কি হৈছে বড়োলেণ্ডত ! আটক এজনৰ পাছত আনজন শীৰ্ষস্থানীয় ব্যক্তি...

কি হৈছে বড়োলেণ্ডত ! আটক এজনৰ পাছত আনজন শীৰ্ষস্থানীয় ব্যক্তি...

ডিজিটেল ডেস্ক : শুক্ৰবাৰে নিশাৰ পৰাই উত্তপ্ত পৰিস্থিতি বড়োলেণ্ডত । কোকৰাঝাৰত মাজনিশা আইন বৰ্হিভূত উপায়েৰে আৰক্ষীয়ে আটক কৰে তিনি জনকৈ শীৰ্ষ স্থানীয় ব্যক্তিক । বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ ক‍াৰ্যকৰী সভাপতি দাওৰাও দেখ্ৰেব নাৰ্জাৰীক কোকৰাঝাৰস্থিত নিজা বাসগৃহৰ পৰা আৰক্ষীয়ে আটক কৰে মাজনিশা প্ৰায় ২.৩০ বজাত ।

পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি চৌহদৰে দেৱাল পাৰ হৈ কোকৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল নাৰ্জাৰীক । আনহাতে, এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰাৰ কাৰণ বাখ্যা কৰা নাই আৰক্ষীয়ে ।

ইয়াৰ ওপৰিও আটক কৰা হয় বড়োলেণ্ড ঠিকাদাৰ সন্থাৰ সভাপতি বিক্ৰম দৈমাৰী তথা বিপিএফৰ নেতা, প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰীকো নিশাই আৰক্ষীয়ে আটক কৰে মুছলপুৰৰ পৰা । হিতেশ বসুমতাৰীৰ বাসগৃহত চলা অভিযানত উদ্ধাৰ বৃহৎ সংখ্যক মাৰণাস্ত্ৰ ।

উল্লেখ্য যে, আৰক্ষীয়ে এই সন্দৰ্ভত কোনো তথ্য প্ৰকাশ নকৰিলেও আৰক্ষী থানাত পৰিলক্ষিত হৈছে জিলাখনৰ আৰক্ষী উপায়ুক্ত তথা অতিৰিক্ত আৰক্ষী উপায়ুক্তক । তেনেস্থলত ঘটনাৰ গুৰুত্ব সহজেই অনুমেয় ।

প্ৰাক্তন বিধায়ক এগৰাকীৰ বাসগৃহত কিহৰ বাবে ৰখা হৈছিল এ কে ৰাইফল, মেগজিন আৰু গুলী ? ইয়াৰ সৈতে আছে নেকি দাওৰাও দেখ্ৰেব নাৰ্জাৰী আৰু বিক্ৰম দৈমাৰীৰ সম্পৰ্ক ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in