ভাল হাজিৰা কাম দিয়াৰ নামত দুই যুৱতীক যৌন নিৰ্যাতন...

ভাল হাজিৰা কাম দিয়াৰ নামত দুই যুৱতীক যৌন নিৰ্যাতন...
ভাল হাজিৰা কাম দিয়াৰ নামত দুই যুৱতীক যৌন নিৰ্যাতন...

ডিজিটেল সংবাদ কোকৰাঝাৰঃ দৰিদ্ৰতাৰ সুযোগ লৈ কোকৰাঝাৰত দুই ৰাজমিস্ত্ৰীয়ে দুগৰাকী যুৱতীৰ সতে বলপূৰ্বক যৌন সম্পৰ্ক কৰা ঘটনা ফাদিল হোৱাত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে । দুই ৰাজমিস্ত্ৰীয়ে হাজিৰা কাম দিম বুলি দুই যুৱতীক ডিব্ৰুগড়লৈ নি ১৫ টা দিন ধৰি যৌন নিৰ্যাতন কৰি দুই যুৱতীৰ জীৱনলৈ অমানিশা নমাই আনিছে।

লক্ষণীয়ভাৱে ইয়াৰে এগৰাকী যুৱতী নাবালিকা বুলি জানিব পৰা গৈছে। দুই যুৱতীক আৱদ্ধ কৰি যৌন নিৰ্যাতন কৰা পাষণ্ড দুটা হ'ল ক্ৰমে কোকৰাঝাৰ জিলাৰ তাৰংগুৰী বল্লাপাৰাৰ মজিৎ আলী (৫৫) আৰু মাগুৰমাৰী চেঁচাপানীৰ সাকু শ্বেখ(৩৫)।

আজি বালাজান উপ-আৰক্ষী চকীত ভুক্তোভোগীয়ে দিয়া এজাহাৰ অনুসৰি দুই ৰাজমিস্ত্ৰী ক্ৰমে মজিৎ আলি আৰু সাকু শ্বেখে যুৱতী দুগৰাকীক ভাল হাজিৰা কাম দিব বুলি প্ৰথমে ডিব্ৰুগড়লৈ লৈ যায় । ডিব্ৰুগড়ত ১৫ দিন ৰাখি ভয়-ভাবুকিৰে যুৱতী দুগৰাকীৰ ওপৰত যৌন নিৰ্যাতন চলায় ।

ইয়াৰ পিছত দুই যুৱতীক কোকৰাঝাৰ লৈ আহি পুনৰ মজিৎ আলীৰ ঘৰত ৰাখি দুদিন ধৰি বলাৎকাৰ কৰে । তেওঁলোকৰ অপকৰ্ম ফাদিল কৰিলে প্ৰাণে মৰাৰ ভাবুকি দি সকলো কথা গোপনে ৰখাৰ নিৰ্দেশ দিয়ে আৰু ঘৰলৈ পঠাই দিয়ে।

ঘৰলৈ যোৱাৰ পিছতে ইকান সিকান কৰি ঘটনাটো ৰাষ্ট্ৰ হৈ পৰে আৰু উক্ত ঘটনাৰ ন্যায় বিচাৰি আজি বালাজান আৰক্ষী চকীত দুই ভুক্তোভোগী যুৱতী হাজিৰ হয় । যুৱতীদুগৰাকীৰ সতে আক্ৰাছু , বেংগলী ফেডাৰেচন, হিন্দু সুৰক্ষা অসম আদি দল, সংগঠনৰ নেৰ্তৃবৰ্গ আৰু কৰ্মকৰ্তাও উপস্থিত হয় ।

ভুক্তোভোগী যুৱতী দুগৰাকীয়ে অভিযুক্ত মজিৎ আলী আৰু সাকু শ্বেখৰ বিৰুদ্ধে বালাজান আৰক্ষী চকীত এজাহাৰ দাখিল কৰে । আৰক্ষীয়ে দুই অভিযুক্তক বিচাৰি অভিযান চলায় যদিও দুয়োজনে সম্প্ৰতি পলাতক হৈ আছে ।

ইপিনে আজি বালাজান আৰক্ষী চকীত উপস্থিত হৈ আক্ৰাছুৰ জিলা সহ সম্পাদক বিশ্বজিৎ বৰ্মন, কোচ ৰাজবংশী মহিলা সমিতিৰ জিলা সভানেত্ৰী দ্বাদশী বৰ্মন, বেংগলী ফেডাৰেচনৰ ছালাকাটি আঞ্চলিক কমিটিৰ সম্পাদক বিশ্বজিৎ দেৱ নাথ আৰু হিন্দু জাগৰণ, অসমৰ দ্বীপচৰণ ৰবিদাসে উক্ত অপকাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দি দোষীক কৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ দাবী উত্থাপন কৰিছে । তদুপৰি মহিলাৰ সুৰক্ষা নিশ্চিত কৰিবলৈও দাবী জনাইছে কোচ ৰাজবংশী মহিলা সমিতিৰ জিলা সভানেত্ৰী দ্বাদশী বৰ্মনে।

ভাল হাজিৰা কাম দিয়াৰ নামত দুই যুৱতীক যৌন নিৰ্যাতন...
আৰক্ষী কনিষ্টবল তথা অভিনেতা প্ৰজিত নাৰ্জাৰীক ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in