BTR ত বিপিএফৰ "প্ৰমোদ বড়ো হাটাও, বিটিচি বাচাও"অভিযান...

BTR ত বিপিএফৰ "প্ৰমোদ বড়ো হাটাও, বিটিচি বাচাও"অভিযান...
BTR ত বিপিএফৰ "প্ৰমোদ বড়ো হাটাও, বিটিচি বাচাও"অভিযান...

ডিজিটেল সংবাদ চিৰাং: চিৰাঙৰ ভাৰত-ভূটান সীমান্তৱৰ্তী নিচিমা পৰিষদীয় সমষ্টিত আজি পুৱা বি পি এফৰ উদ্যোগত এক পদযাত্ৰা আৰু জনসভা অনুষ্ঠিত হয়। এই অনুষ্ঠানতে অংশগ্ৰহণ কৰি হাগ্ৰামা মহিলাৰীয়ে ভাষণ প্ৰসংগত কয়, এতিয়া দিছপুৰৰ পৰাহে বিটিচি চলে।প্ৰমোদ বড়োৱে সকলো ক্ষমতা দিছপুৰক দিছে।

অনুষ্ঠানত তেওঁ আৰু কয় যে, বিগত তিনি বছৰে বিটিচি প্ৰধান প্ৰমোদ বড়োৱে কোনো কাম কৰিব পৰা নাই। কোনো এজনক চাকৰি দিব পৰা নাই। উন্নয়নৰ কাম কৰিব পৰা নাই। ইয়াৰ বিপৰীতে প্ৰমোদ বড়োৱে বি টি আৰ আনি বিটিচিৰ ৰাইজক ঠগবাজ হে কৰিছে।

ৰাস্তা-ঘাট আদি কৰি‌ বিটিচিত হোৱা সকলোবোৰ উন্নয়নমূলক কাম বিপিএফৰ দিনত হোৱা। গতিকে এইবাৰৰ বিপিএফৰ শ্লোগান হ'ব 'প্ৰমোদ বড়ো হাটাও বিটিচি বাচাও'। তেওঁ আৰু কয় যে, বি পি এফ জয়ী হ'লে নিচিমা পৰিষদীয় সমষ্টিৰ এম চি এল এ জেমছ বসুমতাৰী মন্ত্ৰীত্ব লাভ কৰি এই অঞ্চলত ভালদৰে কাম কৰিবলৈ সুবিধা পাব।

এতিকে সকলো ৰাইজক বি পি এফ দলক ভোটদান কৰিবলৈ আহ্বান জনায়। ইফালে আগন্তুক লোকসভা নিৰ্বাচন সম্পৰ্কে হাগ্ৰামা মহিলাৰীয়ে কয় যে, ২০২৪ বৰ্ষৰ লোকসভা নিৰ্বাচনত বি পি এফ দলে কোকৰাঝাৰ আৰু ওদালগুৰি লোকসভা সমষ্টিত প্ৰতিদ্বন্দিতা আগবঢ়াব আৰু লোকসভা নিৰ্বাচনত বি পি এফ দলে কোনো দলৰ সৈতে মিত্ৰতা নকৰে।

বি পি এফ দলে নিৰ্বাচনত অকলে প্ৰতিদ্বন্দিতা কৰি কোকৰাঝাৰ আৰু ওদালগুৰি দুয়োটা সমষ্টিতে জয়যুক্ত হোৱাটো নিশ্চিত। ইফালে উক্ত সভাত বি পি এফৰ উপ-সভাপতি খাম্ফা বৰগয়াৰীয়ে ভাষণ প্ৰদান কৰি কয় যে, বি পি এফ সকলোৰে দ'ল । বি পি এফত ধৰ্মকলৈ কোনো ভাগ বতৰা নাই।

সকলো ধৰ্মৰ লোকে বি পি এফত আছে। আগন্তুক দিনবোৰ আমাৰ অগ্নি পৰীক্ষা । আগন্তুক নিৰ্বাচনত সকলো ধৰ্মৰ মানুহে বি পি এফক ভোট দি জয়যুক্ত কৰিবলৈ তেওঁ আহ্বান জনায়।

ইফালে তেওঁ সাংবাদিকৰ আগত কয় যে বিটিআৰ চুক্তি কৰি প্ৰলোভন দেখুৱাই ইউ পি পিএল দলে বি টি চিত চৰকাৰ গঠন কৰিছে সেয়া ৰাইজে বুজি পাইছে। গতিকে আগন্তুক নিৰ্বাচনত আকৌ বি পি এফক ভোট দি জয়যুক্ত কৰিবলৈ সকলো ৰাইজে সাজু হৈ আছে।

তেওঁ আৰু কয় যে, বি পি এফৰ জনসমাগম দেখি ইউ পি পি এলৰ মানুহে আতংকিত হৈছে। যাৰ বাবে ইউ পি পি এলৰ মানুহে গাঁৱে গাঁৱে গৈ বি পি এফৰ সভাত যাব নালাগে বুলি কৈছে। কিন্তু ৰাইজে ভয় নকৰে। সকলো সমষ্টিতে হাজাৰ হাজাৰ মানুহ বি পি এফৰ সভাত ওলাই আহিছে।

আনকি বি পি এফৰ পৰা ইউ পি পি এলত যোৱা মানুহো পুনৰ বি পি এফলৈ উভতি আহিছে। আনহাতে উক্ত সভাত নিচিমা সমষ্টিৰ এম চি এল এ জেমছ বসুমতাৰীয়ে অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত কয় যে, নিচিমা পৰিষদীয় সমষ্টিৰ কয়লা ময়লাত আজি অনুষ্ঠিত বি পি এফ দলৰ পদযাত্ৰা আৰু জনসভা বিফল কৰিবলৈ নিচিমা সমষ্টিৰ একাংশ ইউ পি পি এল দলৰ নেতা পালিনেতাই হোৱাটচ্এপ বাৰ্তা যোগে অঞ্চলটোৰ সাধাৰণ ৰাইজক বি পি এফ দলৰ এই পদযাত্ৰা আৰু জনসভাত অংশগ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী আৱাস যোজনা, অৰুণোদই আচঁনি, ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ তালিকাৰ পৰা নাম কৰ্তন কৰাৰ ভয় ভাবুকি প্ৰদান কৰিছে।

কিন্তু সফল হ'ব নোৱাৰিলে। ইউ পি পি এল দলৰ এই হোৱাটচ্এপ বাৰ্তা লাভ কৰাৰ পিছতো ইউ পি পি এল দলৰ শাসন ব্যৱস্থাক লৈ বিতুষ্ট হৈ হাজাৰ হাজাৰ সাধাৰণ ৰাইজ স্বত:স্ফুৰ্ত ভাবে বি পি এফৰ পদযাত্ৰা আৰু জনসভাত অংশগ্ৰহণ কৰিছে।

ইফালে উক্ত সভাৰ পূৰ্বে নিচিমা সমষ্টিটোৰ লোনটিবাৰীৰ পৰা কয়লা ময়লা বজাৰলৈ বৃহৎ পদযাত্ৰা উলিওৱা হয়। বি পি এফৰ নিচিমা ব্লক কমিটীৰ উদ্যোগত উলিওৱা উক্ত পদযাত্ৰাত বি পি এফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ সৈতে হাজাৰ হাজাৰ ৰাইজে অংশগ্ৰহণ কৰে।

আনহাতে সুভাইঝাৰ পৰিষদীয় সমষ্টিৰ বল্লামগুৰী বাজাৰত আজি বিয়লি বি পি এফৰ এখন জনসভা অনুষ্ঠিত হয়। বি পি এফৰ সুভাইঝাৰ ব্লক কমিটীৰ উদ্যোগত অনুষ্ঠিত হয় উক্ত জনসভা ।

বিজনীৰ প্ৰাক্তন বিধায়ক ৰোমিও ব্ৰহ্মই আঁত ধৰা উক্ত সভাত বি পি এফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে ভাষণ প্ৰদান কৰাৰ লগতে সাংবাদিকৰ আগত কয় যে, শান্তি, উন্নয়ন, ঐক্যতাৰ বাবে বি টি চিত পদ সমদল, জনসভা কৰা হৈছে। বিটিচি আমি বচাব লাগিব । বিটিচি ধ্বংস হ'বলৈ গৈ আছে। গতিকে ৰাইজ আজি ওলাই আহিছে।

ইউ পি পি এল দলে ৰাইজক বি পি এফৰ সভাত আহিব নালাগে বুলি বাধা দিয়াটো শুনিবলৈ পাইছোঁ। কিন্তু ইউ পি পি এল দলে যে, একো কৰিব নোৱাৰে সেয়া ৰাইজে বুজি পাইছে। গতিকে ৰাইজে‌ বি পি এফৰ সৈতে ওলাই আহিছে।

উক্ত সভাত বি পি এফৰ উপ-সভাপতি খাম্ফা বৰগয়াৰী, বি পি এফৰ কোচ ৰাজবংশী চেলৰ সভাপতি দীপাংকৰ ৰাজবংশীয়ে ভাষণ প্ৰদান কৰে। উক্ত সভাত বিৰোধী নেতা দেৰহাচাৎ বসুমতাৰী, বিপিএফৰ মহিলা মৰ্চাৰ সভানেত্ৰী সুপ্ৰিয়াৰাণী ব্ৰহ্মসহ অন্যান্য নেতৃবৃন্দ উপস্থিত থাকে।

BTR ত বিপিএফৰ "প্ৰমোদ বড়ো হাটাও, বিটিচি বাচাও"অভিযান...
খালিস্তানপন্থী সংগঠনক উভতি ধৰিলে পৰেশ বৰুৱাইঃ সোঁৱৰাই দিলে অতিত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in