শান্তিপুৰত দৰিদ্ৰ পৰিয়ালৰ হিতাধিকাৰীৰ মাজত আৰ্থিক সাহায্য প্ৰদান...

অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযান অধীনত এই সাহায্য প্ৰদান

author-image
Asomiya Pratidin
New Update
শান্তিপুৰত দৰিদ্ৰ পৰিয়ালৰ হিতাধিকাৰীৰ মাজত আৰ্থিক সাহায্য প্ৰদান...

শান্তিপুৰত দৰিদ্ৰ পৰিয়ালৰ হিতাধিকাৰীৰ মাজত আৰ্থিক সাহায্য প্ৰদান...

ডিজিটেল সংবাদ চিৰাং: অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযান অধীনত আজি চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ শান্তিপুৰ ভিচিডিচি এলেকাত অতি দৰিদ্ৰ পৰিয়ালৰ মাজত এককালীন আৰ্থিক সাহাৰ্য্য প্ৰদান কৰা হয়। শান্তিপুৰ ভিচিডিচি কাৰ্য্যালয়ত এক অনুষ্ঠানৰ যোগেদি কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে শান্তিপুৰ ভিচিডিচি এলেকাৰ দৰিদ্ৰত কৈ অতি দৰিদ্ৰ পৰিয়ালৰ তিনি শতাধিক মহিলা হিতাধিকাৰীসকলৰ মাজত এককালীন আৰ্থিক সাহাৰ্য্য প্ৰদান কৰে ।

Advertisment

আজিৰ এই অনুষ্ঠানত সাংসদ গৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্ত এলেকাত একমাত্ৰ দৰিদ্ৰতাৰ কাৰণে একাংশ দুষ্ট লোকৰ প্ৰৰোচণাত ২০২১ চনত এই অঞ্চলৰ অৰ্দ্ধ শতাধিক কণ কণ নাবালিক শিশুক শ্ৰমিক হিচাপে চিকিমলৈ প্ৰেৰণ কৰাৰ তথ্য পোহৰলৈ আহিছিল। এই সমগ্ৰ বিষয়টোক অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিজে তদাৰক কৰি এই অঞ্চলত আহি পৰিস্থিতিৰ বুজ লৈছিল আৰু তেখেতে এই অঞ্চলৰ দৰিদ্ৰতাৰ মাজত ককবকাই থকা পৰিয়াল বোৰক আৰ্থিক দিশত আত্মনিৰ্ভৰ কৰাৰ বাবে বহু কেইটা পদক্ষেপ গ্ৰহণ কৰিছিল ।

তাৰে অংশ হিচাপে চিৰাং জিলাৰ চিদলী-চিৰাং উন্নয়ন খণ্ডৰ অন্তৰ্গত অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ ছানজাৰাং আদৰ্শ মণ্ডল সংগঠনৰ অধীনত ভাৰত-ভূটান সীমান্তৰ ৰুণীখাতা, থাইকাঝোৰা, শান্তিপুৰ, দেউশ্ৰী আৰু হাতিছাৰ ভিচিডিচি এলেকাত জৰীপ চলাই মুঠ ৯৪৬ টা পৰিয়ালৰ মহিলা সদস্যাক বাচনি কৰা হৈছিল ।

তাৰে ভিতৰত আজি শান্তিপুৰ ভিচিডিচি এলেকাৰ ৩৩৬ গৰাকী অতি দৰিদ্ৰ পৰিয়ালৰ মহিলা হিতাধিকাৰীৰ মাজত দৰিদ্ৰতা দূৰীকৰণৰ লক্ষ্যৰে প্ৰথম কিস্তি হিচাপে এহেজাৰ টকা প্ৰদান কৰা হয়। পৰবৰ্তী সময়ত দ্বিতীয় কিস্তি হিচাপে পাঁচ হেজাৰ টকা দিয়াৰ লগতে বিভাগীয় ভাবে পশুপালন কৰাৰ বাবে ইচ্ছুক হিতাধিকাৰী সকলৰ মাজত গাহৰি, ছাগলী আদি যোগান ধৰা হ'ব বুলি জানিবলৈ দিয়ে।

এই আচঁনিৰ অধীনত বাকি ভিচিডিচি কেইটাৰ হিতাধিকাৰীসকলৰ মাজত এইকেইদিনত পৰ্যায়ক্ৰমে আৰ্থিক সাহাৰ্য্য প্ৰদান কৰা হ'ব বুলি বিভাগীয় ভাবে সদৰি কৰা হৈছে। আজিৰ এই আৰ্থিক সাহাৰ্য্য প্ৰদান অনুষ্ঠানত চিদলী-চিৰাং উন্নয়ন খণ্ড বিষয়া কুমুদ নাৰ্জাৰী, যমদুৱাৰ ব্লক ইউপিপিএলৰ সভাপতি বীৰ ভাস্কৰ মুছাহাৰী, চিৰাঙৰ অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ জিলা প্ৰকল্প বিষয়া সঙ্গীতা চৌধুৰী অন্যান্য বিষয়ববীয়াসকল উপস্থিত আছিল ।

Also Read: কাজিৰঙাত তিনি মহাবিদ্যালয়ৰ শিক্ষাৰ্থীক বন আইন-ভাৰতীয় ন্যায় সংহিতাৰ কৰ্মশালা

অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযান জয়ন্ত বসুমতাৰী চিৰাং