ওদালগুৰিত অসম উন্নতি সভা আৰু অসম সেনাৰ জিলা সমিতি গঠন...

ওদালগুৰিত অসম উন্নতি সভা আৰু অসম সেনাৰ জিলা সমিতি গঠন...

author-image
Asomiya Pratidin
New Update
ওদালগুৰিত অসম উন্নতি সভা আৰু অসম সেনাৰ জিলা সমিতি গঠন...

ওদালগুৰিত অসম উন্নতি সভা আৰু অসম সেনাৰ জিলা সমিতি গঠন...

ডিজিটেল সংবাদ ওদালগুৰিঃ সদৌ অসম ছাত্ৰ সন্থাৰ ভাতৃ সংগঠন অসম উন্নতি সভা আৰু অসম সেনা পুনৰ সক্ৰিয় কৰাৰ প্ৰচেষ্টা হাতত লৈছে ছাত্ৰ সংগঠনটোৱে। সদৌ অসম ছাত্ৰ সন্থাৰ নিৰ্দেশ অনুসৰি ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ আহ্বানত আজি ওদালগুৰিৰ আডামচ্ ৰেষ্টুৰেন্টৰ প্ৰেক্ষাগৃহত এখন সভা অনুষ্ঠিত হয়।

Advertisment

সভাখনত জিলাখনৰ কলাইগাওঁ, টংলা, হৰিশিঙা, খৈৰাবাৰী আৰু ওদালগুৰি আঞ্চলিক সমিতিৰ ১০ জনকৈ প্ৰতিনিধিয়ে অংশগ্ৰহন কৰে। জিলা ছাত্ৰ সন্থাৰ সভাপতি প্ৰাঞ্জল পাটোৱাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাখন আনুষ্ঠানিক ভাৱে মুকলি কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক বিতোপন দাসে।

সভাত আছুৰ দৃষ্টি ভংগী আৰু ভাতৃ সংগঠন দুটাৰ লক্ষ্য আৰু উদ্দেশ্য দাঙি ধৰে আছুৰ কেন্দ্ৰীয় উপ-সভাপতি জয়ন্ত কুমাৰ ভট্টাচাৰ্যই। উক্ত সভাতে গৌতম জ্যোতি তালুকদাৰক মুখ্য আহ্বায়ক, হীৰেন নাথ, প্ৰফুল্ল হাজৰিকা, দেৱজিৎ ৰাভা, জোন ডেকা, বিপুল মজুমদাৰক আহ্বায়ক হিচাপে লৈ মুঠ ১৩ জনীয়া সমিতিৰে অসম সেনাৰ ওদালগুৰি জিলা সমিতিখন গঠন কৰা হয়।

সমান্তৰালভাৱে উক্ত সভাতে ঘনকান্ত ডেকাক সভাপতি, অখিল কলিতাক সাধাৰণ সম্পাদক, বিপিন ডেকা, সুৰেন্দ্ৰনাথ ডেকা, হেমন্ত ডেকা, বিৱেক দাস, দুলাল ডেকাক উপ-সভাপতি, গুনজিৎ দাসক প্ৰচাৰ সম্পাদক, সনাতন শইকীয়াক সাংগঠনিক সম্পাদক, হেমেন চৌধুৰীক কাৰ্যালয় সম্পাদক, অনন্ত দেৱ শৰ্মাক জন সম্পৰ্কৰক্ষী সম্পাদক হিচাপে লৈ অসম উন্নতি সভা ওদালগুৰি জিলা সমিতিখন গঠন কৰা হয়। উক্ত সমিতি দুখনে আগন্তুক দিনত সংগঠনটোক অধিক সক্ৰিয় কৰিব বুলি আশা প্ৰকাশ কৰে।

Also Read: মথুৰাপুৰত চোৰে লুটি নিলে নগত টকাসহ আ-অলংকাৰ...

ওদালগুৰি