আৰক্ষী কনিষ্টবল তথা অভিনেতা প্ৰজিত নাৰ্জাৰীক ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ...

আৰক্ষী কনিষ্টবল তথা অভিনেতা প্ৰজিত নাৰ্জাৰীক ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ...
আৰক্ষী কনিষ্টবল তথা অভিনেতা প্ৰজিত নাৰ্জাৰীক ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ...

ডিজিটেল সংবাদ কোকৰাঝাৰঃ অসম আৰক্ষীৰ কনিষ্টবল তথা প্ৰখ্যাত বড়ো চলচ্চিত্ৰ শিল্পী, কৌতুক অভিনেতা প্ৰজিত নাৰ্জাৰী ওৰফে টাকলাইক ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ কৰা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। কোকৰাঝাৰ আৰক্ষী থানাত ৰজু হোৱা গোচৰ নং ৫০১/২২ মৰ্মে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩৬৩ /৩৭০(এ), ৩৭৬(৩) আৰু পকচো আইনৰ ধাৰা ৬ মৰ্মে প্ৰখ্যাত বড়ো চলচ্চিত্ৰ শিল্পী, কৌতুক অভিনেতা প্ৰজিত নাৰ্জাৰী ওৰফে টাকলাইক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।

কোকৰাঝাৰ আৰক্ষীয়ে আজি অভিযুক্ত প্ৰজিত নাৰ্জাৰীক আদালতত হাজিৰ কৰাই পাঁচদিনৰ আৰক্ষী জিন্মালৈ বিচাৰে যদিও আদালতে দুদিনৰ আৰক্ষী জিন্মালৈ প্ৰেৰণ প্ৰজিত নাৰ্জাৰীক । উল্লেখ্য যে, এগৰাকী নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগক প্ৰজিত নাৰ্জাৰীৰ বিৰুদ্ধে গোচৰ ৰজু হৈছিল আৰু যোৱা কেইবামাহৰ পৰা পলাতক হৈ আছিল প্ৰজিত নাৰ্জাৰী । অৱশেষত বুধবাৰে সন্ধিয়া প্ৰজিত নাৰ্জাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় কোকৰাঝাৰ আৰক্ষীয়ে ।

আৰক্ষী কনিষ্টবল তথা অভিনেতা প্ৰজিত নাৰ্জাৰীক ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ...
চৰকাৰী চাউল বিক্ৰী কৰি বজাৰৰ চাউল দিছে ৰেচনকাৰ্ডধাৰীক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in