গণিত, বিজ্ঞানৰ পাঠ্যপুথি ইংৰাজী ভাষাত প্ৰকাশঃ দুই বড়ো সংগঠনৰ তীব্ৰ বিৰোধিতা...

গণিত, বিজ্ঞানৰ পাঠ্যপুথি ইংৰাজী ভাষাত প্ৰকাশঃ দুই বড়ো সংগঠনৰ তীব্ৰ বিৰোধিতা...
গণিত, বিজ্ঞানৰ পাঠ্যপুথি ইংৰাজী ভাষাত প্ৰকাশঃ দুই বড়ো সংগঠনৰ তীব্ৰ বিৰোধিতা...

ডিজিটেল সংবাদ বৰমাঃ অসম চৰকাৰৰ শিক্ষা বিভাগে ষষ্ঠ শ্ৰেণীত গণিত আৰু সাধাৰণ বিজ্ঞানৰ পাঠ্যপুথি ইংৰাজী ভাষাত প্ৰকাশ কৰি ইতিমধ্যে বিতৰণ কৰিছে। শিক্ষা বিভাগে গ্ৰহণ কৰা এই সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত হৈছিল যদিও সেই প্ৰতিবাদক নেওচি শিক্ষা বিভাগে পূৰ্বে গ্ৰহণ কৰা সিদ্ধান্তকেই বাহাল ৰাখি গণিত আৰু বিজ্ঞানৰ পাঠ্যপুথি ইংৰাজী ভাষাত প্ৰকাশ কৰি উলিয়াইছে।

শিক্ষা বিভাগৰ এই কাৰ্যক এতিয়া বিৰোধিতা কৰিছে নিখিল বড়ো ছাত্ৰ সন্থা আৰু বড়ো সাহিত্য সভাই। সংগঠন দুয়োটাই ৰাজ্যৰ শিক্ষা বিভাগৰ এই সিদ্ধান্তৰ ঘোৰ বিৰোধিতা কৰি আজি এক বিঠকত মিলিত হয় সংগঠন দুটা।

আজি বাক্সা জিলাৰ বৰমাত নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত নিখিল বড়ো ছাত্ৰ সন্থা আৰু বড়ো সাহিত্য সভাৰ মাজত অনুষ্ঠিত হয় এই শৈক্ষিক সভাখন। সভাত শৈক্ষিক বিষয় সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে ৰাজ্যচৰকাৰৰ শিক্ষা বিভাগে ইংৰাজী ভাষাত গণিত আৰু সাধাৰণ বিজ্ঞানৰ পাঠ্যপুথি প্ৰকাশ কৰা কাৰ্যৰ সমালোচনা কৰে।

গণিত, বিজ্ঞানৰ পাঠ্যপুথি ইংৰাজী ভাষাত প্ৰকাশঃ দুই বড়ো সংগঠনৰ তীব্ৰ বিৰোধিতা...
BTR ত বিপিএফৰ "প্ৰমোদ বড়ো হাটাও, বিটিচি বাচাও"অভিযান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in