/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/90366609-2823-4cfb-83eb-f5ec7de578be/btr_17.jpg)
প্ৰমোদ বড়োৰ বাসগৃহত ইউপিপিএলৰ যোগদান কাৰ্যসূচীঃ প্ৰাক্তন আছু নেতাসহ ডেৰ শতাধিকৰ যোগদান...
ডিজিটেল সংবাদ তামুলপুৰঃ দেওবাৰে বি টি আৰ প্ৰধান প্ৰমোদ বড়োৰ তামুলপুৰস্থিত নিজা বাসগৃহত এক যোগদান সভা অনুষ্ঠান অনুষ্ঠিত হয়। তামুলপুৰ জিলা ইউ পি পি এলৰ উপ-সভাপতি বৰুণ ৰামছিয়াৰীৰ সঞ্চালনাত অনুষ্ঠিত সভাখনৰ আঁত ধৰে গয়বাৰী ব্লক ইউ পি পি এলৰ সাধাৰণ সম্পাদক কবিন চন্দ্ৰ বসুমতাৰীয়ে ।
এই অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন ৰাজ্যিক কাৰ্যনিৰ্বাহক অজয় বড়োৰ লগতে ১৬২ গৰাকী যুৱক-যুৱতী, পুৰুষ, মহিলাই আনুষ্ঠানিকভাৱে ইউ পি পি এল দলত যোগদান কৰে। আটাইকেইগৰাকীক দললৈ উষ্ম আদৰণি জনায় বি টি আৰ প্ৰধান তথা দলৰ সভাপতি প্ৰমোদ বড়োৱে ।
নিজৰ ভাষণত প্ৰমোদ বড়োৱে কয়, বি টি আৰত আমি তিনিটা উদেশ্য লৈ কাম কৰিছোঁ। সেই তিনিওটা কামেই ইতিমধ্যে সম্পূৰ্ণ হৈছে । প্ৰথম কাম হ'ল বিটিআৰত শান্তি প্ৰতিষ্ঠা কৰা। ইতিমধ্যে বিটিআৰত স্থায়ী শান্তি প্ৰতিষ্ঠা হৈ গ'ল ।
দ্বিতীয়তে নিৰাপত্তা প্ৰদান কৰা । বিটিআৰবাসী ৰাইজ এতিয়া নিৰাপত্তাহীনতাত ভুগিব লগা হোৱা নাই । বিটিআৰৰ ৰাইজে এতিয়া মুক্ত মনে ঘুৰা ফুৰা কৰিব পৰা হৈছে, শংকাহীনভাৱে বিভিন্ন উৎসৱ, পাৰ্বন অনুষ্ঠিত কৰিব পৰা এক পৰিবেশ নিৰ্মাণ হৈছে ।
তৃতীয়তে আছিল ঐক্যতা। ইতিমধ্যে বিটিআৰত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত একতাৰভাৱ বিৰাজ কৰিছে। তেওঁ আকৌ কয় বিগত সোঁতৰ বছৰে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন চৰকাৰখনে উন্নয়নৰ বাবে একো নকৰিলে। কিন্তু আমি মাত্ৰ তিনি বছৰতে বিটিআৰত অতি ক্ষিপ্ৰতাৰে উন্নয়নৰ কাম কৰিবলৈ সক্ষম হৈছোঁ ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/2f05b733-477d-4ce2-83c6-705658d3d60a/d8ad42f6_4bd2_4cf5_852a_3c35833f5de9.jpg)
ইপিনে ইউপিপিএল দলত যোগদান কৰি প্ৰাক্তন আছু নেতা অজয় বড়োৱে কয় বিগত সময়চোৱাত বিপিএফৰ নেতৃত্বত পৰিচালিত চৰকাৰখনৰ দিনত বিটিআৰ অঞ্চলত হত্যা হিংসা ধন দাবী চলিছিল । দাবী ধমকিৰে একাংশ ভোটাৰক ভোট দান কৰোৱা হৈছিল। কিন্তু প্ৰমোদ বড়োৰ নেতৃত্বত বিটিআৰত এক স্থায়ী শান্তি প্ৰতিষ্ঠা হৈছে ।
শান্তিৰ সমান্তৰালভাৱে বিটিআৰত হৈছে ক্ষীপ্ৰ উন্নয়ন। ইউপিপিএল দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ তেওঁ ইউপিপিএল দলত যোগদান কৰা বুলি মন্তব্য কৰি কয় বিপিএফৰ দিনত চলা হত্যা হিংসাৰ অৱসান ঘটাবলৈ নব কুমাৰ শৰণীয়াই অবড়োৰ ৰাজনীতি কৰি ইয়াত শাসন কৰাৰ যি সপোন ৰচিছিল সেয়া বাস্তৱায়িত নহ'ল । কাৰণ বিভেদৰ ৰাজনীতি এতিয়া কোনেও নিবিচাৰে। এতিয়া মানুহে শান্তি বিচাৰে। য'ত শান্তি নাই তাত উন্নয়নৰ কোনো মূল্য নাই । কিন্তু তামুলপুৰৰ সন্তান প্ৰমোদ বড়োৰ নেতৃত্বত শান্তিৰ সমান্তৰালভাৱে উন্নয়নৰ যি পৰিকল্পনা ৰচনা কৰিছে, তাক যিয়ে এবাৰ অনুধাৱন কৰিব পাৰে তেখেতসকলে নিশ্চয় দলটোৰ নীতি আদৰ্শৰ প্ৰতি নিশ্চয়কৈ আকৃষ্ট হ'ব ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/dd8030c7-fd98-4be5-a712-7ef70096f15e/ac4431b3_19e0_4720_ba26_5c7e205081a2.jpg)
ইপিনে অনুষ্ঠানত বিটিআৰৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্ম, এম চি এল এ পবিত্ৰ কুমাৰ বড়ো, প্ৰাক্তন বিধায়ক চণ্ডী বসুমতাৰী, প্ৰাক্তন এম চি এল এ মদন মোহন মোছাহাৰী, তামুলপুৰ পৌৰ সভাৰ পৌৰপতি বাণীকান্ত বসুমতাৰী, তামুলপুৰ জিলা ডব্লিউ পি টিৰ অধ্যক্ষ বানেশ্বৰ বড়ো, তামুলপুৰ জিলা যুৱ ইউপিপিএলৰ সম্পাদক উৎপল তালুকদাৰ আদিকে ধৰি কেইবাজনো নেতা কৰ্মী উপস্থিত থাকে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/c7e473de-a408-4c4d-b74d-4bdcb9801d54/ddb0a6f0_7493_400a_a1ed_bdf457e43220.jpg)
Also Read: পৰিত্যক্ত, অৱহেলিত, অপমানিত জননেতা তথা প্ৰয়াত মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহৰ প্ৰতিমূৰ্তি...