ইউনাইটেড চিৰাং দুৱাৰ ফুটবল ক্লাবৰ খেলুৱৈ বাচনি শিৱিৰ সম্পন্ন...

ইউনাইটেড চিৰাং দুৱাৰ ফুটবল ক্লাবৰ খেলুৱৈ বাচনি শিৱিৰ সম্পন্ন...

author-image
Asomiya Pratidin
New Update
ইউনাইটেড চিৰাং দুৱাৰ ফুটবল ক্লাবৰ খেলুৱৈ বাচনি শিৱিৰ সম্পন্ন...

ইউনাইটেড চিৰাং দুৱাৰ ফুটবল ক্লাবৰ খেলুৱৈ বাচনি শিৱিৰ সম্পন্ন...

ডিজিটেল সংবাদ চিৰাং: চিৰাঙত অসম ফুটবল সন্থাৰ নৱ-নিৰ্বাচিত সম্পাদক ড° ছাংগ্ৰাং ব্ৰহ্ম আৰু অসমৰ স্বনামধন্য ফুটবল খেলুৱৈ হলিচৰণ নাৰ্জাৰীৰ উপস্থিতিত ইউনাইটেড চিৰাং দুৱাৰ ফুটবল ক্লাবৰ খেলুৱৈ বাচনি শিৱিৰৰ শুভাৰম্ভ কৰা হয়। চিৰাং জিলা সদৰ কাজলগাঁওস্থিত প্ৰেমসিং ব্ৰহ্ম ষ্টেডিয়ামত ইউনাইটেড চিৰাং দুৱাৰ ফুটবল ক্লাবৰ খেলুৱৈ বাচনি শিৱিৰত অসমৰ বিভিন্ন জিলাৰ পৰা অহা খেলুৱৈৰ উপৰিও মধ্যপ্ৰদেশ, ৰাজস্থান, পশ্চিমবঙ্গ, মেঘালয়কে আদি কৰি কেইবাখনো ৰাজ্যৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰে ।

Advertisment

এই বাচনি শিৱিৰত উপস্থিত হৈ হলিচৰন নাৰ্জাৰীয়ে কয় যে, অসমত বহু ভাল ভাল খেলুৱৈ আছে কিন্ত খেলৰ বাবে উপযুক্ত প্ৰশিক্ষণ নোপোৱাৰ বাবে ওলাই অহা নাই খেলুৱৈসকল। গতিকে অসম ফুটবল সন্থাই এই ক্ষেত্ৰত গুৰুত্ব দিলে নিশ্চয় পৰৱৰ্তী সময়ত ভাল ভাল খেলুৱৈ পাব। অসম তথা দেশে ভাল খেলুৱৈ লাভ কৰিব ।

গাঁৱৰ পৰা ওলাই অহা খেলুৱৈক সুবিধা দিয়াৰ বাবে একাডেমীৰ জৰিয়তে প্ৰশিক্ষণ দি বিভিন্ন লীগ অনুষ্ঠিত কৰিব লাগিব আৰু তেতিয়াহে খেলুৱৈসকলে নিজৰ পাৰদৰ্শিতা তথা প্ৰতিভা দেখুওৱাৰ সুবিধা পাব বুলি কয় নাৰ্জাৰীয়ে। ইউনাইটেড চিৰাং দুৱাৰ ফুটবল দলৰ খেলুৱৈ বাচনি প্ৰক্ৰিয়াৰ শলাগ লয় হলিচৰন নাৰ্জাৰীয়ে।

অসম ফুটবল সন্থাৰ সম্পাদক তথা ইউনাইটেড চিৰাং দুৱাৰ ফুটবল ক্লাবৰ স্বত্বাধিকাৰী ড° ছাংগ্ৰাং ব্ৰহ্মই কয়, আমি ইউনাইটেড চিৰাং দুৱাৰ ফুটবল ক্লাৱৰ খেলুৱৈ বাচনি প্ৰক্ৰিয়া আৰম্ভ কৰিছো য'ত অসমৰ বিভিন্ন জিলাৰ পৰা খেলুৱৈ অহাৰ লগতে অসমৰ বাহিৰৰ বিভিন্ন ৰাজ্যৰ পৰা খেলুৱৈ আহি অংশগ্ৰহণ কৰিছে। এয়া নিশ্চয়কৈ ফুটবলৰ বাবে শুভ লক্ষণ।

ইউনাইটেড চিৰাং দুৱাৰ ফুটবল দলৰ দৰে আন আন দল সমূহ ওলাই আহিলে নিশ্চয় খেলুৱৈসকলে সুবিধা পাব আৰু যুৱকসকলে বিভিন্ন অসামাজিক কাৰ্য্যকলাপৰ পৰা আঁতৰি আহিব । তেতিয়াহে আমি সুন্দৰ এখন সমাজ গঠন কৰিবলৈ সক্ষম হম বুলি মন্তব্য কৰে অসম ফুটবল সন্থাৰ সম্পাদক ড° ছাংগ্ৰাং ব্ৰহ্মই।

Also Read: ঢকুৱাখনা অসামৰিক চিকিৎসালয়ত উপৰাষ্ট্ৰীয় টীকাকৰণ অভিযান আৰম্ভ...

ফুটবল চিৰাং