পৰিত্যক্ত, অৱহেলিত, অপমানিত জননেতা তথা প্ৰয়াত মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহৰ প্ৰতিমূৰ্তি...

পৰিত্যক্ত, অৱহেলিত, অপমানিত জননেতা তথা প্ৰয়াত মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহৰ প্ৰতিমূৰ্তি...
পৰিত্যক্ত, অৱহেলিত, অপমানিত জননেতা তথা প্ৰয়াত মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহৰ প্ৰতিমূৰ্তি...

ডিজিটেল সংবাদ বিলাসীপাৰাঃ পৰ্বতঝোৰা মহকুমাৰ বগৰীবাৰীৰ ঐতিহাসিক ২৫ হাত কালী মন্দিৰৰ সন্মুখত ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত প্ৰয়াত মুখ্যমন্ত্ৰী জননেতা শৰৎ চন্দ্ৰ সিংহৰ প্ৰতিমূৰ্তি পৰিত্যক্ত অৱস্থাত পৰি থকা পৰিলক্ষিত হৈছে । গৃহ ভূমি চাপৰৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ নিলগত এনেদৰে অপমান কৰা পৰিলক্ষিত হৈছে জননেতা প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীক।

জননেতাগৰাকীৰ প্ৰতি এনে অবহেলা আৰু চৰম অপমান আৰু অসম্মানৰ বিৰুদ্ধে বিলাসীপাৰাৰ বিভিন্ন ছাত্ৰ সংগঠন আৰু সমাজখনৰ সচেতন মহল তথা অৰণ্য সুৰক্ষা সমিতি অসমৰ সভাপতি ড° হৰিচৰণ দাসে তীব্ৰ ভাষাৰে গৰিহনা দিছে।

ইয়াৰোপৰি অনতিপলমে জিলা প্ৰশাসনে জননেতা শৰৎ চন্দ্ৰ সিংহৰ প্ৰতিমূৰ্তি উদ্ধাৰ কৰি উচিত স্থানত স্থাপন কৰি নেতাগৰাকীক সম্মান প্ৰৰ্দশন কৰাৰ বাবে অনুৰোধ জনায়।

পৰিত্যক্ত, অৱহেলিত, অপমানিত জননেতা তথা প্ৰয়াত মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহৰ প্ৰতিমূৰ্তি...
সদ্য প্ৰয়াত অভিনেতা জয়ন্ত দাসলৈ কঠীয়াতলী প্ৰেছ ক্লাৱৰ শ্ৰদ্ধাঞ্জলি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in