তিতাবৰ ডায়েটত চাফাই অভিযান কাৰ্যসূচী

তিতাবৰ ডায়েটত চাফাই অভিযান কাৰ্যসূচী

ডিজিটেল সংবাদ,বেকাজান : ৰাষ্ট্ৰীয় সেৱা আঁচনি(এন এচ এচ) গোট,জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান( ডায়েট)যোৰহাটৰ উদ্যোগত শুকুৰবাৰে চাফাই অভিযান চলোৱা হয়। "মোৰ প্ৰথম ভোট দেশৰ বাবে" শীৰ্ষক অভিযানৰ লগত সংগতি ৰাখি আজিৰ এই চাফাই কাৰ্যসূচী হাতত লোৱা হয় বুলি উদ্যোক্তাই জানিবলৈ দিয়ে।

স্বচ্ছ ভাৰতৰ বাবে কৰা এই কাৰ্যসূচীত নেতৃত্ব প্ৰদান কৰে এন এছ এছ গোটৰ বিষয়া তথা ডায়েট যোৰহাট,তিতাবৰৰ প্ৰবক্তা সুমিত কুমাৰ থাপাই। ইয়াৰ লগতে প্ৰতিষ্ঠানৰ প্ৰবক্তা নেত্ৰ গগৈ আৰু বিকাশ পেগু উপস্থিতি থাকে।

জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান ( ডায়েট) যোৰহাটৰ বি এড ২য় ষান্মাসিক আৰু ডি এল এড ১ম ষান্মাসিকৰ প্ৰশিক্ষাৰ্থী তথা ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্ছাসেৱক লগ হৈ প্ৰতিষ্ঠানৰ চৌপাশ,বাছ আস্থান আদিকে ধৰি বিভিন্ন এলেকাত চাফাই অভিযান চলায়।

অভিযানত ভাগ লোৱা প্ৰশিক্ষাৰ্থীসকল আছিল ক্ৰমে - দীপামণি বৰা, ছুইটী গগৈ , হিমাদ্ৰী তনয়া মহন্ত, সাগৰিকা গোস্বামী, সাগৰিকা গগৈ, উৰ্বশী চেতিয়া, তুলিকা ৰাণী বৰুৱা, শৰৎ গগৈ প্ৰাণজিৎ বৰা, দেৱাশীষ নেওগ, ঋতুস্না সোণোৱাল, শোভা কৰ্মকাৰ, বৰ্ণালী গগৈ, জিম্পি বৰদলৈ, ৰিম্পি বৰা, অংকিতা বৰা, অভিনাশ শইকীয়া, ৰন্তু ৰঞ্জন কোঁ‌ৱৰ, দেবাংগ গগৈ, নয়ন সোণোৱাল, ৰাজপল বৰুৱা, টিংকু পাৱেং আৰু ৰেৱিকা পেগু ।

তিতাবৰ ডায়েটত চাফাই অভিযান কাৰ্যসূচী
কংগ্ৰেছ এতিয়া ICUত,কংগ্ৰেছৰ বেলুন শীঘ্ৰেই ফুটিব : বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্ত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in