বৰপেটাত বিপিএফৰ প্ৰাৰ্থী হ'ব কংগ্ৰেছ ত্যাগী আব্দুল খালেক !

বৰপেটা সমষ্টিত দলীয় প্ৰাৰ্থী বিচাৰি ৩ জিলাৰ বিপিএফ নেতৃত্বৰ সংবাদ মেল
বৰপেটাচ বিপিএফৰ প্ৰাৰ্থী হ'ব কংগ্ৰেছ ত্যাগী আব্দুল খালেক !
বৰপেটাচ বিপিএফৰ প্ৰাৰ্থী হ'ব কংগ্ৰেছ ত্যাগী আব্দুল খালেক !

ডিজিটেল সংবাদ চিৰাংঃ আগন্তুক লোকসভা নিৰ্বাচনক লৈ হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন বিপিএফ দলে ইমান দিনে কোকৰাঝাৰ আৰু দৰং-ওদালগুৰি লোকসভা সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ কথা কৈ আছিলে। কিন্তু আজি হঠাতেই কোকৰাঝাৰ আৰু দৰং-ওদালগুৰি লোকসভা সমষ্টি দুটাৰ বাদেও নতুনকৈ বৰপেটা লোকসভা সমষ্টিত বিপিএফ দলৰ পৰা প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ দাবী উত্থাপিত হৈছে।

কাৰণ আজি চিৰাং জিলাৰ ছামঠাইবাৰীস্থিত বাথৌ খেৰাই ৰিজৰ্টত বৰপেটা লোকসভা সমষ্টিত নতুনকৈ বিপিএফ দলৰ পৰা প্ৰাৰ্থীত্ব বিচাৰি সংবাদ মেল অনুষ্ঠিত কৰা দেখিবলৈ পোৱা যায়। সংবাদ মেল সম্বোধন কৰে নলবাৰী, বৰপেটা আৰু বঙাইগাঁও জিলা বিপিএফ নেতৃবৃন্দসকলে ।

সংবাদ মেলত বৰপেটা জিলা বিপিএফৰ সভাপতি শৰৎ স্বৰ্গীয়াৰী, সাধাৰণ সম্পাদক মোজাম্মিল হক, নলবাৰী জিলা বিপিএফৰ সম্পাদক দিগম্বৰ বৰ্মন, মহিলা কোষৰ নেত্ৰী কুন্তলা মেধী আৰু বঙাইগাঁও জিলা বিপিএফৰ সাধাৰণ সম্পাদক ফুংখা ব্ৰহ্ম সমন্বিতে অন্যান্য দলীয় কৰ্মীৰ উপস্থিতিত আগন্তুক লোকসভা নিৰ্বাচনত ৩ নং বৰপেটা লোকসভা সমষ্টিত বিপিএফ দলৰ পৰা প্ৰাৰ্থী নিক্ষেপ কৰাৰ কথা সদৰি কৰে।

এই প্ৰাৰ্থীত্ব সন্দৰ্ভত তিনিওখন জিলা সমিতিৰ পৰা বিপিএফ দলৰ কৰ্ণধাৰ সমিতিলৈ এখন দাবী পত্ৰ প্ৰদান কৰা হৈছে । সংবাদ মেলত উল্লেখ কৰে যে, শনিবাৰে যিহেতু এইখন বাথৌ খেৰাই ৰিজৰ্টতে বিপিএফ দলৰ ৮২ সংখ্যক কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সভা অনুষ্ঠিত হ'ব আৰু এই কাৰ্য্যনিৰ্বাহক সভাৰ পিছতেই কোকৰাঝাৰ আৰু দৰং-ওদালগুৰি লোকসভাৰ প্ৰাৰ্থীৰ নাম ঘোষনা কৰিব। সেই কাৰ্য্যনিৰ্বাহক সভাত দলৰ নেতৃত্বই নিশ্চয় বৰপেটা লোকসভা সমষ্টিৰ বাবে এজন শক্তিশালী প্ৰাৰ্থী ঘোষণা কৰিব বুলি আশা প্ৰকাশ কৰে ।

ইপিনে আকস্মিকভাবে আজি বৰপেটা লোকসভা সমষ্টিত বিপিএফ দলৰ প্ৰাৰ্থীত্ব দাবী কৰি সংবাদ মেল সম্বোধন কৰাৰ আৰঁত এটা বিষয় চৰ্চা লাভ কৰিছে সদ্য কংগ্ৰেছ দল ত্যাগ কৰা সাংসদ আব্দুল খালেক। কাৰণ আজিৰ দিনটোতে কংগ্ৰেছ দলৰ পৰা ধুবুৰী লোকসভা সমষ্টিত টিকট দাবী কৰি টিকটৰ পৰা বঞ্চিত হোৱা বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেকে কংগ্ৰেছ দলৰ ত্যাগ কৰাৰ পিছ মুহূৰ্ততে বৰপেটা লোকসভা সমষ্টিক লৈ বিপিএফ দলে আৰম্ভ কৰিছে নতুন সমীকৰণ।

বিশেষ সূত্ৰৰ মতে সদ্য কংগ্ৰেছ দল ত্যাগ কৰা সাংসদ আব্দুল খালেক এইবেলি বৰপেটা লোকসভা সমষ্টিত বিপিএফ দলৰ টিকটত নিৰ্বাচনী যুজত অৱতীৰ্ণ হ'ব পাৰে। এই সন্দৰ্ভত আব্দুল খালেক আৰু বিপিএফ দলৰ প্ৰধান হাগ্ৰামা মহিলাৰীৰ মাজত ফোনত এলানি আলোচনাও অনুষ্ঠিত হৈছে বুলি সূত্ৰই দাবী কৰিছে। সূত্ৰই দাবী কৰা ধৰণে যদি হয় তেনেহলে বৰপেটা লোকসভা সমষ্টিৰ এইবেলিৰ নিৰ্বাচন যথেষ্ট আকৰ্ষণীয় হ'ব বুলি ধাৰনা কৰা হৈছে ।

বৰপেটাচ বিপিএফৰ প্ৰাৰ্থী হ'ব কংগ্ৰেছ ত্যাগী আব্দুল খালেক !
সৰুপথাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ ক্ষেত্ৰভিত্তিক অধ্যয়ন সম্পন্ন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in