ব্যৰ্থ আৰক্ষী ! পলায়ন কৰা আচামী নিজে আহি আদালতত উপস্থিত

ব্যৰ্থ আৰক্ষী ! পলায়ন কৰা আচামী নিজে আহি আদালতত উপস্থিত

ডিজিটেল সংবাদ,চিৰাং : ১০ দিন পূৰ্বে চিৰাং জিলাৰ কাজলগাঁওস্থিত সত্ৰ ন্যায়াধীশ আদালত চৌহদৰ পৰা পলায়ন কৰিছিল এগৰাকী আচামীয়ে। পিছে বিচাৰাধীন আচামীজনে বুধবাৰে নিজে আদালতত আহি আত্মসমৰ্পণ কৰে ।

যোৱা ৭ আগষ্টত কাজলগাঁৱৰ সত্ৰ ন্যায়াধীশ আদাল চৌহদৰ পৰা পলায়ন কৰা আচামীজনৰ নাম ৰাকিবুৰ আলী। বিচাৰাধীন আচামী আলীয়ে চুড়ান্ত ৰায়দান কৰাৰ প্ৰাকমুহূৰ্তত আৰক্ষীৰ চকুত ধুলি কৌশলেৰে আদালত চৌহদৰ পৰা পলায়ন কৰিছিল।

আদালত চৌহদৰ পৰা আচামী পলায়ন কৰাৰ বাতৰি সংবাদ মাধ্যমত সম্প্ৰচাৰ হোৱাৰ পিছত জিলাখনৰ সাধাৰণ ৰাইজৰ লগতে আৰক্ষীৰ মাজত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছিল। পলাতক আচামী ৰাকিবুৰ আলীক বিচাৰি আৰক্ষীয়ে ব্যাপক অভিযান চলাইছিল।

পিছে এই অভিযানত আচামীজনৰ কোনো শুংসূত্ৰ উলিয়াবলৈ আৰক্ষী সক্ষম হোৱা নাছিল বুলি একাংশই উল্লেখ কৰে। কিন্তু আজি পলায়ন কৰাৰ ১০ দিনৰ মূৰত বিচাৰাধীন পলাতক আচামীজন নিজেই আহি সত্ৰ ন্যায়াধীশৰ আদালতত আত্মসমৰ্পণ কৰে বুলি চৰকাৰী অধিবক্তা নন্দিতা বসুমতাৰীয়ে সদৰি কৰে ।

উল্লেখ্য যে কাজলগাঁৱৰ আদালত চৌহদৰ পৰা বিচাৰাধীন আচামী পলায়ন সংক্ৰান্তত কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগত এজন আৰক্ষী কনিষ্টবলক নিলম্বিত কৰা হৈছে।

ব্যৰ্থ আৰক্ষী ! পলায়ন কৰা আচামী নিজে আহি আদালতত উপস্থিত
মুখ্যমন্ত্ৰীৰ ঘোষণা : গুৱাহাটী-যোৰহাটৰ মাজত প্ৰতিদিনে চলিব বিমান সেৱা

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in