প্ৰকৃতি-প্ৰেমৰ ব্যতিক্ৰমী নিদৰ্শনঃ ৰাইজে উদযাপন কৰিলে এজোপা গছৰ ওপজা দিন..

প্ৰকৃতি-প্ৰেমৰ ব্যতিক্ৰমী নিদৰ্শনঃ ৰাইজে উদযাপন কৰিলে এজোপা গছৰ ওপজা দিন..
প্ৰকৃতি-প্ৰেমৰ ব্যতিক্ৰমী নিদৰ্শনঃ ৰাইজে উদযাপন কৰিলে এজোপা গছৰ ওপজা দিন..

ডিজিটেল সংবাদ কলিয়াবৰঃ কলিয়াবৰত প্ৰকৃতি প্ৰেমৰ অনন্য নিদৰ্শন দাঙি ধৰিলে এখন গাঁৱৰ ৰাইজে। এজোপা গছৰ জন্মদিন মঙ্গলবাৰে পালন কৰিলে গাঁৱখনৰ ৰাইজে।

কলিয়াবৰৰ নিজ চিলাবন্ধা গাঁৱৰ লোকসকলৰ এই পদক্ষেপে এতিয়া দৃষ্টি আৰ্কষণ কৰিছে সকলোৰে। যিসময়ত চৌদিশে উন্নয়ণৰ নামত বন ধ্বংস যজ্ঞ চলিছে, যিসময়ত সেউজীয়া পাহাৰবোৰ এচাম দুষ্ট প্ৰকৃতিৰ লোকে কাটি তহিলং কৰিছে, সেই সময়তে নিজ চিলাবন্ধা গাঁৱৰ লোকসকলে ২০১৩ চনত ৰোপণ কৰা এজোপা অমৰা গছৰ জন্মদিন পালনৰে সকলোৰে প্ৰসংশা বুটলিবলৈ সক্ষম হৈছে।

নিজ চিলাবন্ধা গাঁৱৰ চাৰিআলিতে গাঁৱৰ কেইজনমান যুৱকে ২০১৩ চনতে ৰোপণ কৰিছিল অমৰা গছজপো। তেতিয়াৰে পৰা নিজ সন্তানৰ দৰেই লালন পালন কৰি আহিছে গছজোপাক।

প্ৰতিটো ৰোপণ কৰা দিনতে এগছিকৈ বন্তি, একোডাল মালা পিন্ধাই জন্মদিন উদযাপন কৰি আহিছে। এইবাৰ গছজোপাৰ ৰোপণ কৰা দিনটোত গাওঁবাসী একগোট হৈ ঢোল, তাল লৈ আনন্দ কৰাৰ লগতে ভোজে ভাতে খাই গছজোপাৰ দীৰ্ঘায়ু কামনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে।

প্ৰকৃতি-প্ৰেমৰ ব্যতিক্ৰমী নিদৰ্শনঃ ৰাইজে উদযাপন কৰিলে এজোপা গছৰ ওপজা দিন..
আৰক্ষীৰ জালত তীৰ মাফিয়া...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in