কোকৰাঝাৰত ইউপিপিএল-অগপৰ বৈঠক

১৪ খন আসনত জিকিব এনডিএৰ প্ৰাৰ্থী : মন্ত্ৰী অতুল বৰা
কোকৰাঝাৰত ইউপিপিএল-অগপৰ বৈঠক

ডিজিটেল সংবাদ,কোকৰাঝাৰঃ ১ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক নিৰ্বাচনী ৰণত জিকাবলৈ ইউপিপিএল দলে উঠিপৰি লাগিছে। প্ৰতিদিনে ইউপিপিএলৰ সভাপতি তথা বিটিচি প্ৰধান প্ৰমোদ বড়োৱে বিভিন্ন ৰাজনৈতিক - অৰাজনৈতিক দল -সংগঠনৰ নেতৃবৰ্গৰে সঘনাই বৈঠকত মিলিত হৈছে।

ইয়াৰে অংশস্বৰূপে শুকুৰবাৰে কোকৰাঝাৰত মিত্ৰদল অগপৰ সতে ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয়। কোকৰাঝাৰৰ চন্দ্ৰপাৰাস্থিত প্ৰমোদ বড়োৰ বাসভৱনত আজি আয়োজিত ৰুদ্ধদ্বাৰ বৈঠকত অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা, মন্ত্ৰী কেশৱ মহন্ত, অগপৰ জ্যেষ্ঠ নেতা ভূপেন ৰায়কে ধৰি বিটিচিৰ ৯ টা পৰিষদীয় সমষ্টিৰ অগপৰ নেতা-কৰ্মীসকল উপস্থিত থাকে।

উক্ত বৈঠকত কোকৰাঝাৰ লোকসভা সমষ্টিৰ এনডিএৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ বিজয় নিশ্চিত কৰাৰ বাবে অগপ আৰু ইউপিপিএলে পণ লয় আৰু বিভিন্ন ৰণকৌশল গ্ৰহণ কৰে বুলি জানিব পৰা গৈছে। ইপিনে অগপ আৰু ইউপিপিএলৰ বৈঠকৰ অন্তত অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই এনডিএৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ বিজয় নিশ্চিত কৰাৰ বাবে ঐক্যবদ্ধভাৱে যুঁজ দিব বুলি মন্তব্য কৰে।

প্ৰমোদ বড়োক প্ৰশংসা কৰি তেওঁৰ নেতৃত্বতে অঞ্চলটোত শান্তি, নিৰাপত্তা আৰু উন্নয়ন সম্ভৱ হৈছে বুলি মন্তব্য কৰে অতুল বৰাই। ইয়াৰোপৰি অসমৰ ১৪ খন লোকসভাৰ আসনৰ ভিতৰত ১২ খন বিজেপিয়ে ,২ খন অগপই আৰু এখন ইউপিপিএলে অৰ্থাৎ ১৪ খন আসনেই এনডিএই লাভ কৰিব বুলি মন্তব্য কৰে অতুল বৰাই ।

ইপিনে অগপৰ কাৰ্যকৰী সভাপতি তথা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই সংবাদমাধ্যমৰ আগত প্ৰমোদ বড়োৰ নেতৃত্বতে জাতি -জনগোষ্ঠীৰ মাজত সমন্বয় আহিছে বুলি মন্তব্য কৰি কোকৰাঝাৰ লোকসভা সমষ্টিত এনডিএৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ বিজয় নিশ্চিত বুলি দাবী কৰে। আনহাতে বৈঠকৰ অন্তত ইউপিপিএলৰ সভাপতি তথা বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই এইবেলি শান্তি,নিৰাপত্তা আৰু উন্নয়ন মূল নিৰ্বাচনী ইচ্ছু হ'ব বুলি সদৰী কৰে।

"দশকৰ পিছত দশক ধৰি অশান্তজৰ্জৰ হৈ থকা অঞ্চলটোত এতিয়া শান্তি-সম্প্ৰীতি-ভাতৃত্ববোধ -নিৰাপত্তা বিৰাজ কৰিছে। জনসাধাৰণে নিজকে সুৰক্ষিত অনুভৱ কৰিছে। পূৰ্বতে হত্যা -হিংসা- ভাবুকি , ভাতৃঘাতী সংঘৰ্ষ,জাতিগত সংঘৰ্ষই জনজীৱন অস্থিৰ কৰি তুলিছিল আৰু একমাত্ৰ ৰাজনৈতিক স্বাৰ্থৰ বাবেই বিপিএফে উক্ত গুৰুতৰ সমস্যাসমূহ আওকান কৰিছিল" বুলি প্ৰমোদ বড়োৱে মন্তব্য কৰে। জনতাই শান্তি , নিৰাপত্তা আৰু উন্নয়নৰ বাবেই এনডিএৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক বিপুল ভোটত জয়যুক্ত কৰাব বুলিও প্ৰমোদ বড়োৱে কয়।

কোকৰাঝাৰত ইউপিপিএল-অগপৰ বৈঠক
তিতাবৰ ডায়েটত চাফাই অভিযান কাৰ্যসূচী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in