমগ্ৰ ৰাজ্যৰ লগতে ওদালগুৰিৰ বিভিন্ন শিক্ষানুষ্ঠানত শিশু দিৱস পালন কৰা হয়। এই উপলক্ষে ওদালগুৰি চহৰৰ বিভিন্ন শিক্ষানুষ্ঠানত সাংস্কৃতিক অনুষ্ঠান, চিত্ৰাঙ্কণ প্ৰতিযোগিতা, কুইজ, ৰচনা প্ৰতিযোগিতাৰ লগতে শিশুসকলৰ মাজত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰে।

কিন্তু ইয়াৰ মাজতে এইবেলি ব্যতিক্ৰমীভাৱে শিশু দিৱস উদযাপন কৰে বীৰ লাচিত সেনা ওদালগুৰি জিলা সমিতিয়ে। সংগঠনটোৱে ওদালগুৰি চহৰৰ বিভিন্ন প্ৰান্তৰ ২৫ টা দুখীয়া পৰিয়ালৰ স্কুলীয়া শিশুৰ মাজত শিক্ষণ সামগ্ৰী বিতৰণ কৰে।

স্কুলৰ বেগ, পানী বটল, জ্যামিতি বাকচ, বহীকে ধৰি কেইবাবিধো শিক্ষণ সামগ্ৰী বিতৰণ কৰে। আগন্তুক দিনতো সংগঠনটোৱে শিশুসকলৰ মাজত এনে কাৰ্যসূচী হাতত ল'ব বুলি সংগঠনটোৰ নেতৃত্বই প্ৰকাশ কৰে।

এই সন্দৰ্ভত সংগঠনটোৰ জিলা সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত সভাত উপস্থিত থাকে সভাপতি ভাস্কৰ দাস, যুটীয়া সাংগঠনিক সচিব ভবেন দত্ত, সক্ৰিয় সদস্য বিশ্বজিৎ মহন্তৰ লগতে কেইবাগৰাকীও বিষয়বৱীয়া। মন কৰিবলগীয়া বিষয় যে, ওদালগুৰি চহৰখনৰ বিভিন্ন প্ৰান্তৰ হোটেলকে ধৰি গেৰেজ ইত্যাদিত ১৮ বছৰ বয়সতকৈ কম বয়সৰ শিশুক নিয়োজিত কৰা অভিযোগ দীৰ্ঘদিনীয়া যদিও সংশ্লিষ্ট কৰ্তৃপক্ষই তথা আন সংগঠনসমূহে মাজে-সময়ে উদ্ধাৰৰ চমক দি দায়িত্ব সামৰা বুলিও জনসাধাৰণৰ মুখত চৰ্চিত হৈ আহিছে।

শিশু দিৱস উপলক্ষে ওদালগুৰিত বীৰ লাচিত সেনাৰ শৈক্ষিক সামগ্ৰী বিতৰণ...
প্ৰকৃতি-প্ৰেমৰ ব্যতিক্ৰমী নিদৰ্শনঃ ৰাইজে উদযাপন কৰিলে এজোপা গছৰ ওপজা দিন..

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in