/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/e8f8e4c6-f045-4c48-8646-7e3e98f35643/151.jpg)
ডিজিটেল ডেস্ক: ‘২০১৪ চনৰ পূৰ্বে বিটিচিত শান্তি নাছিল। সকলো পিনে মাৰা-মাৰি, কটা-কটি অৰাজক পৰিৱেশ আছিল।‘ - এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ।
মঙলবাৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত চিৰাং জিলাৰ ২ নং বিষ্ণুপুৰস্থিত শংকৰদেৱ শিশু নিকেতন খেলপথাৰত ইউ পি পি এলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ নিৰ্বাচনী প্ৰচাৰ সভা আয়োজন কৰা হয়। উক্ত সভাত বিজেপি মিত্ৰদলটোৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ নিৰ্বাচনী চলাই মন্ত্ৰীগৰাকীয়ে।
উক্ত সভাত মন্ত্ৰী কয় - তেতিয়াৰ বিপিএফৰ দিনত বিটিআৰৰ পৰিৱেশ ইমানেই ভয় লগা আছিল যে মানুহ ৫-০০ বজাৰ পাছত ঘৰৰ পৰা বাহিৰলৈ ওলাব পৰা নাছিল। আনকি বেমাৰ হ’লেও বা বিপদত পৰিলেও মানুহ বাহিৰলৈ ওলাবলৈ ভয় কৰিছিল। সেই সময়ত অসমত কংগ্ৰেছৰ চৰকাৰ আছিল, সেই সময়ত বিটিআৰত কংগ্ৰেছৰ মিত্ৰদল বিপিএফৰ চৰকাৰ আছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/7e478fc7-397b-4cdc-a0f3-27d376cc3643/70d2b55f_5efb_4727_b1d2_77df8aa28f38.jpg)
মন্ত্ৰীগৰাকীয়ে আৰু কয় যে সেইখিনি সময়ত দিল্লীত কংগ্ৰেছৰ চৰকাৰ আছিল আৰু সেইকাৰণে বিটিআৰত হত্যাৰ ধ্বংসযজ্ঞ হৈছিল, মানুহ ভীতিগ্ৰস্ত হৈছিল। আনকি উন্নয়নৰ বাবে অহা ধনো বিপিএফৰ নেতাবিলাকে খাই পেলাইছিল বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।
কিন্তু ২০১৪ চনত যেতিয়া নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী নিৰ্বাচিত হয়, তেতিয়াৰ পৰা বিটিআৰত শান্ত স্থাপন হয়। বিটিআৰত কোনেও বন্দুক-বাৰুদ উলিয়াব নোৱাৰা হ’ল, কোনেও কাকো ভয়-ভীতি প্ৰদৰ্শন কৰিব নোৱাৰা হ’ল। এই পৰিৱেশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিলে, এই পৰিৱেশ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বুলি তেওঁ উদাত্ত কণ্ঠে ভাষণত প্ৰকাশ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/8950b841-d0fa-42cc-bdf4-8d693c35c6d6/af85b32e_4534_421a_845e_628b8e0560f3.jpg)
ইয়াৰোপৰি সভাত মন্ত্ৰীগৰাকীয়ে কয় যে বিটিআৰত বিজেপি আৰু ইউপিপিএলৰ চৰকাৰ হোৱাৰ পিছত আমি বিটিআৰত মিছন বসুন্ধৰাৰ যোগেদি এতিয়ালৈকে ৩ বছৰত ১ লাখ ১৫ হাজাৰ পৰিয়ালক মাটিৰ পট্টা দিলো। বিপিএফে ১৭ বছৰ বিটিআৰত শাসন কৰি মাত্ৰ ১৪ হাজাৰ মানুহক মাটিৰ পট্টা দিছিল। মন্ত্ৰীগৰাকীয়ে বিটিআৰত আৰু বহু লোকক মাটিৰ পট্টা দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে।
কংগ্ৰেছ আৰু বিপিএফে ইয়াত যিখিন মানুহৰ মাটিৰ পট্টা নাই তেওঁলোকক উচ্ছেদ কৰা হ’ব বুলি উলিওৱা উৰা বাতৰি সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা থকালৈকে এই মানুহখিনক উচ্ছেদ কৰাৰ কাৰো সাহস নাই। তেওঁ কয় যে ইয়াত থকা সকলোৱে মাটিৰ পট্টা পাব।
মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ দিনত, বিপিএফৰ দিনত অনুদানৰ ঘৰবিলাক কোনে বনাইছিল, ঘৰবিলাক কেনেকুৱা আছিল সেই বিষয়েও ভাষণত উল্লেখ কৰে। তেওঁ কয় যে সেই সময়ত ঘৰবিলাক আধা বনোৱাকৈ এৰিছিল, ঠিকাদাৰ, দালালে টকা খাই ঘৰ বনাইছিল, আজি আমি সেই পৰিৱেশ নাইকিয়া কৰি দিছো।
মন্ত্ৰী হাজৰীকাই পুনৰ কয় যে আজি বিটিআৰত ৩ লাখ ঘৰ হ’ল, এই ঘৰবিলাক গৃহস্থই নিজেই বনাইছে। পূৰ্ব দুৰ্নীতিৰে ঘৰ বনোৱা পৰিৱেশ সলনি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/938b776d-5267-4885-99e7-f2345b9fedcc/12f90bd9_fc86_45b3_830d_c756168bfbc5.jpg)
কংগ্ৰেছ আৰু বিপিএফৰ চৰকাৰ থাকোঁতে কোনেও বিনামূলীয়া চাউল পোৱা নাছিল। তেওঁলোকে অকল সূতা-কম্বল দিছিল আৰু বিপিএফে কেৱল সূতা-কম্বল-আঁঠুৱাৰ অৰ্ডাৰ দিছিল। কাকো সূতা-কম্বল দিয়া নাছিল কাৰণ যোগানকাৰীৰ পৰা তেওঁলোকে টকা অৰ্ডাৰ দি সমগ্ৰ টকা আত্মসাৎ কৰিছিল বুলি মন্ত্ৰীগৰাকীয়ে সভাত উল্লেখ কৰে।
ইয়াৰোপৰি বিপিএফ নেতা হাগ্ৰামা মহিলাৰীক চোকা সমালোচনা কৰে মন্ত্ৰীগৰাকীয়ে। তেঁও কয় যে সেই সময়ত হাগ্ৰামাই বেআইনীভাৱে ঠিকাদাৰক কোটি কোটি টকাৰ ঠিকা দিছিল।
সভাত ভাষণ দাঙি ধৰি মন্ত্ৰীগৰাকীয়ে ৰেচনা কাৰ্ড থাকিলে কি কি সুবিধা পায় সেই বিষয়েও ব্যাখ্যা দাঙি ধৰে। তেওঁ কয় যে এইদৰে আমি অসমখনক এখন নতুন অসম কৰিব খুজিছো। সভাত তেঁও মুখ্যমন্ত্ৰীয়ে বিটিআৰক ৫০০ কোটি টকা ওপৰঞ্চি দিয়াৰ কথাও উল্লেখ কৰে। এই টকা অকল বিটিআৰত ৰাস্তা বনোৱাৰ বাবে দিয়া হৈছে বুলি তেওঁ কয়।
বিটিআৰৰ যেতিয়া চুক্তি হৈছিল, সেই চুক্তি মতে অসম চৰকাৰৰ বিভাগসমূহে বিটিআৰত টকা দিব নোৱাৰে, কিয়নো বিটিআৰলৈ কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ পৰা ডাইৰেক্ট টকা আহে। তৎসত্ত্বেও যোৱা তিনি বছৰত মন্ত্ৰীগৰাকীয়ে বিটিআৰৰ বানপানী নিয়ন্ত্ৰণ, মথাউৰি মেৰামতিৰ বাবে জলসম্পদ বিভাগৰ অধীনত নিয়মৰ বাহিৰত গৈ ৩৫০ কোটি টকা মোকলাই দিয়াৰ কথা উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/a746c072-c6e5-4a72-bd40-3ef155517263/d8a06044_cba5_41da_8c85_0fac4399b5b3.jpg)
তেওঁ বিটিআৰৰ বানপানী সমস্যা, মথাউৰি প্ৰতিৰোধৰ বাবে আৰু অনুদান আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে। বিপিএফক সমালোচনা কৰি কয় যে বিপিএফে বিটিআৰত জংগলৰাজ চলাইছিল। ভুৱা ৰাস্তাৰ নামত টকা আনি খাইছিল, মথাউৰি নিৰ্মাণ কৰা নাছিল।
সভাত মন্ত্ৰী হাজৰীকাই অৰুণোদয় আঁচনি, মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিকে ধৰি নিবনুৱাক চাকৰি দিয়া আদিৰ বিষয়েও ভাষণত বক্তব্য দাঙি ধৰে। মন্ত্ৰীগৰাকীয়ে ৰাইজে এটা ভোটো যাতে নষ্ট নকৰে তাৰ বাবে সকলোকে আহ্বান জনাই বিজেপি ইউপিপিএল মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক বিপুল ভোটত জয়যুক্ত কৰিবলৈ আহ্বান জনায়।
উল্লেখ্য যে মন্ত্ৰীগৰাকীয়ে ইয়াৰ পিছত চিৰাং জিলাৰ মাজাৰবাৰী খেলপথাৰত আয়োজিত আন এখন নিৰ্বাচনী প্ৰচাৰ সভা সম্বোধন কৰে। এই সভাত মছজিদৰ পৰা ভাহি অহা আজানৰ শব্দ শুনি মন্ত্ৰীগৰাকী ভাষণ দিয়াৰ পৰা বিৰত থাকি আজান শেষ হোৱাৰ পিছত পুনৰ ভাষণ আৰম্ভ কৰে।
সভাত মন্ত্ৰীগৰাকীয়ে অসমৰ নিবনুৱাক মেধাৰ ভিত্তিত চাকৰি দিয়া, মহিলাক মাইক্ৰ’ফাইনেন্স ঋণৰ পৰা ৰেহাই দিয়া, অৰুণোদয় আঁচনি দিয়া, ৰেচন কাৰ্ড দিয়া আদিৰ বিষয়ে ভাষণ দাঙি ধৰে।
Also Read: পুৰণি কিতাপৰ গোন্ধ !