বড়োলেণ্ডৰ বিশ্ববিদ্যালয়ৰ তিনি শিক্ষাৰ্থীক সম্বৰ্ধনা...

বড়োলেণ্ডৰ বিশ্ববিদ্যালয়ৰ তিনি শিক্ষাৰ্থীক সম্বৰ্ধনা...

author-image
Asomiya Pratidin
New Update
বড়োলেণ্ডৰ বিশ্ববিদ্যালয়ৰ তিনি শিক্ষাৰ্থীক সম্বৰ্ধনা...

বড়োলেণ্ডৰ বিশ্ববিদ্যালয়ৰ তিনি শিক্ষাৰ্থীক সম্বৰ্ধনা...

ডিজিটেল সংবাদ কোকৰাঝাৰঃ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ আলোচনা কক্ষত আজি এক উদগনিমূলক অনুষ্ঠানৰ আয়োজন কৰা হয় । ক্ৰীড়াক্ষেত্ৰৰ অন্যতম ৰাষ্ট্ৰীয় পৰ্যায়ৰ মঞ্চ "খেলো ইণ্ডিয়া" শীৰ্ষক প্ৰতিযোগিতাৰ বাবে আৰ্চাৰী শিতানত নিৰ্বাচিত হোৱা সোমাইনা বসুমতাৰী আৰু প্ৰদাক্সন বসুমতাৰীক এই অনুষ্ঠানত অভিনন্দন তথা আদৰণি জনোৱাৰ লগতে তেওঁলোকৰ প্ৰশিক্ষক খাম্ফা বসুমতাৰীকো আদৰণি জনোৱা হয়।

Advertisment

ইয়াৰ লগতে ভাৰত চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ উদ্যোগত যুৱ সংসদৰ মঞ্চত অনুষ্ঠিত তৰ্ক প্ৰতিযোগিতাৰ দ্বিতীয় স্তৰলৈ নিৰ্বাচিত হোৱা বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ ছাত্ৰী উদাংশ্ৰী বসুমতাৰীকো আজিৰ অনুষ্ঠানত সম্ভাষণ জনোৱাৰ লগতে দ্বিতীয় পৰ্যায়ৰ বাচনি প্ৰতিযোগিতাৰ বাবে শুভেচ্ছা জনোৱা হয় ।

দ্বিতীয় পৰ্যায়ৰ বাবে নিৰ্বাচিত হোৱা ৫ গৰাকী শ্ৰেষ্ঠ অংশগ্ৰহণকাৰীক ভাৰত চৰকাৰৰ দ্বাৰা অহা ৫ জুন, বিশ্ব পৰিৱেশ দিৱসত "Youth Icon, 2023" বঁটা প্ৰদান কৰা হ'ব । ড° প্ৰহ্লাদ বসুমতাৰীয়ে উদ্যোগ লোৱা এই অনুষ্ঠানটোত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° লাইচৰাম লাডু সিং উপস্থিত থকাৰ লগতে অনুষ্ঠিটিৰ সফল সমাপনত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ছাত্র একতা সভা তথা এনএচএচ ৰ সদস্যসকলেও অংশগ্ৰহণ কৰে ।

Also Read: ঢেকীয়াজুলিৰ দুই স্থানপ্ৰাপ্ত মেধাৱীৰ উচ্চ শিক্ষাৰ দায়িত্ব ল'লে মন্ত্ৰী অশোক সিংহালে...

কোকৰাঝাৰ বড়োলেণ্ডৰ বিশ্ববিদ্যালয়