মথুৰাপুৰত চোৰে লুটি নিলে নগত টকাসহ আ-অলংকাৰ...

মথুৰাপুৰত চোৰে লুটি নিলে নগত টকাসহ  আ-অলংকাৰ...
মথুৰাপুৰত চোৰে লুটি নিলে নগত টকাসহ আ-অলংকাৰ...
Published on
Updated on

ডিজিটেল সংবাদ মথুৰাপুৰঃ চৰাইদেউ মথুৰাপুৰ আৰক্ষীৰ চূড়ান্ত ব্যৰ্থতা উদঙাই অঞ্চলটোত ব্যাপক হাৰত সংঘটিত হৈছে চুৰি ঘটনা৷ এইবাৰ মথুৰাপুৰ আৰক্ষী থানাৰ পৰা প্ৰায় ১০০ মিটাৰ নিলগৰ এটা বাসগৃহত যোৱা নিশা চোৰৰ চাফাই অভিযান চলিল ৷

চোৰে লুটি নিলে সোণৰ আ-অলংকাৰ, মূল্যবান সামগ্ৰীসহ নগত ৮০,০০০ টকা৷ আফটাৰ আহমেদ নামৰ যুৱ-ব্যৱসায়ীগৰাকীৰ বাসগৃহত সংঘটিত হৈছে চুৰিকাণ্ড ৷

নিশা ব্যৱসায়ীগৰাকী পৰিয়ালসহ আত্মীয়ৰ ঘৰত ফুৰিবলৈ যাওঁতে চোৰে চলালে লুটপাত ৷ চুৰি হোৱা সামগ্ৰীসমূহৰ ভিতৰত আছিল সোণৰ আঙঠি দুটা আৰু সোণৰ চেইন এডাল আৰু নগদ ধন ৷

বাথৰুমৰ চালিৰ টিনপাত ফুটা কৰি শোৱা কোঠাত প্ৰৱেশ কৰি গডৰেজৰ লক ভাঙি এই চুৰিকাণ্ড সংঘটিত কৰে চোৰে ৷ চুৰিকাণ্ড সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে চোৰৰ কোনো শুংসূত্ৰ লাভ কৰা নাই।

মথুৰাপুৰত চোৰে লুটি নিলে নগত টকাসহ  আ-অলংকাৰ...
ঢকুৱাখনা জিলা চুতীয়া জাতি সন্মিলনৰ পূৰ্ণাংগ সমিতি গঠন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in