সাহিত্য সভাৰ সভাপতিক পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ বিপুল সম্বৰ্ধনা...

সাহিত্য সভাৰ সভাপতিক পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ বিপুল সম্বৰ্ধনা...
সাহিত্য সভাৰ সভাপতিক পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ বিপুল সম্বৰ্ধনা...

ডিজিটেল সংবাদ গোলাঘাটঃ অসম সাহিত্য সভাৰ সভাপতি পদ্মশ্ৰী ড° সূৰ্য্যকান্ত হাজৰিকাক আজি পশ্চিম গোলাঘাট শাখা সাহিত্য সভাই বিপুল সম্বৰ্ধনা জ্ঞাপন কৰে। পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক দিগন্ত কুমাৰ ভূঞা, শাখাৰ সভাপতি তথা প্ৰবীণ সাংবাদিক দ্বীপেন দত্ত, সম্পাদক স্বাগতা বৰা, উপ-সভাপতি ভোগেশ্বৰী চাংমাইৰ নেতৃত্বত অসম সহিত্য সভাৰ সভাপতি ড° সূৰ্য্যকান্ত হাজৰিকাক জিলা সাহিত্য সভাৰ কাৰ্যালয়ত গামোচা, চেলেং, জাপি, সম্বৰ্ধনা পত্ৰ, স্মাৰক, 'আমাৰ গোলাঘাট' মাহেকীয়া বাৰ্তালোচনী আদি প্ৰদান কৰি জ্ঞাপন কৰা আন্তৰিক সম্বৰ্ধনাই এক অনন্য পৰিৱেশৰ সৃষ্টি কৰে ।

সাহিত্য সভাৰ সভাপতি ড° সূৰ্য্যকান্ত হাজৰিকাৰ সহধৰ্মিনী, বিশিষ্ট লেখক, সমাজকৰ্মী ইভা হাজৰিকাকো শাখাৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় । উক্ত সম্বৰ্ধনা কাৰ্যসূচীত পশ্চিম গোলাঘাট শাখাৰ সহকাৰী সম্পাদক তনুজ কুমাৰ মহন্ত, কোষাধ্যক্ষ শৰৎ শইকীয়া, বিষয়ববীয়া ৰাজীৱ লস্কৰ,পাৰিজাত বৰুৱা,পল্লৱীকা বৰুৱা, হেমা চৌধুৰী গগৈ, জীনা বৰুৱা,পাৰ্থ ৰাজপুত, দিপ্তী নাথ, নৱ কুমাৰ বৰ্মণ, প্ৰশান্ত দুৱৰা, চন্দন কৰ্মকাৰ, সৌভিক বৰা, ভাস্কৰ বৰা, চুমী ভৰালী, দীপা বৰা, নিৰু গগৈ, নয়নমণি গায়ণ বৰা,সীমা ৰাজবংশী ৰাভা,সঞ্জীৱনী বৰা,অস্মিতা অৰ্ণালী বৰা, বিনীতা দাস, প্ৰিয়লতা চেতীয়া আদিয়ে অংশগ্ৰহণ কৰে ।

সম্বৰ্ধনা অনুষ্ঠানত পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ মাহেকীয়া বাৰ্তালোচনী 'আমাৰ গোলাঘাট' ৰাইজৰ মাজত বিনামূলীয়াকৈ বিতৰণ কৰা হয় । গোলাঘাট জিলা সাহিত্য সভাৰ সভাপতি তফজুল হক বৰবৰাৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা বিশেষ সম্বৰ্ধনা অনুষ্ঠানত গোলাঘাট জিলা সাহিত্য সভা আৰু জিলাখনৰ শাখা সাহিত্যসমূহেও অসম সাহিত্য সভাৰ সভাপতিক সম্বৰ্ধনা জ্ঞাপন কৰে ।

সম্বৰ্ধনা গ্ৰহণ কৰি অসম সাহিত্য সভাৰ সভাপতি ড° সূৰ্য্যকান্ত হাজৰিকাই দিয়া ভাষণত অসমীয়া ভাষা-সাহিত্য,সংস্কৃতিলৈ গোলাঘাট জিলাৰ বৰেণ্য ব্যক্তিসকলে আগবঢ়োৱা অমূল্য অৱদানক স্মৰণ কৰি জাতীয় অনুষ্ঠানটোক অধিক গতিশীল কৰাৰ স্বাৰ্থত সৰ্বস্তৰৰ ৰাইজৰ আন্তৰিক সহযোগিতাৰ আহ্বান জনায় ।অসম সাহিত্য সভাক নতুন গতি প্ৰদান কৰাৰ হকে সংকল্প গ্ৰহণ কৰা বুলি উল্লেখ কৰি গ্ৰহণ কৰা বিস্তৃত কৰ্মসূচী সন্দৰ্ভত প্ৰকাশ কৰে ।

জিলা সাহিত্য সভাৰ কাৰ্যালয়ৰ সমুখৰ সাহিত্যচাৰ্য চৈয়দ আব্দুল মালিকৰ প্ৰতিমূৰ্তিত তেওঁ পুষ্পাঞ্জলি অৰ্পণ কৰে । অনুষ্ঠানত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পদক দিগন্ত কুমাৰ ভূঞা, অসম সাহিত্য সভাৰ বিশেষ আমন্ত্ৰিত সদস্য পৱিত্ৰ নাথ,সুৰেন্দ্ৰমোহন হাজৰিকা,নাট্য সন্মিলনৰ কাৰ্যকৰী সভাপতি নৰেন শইকীয়া,জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৱিত্ৰ বৰবৰা, মহেশ্বৰ শইকীয়া, জিলা সাহিত্য সভাৰ উপ-সভাপতি গুণেন্দ্ৰ নাথ বৰা,প্ৰাক্তন সম্পাদক দিলীপ কুমাৰ শৰ্মা আদি উপস্থিত থাকে ।

সাহিত্য সভাৰ সভাপতিক পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ বিপুল সম্বৰ্ধনা...
কাশ্মীৰত আজি ছহিদ হোৱা সেনাৰ সংখ্যা বৃদ্ধি পালে ৫ জনলৈঃ এতিয়াও অব্যাহত আছে সংঘৰ্ষ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in