ৰাষ্ট্ৰীয় পৰ্যটন দিৱস

উল্লেখ্য যে ২০২৩ বৰ্ষৰ অক্টোবৰ মাহ পৰ্যন্ত ভাৰতবৰ্ষলৈ ৭.২৪ মিলিয়ন বিদেশী পৰ্যটকৰ আগমণ ঘটে। ইয়াৰ লগতে অসমলৈ বিগত বৰ্ষত ৯৮ কোটি পৰ্যটকৰ আগমণ ঘটে। তাৰোপৰি ২০২২-২০২৩ বৰ্ষত মুঠ ৩,১৪,৭৯৬ জন পৰ্যটকৰ আগমন ঘটিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ। অৰ্থাৎ ২০২৮-১৯ বৰ্ষৰ প্ৰায় দুগুণ।
ৰাষ্ট্ৰীয় পৰ্যটন দিৱস

ডিজিটেল ডেস্কঃ আজি ৰাষ্ট্ৰীয় পৰ্যটন দিৱস । ২৫ জানুৱাৰীত ভাৰতত ৰাষ্ট্ৰীয় পৰ্যটন দিৱস হিচাপে পালন কৰা হয় ৷ ১৯৪৮ চনৰ পৰা এই দিনটোতে ভাৰতৰ বিভিন্ন স্থানসমূহৰ বিষয়ে মানুহক অৱগত কৰাৰ উদেশ্যেই পৰ্যটন দিৱস পালন কৰা হয় ৷ ১৯৪৮ চনত পৰ্যটন আৰু যোগাযোগ মন্ত্ৰীৰ নেতৃত্বত পৰ্যটন বিভাগ স্থাপন কৰা হয় ৷ পৰ্যটনে দেশৰ উন্নয়নত কেনেদৰে অৰিহণা যোগাব পাৰে সেই গুৰুত্ব আগত ৰাখি প্ৰথমে পৰ্যটন যাতায়ত সমিতি গঠন কৰা হৈছিল ৷ গঠন হোৱাৰ প্ৰায় তিনিবছৰ পিচত অৰ্থাৎ ১৯৫১ চনত কলকাতা আৰু চেন্নাইত পৰ্যটন দিৱসৰ আঞ্চলিক কাৰ্যালয় স্থাপন কৰা হৈছিল ৷ তাৰ পিচতেই দিল্লী,  মুম্বাই আৰু কলকাতাতো পৰ্যটন কাৰ্যালয় স্থাপন কৰা হয় ৷

এক বিষয়বস্তুৰ আগত ৰাখি প্ৰতি বছৰে ৰাষ্ট্ৰীয় পৰ্যটন দিৱস উদযাপন কৰা হয় ৷ এইবাৰ বিষয়বস্তু হৈছে “Sustainable Journeys, Timeless Memories” ৷

ৰাষ্ট্ৰীয় পৰ্যটন দিৱস উদযাপনৰ মূল উদ্দেশ্য হৈছে ভাৰতৰ পৰ্যটনস্থলীসমূহ কেৱল দেশৰ ভিতৰতেই নহয়,  সমগ্ৰ বিশ্বতে প্ৰচাৰ কৰা ৷ এই দিৱস উদযাপনৰ এটা উদ্দেশ্য হ’ল কৰ্মসংস্থাপনৰ প্ৰসাৰ ৷ পৰ্যটনে মানুহক নতুন অভিজ্ঞতা দিয়াৰ উপৰিও ই বহু লোকক কৰ্মসংস্থাপনৰ মাধ্যম হিচাপেও প্ৰতিষ্ঠা হৈছে ৷ দেশৰ জিডিপি বৃদ্ধিতো ভাৰতীয় পৰ্যটনৰ বিশেষ ভূমিকা থকা পৰিলক্ষিত হৈছে ।

উল্লেখ্য যে ভাৰতৰ পৰ্যটনস্থলী সমূহৰ ভিতৰত উত্তৰ-পূৱৰ ঠাইসমূহেও স্থান দখল কৰিবলৈ সক্ষম হৈছে। বিশেষকৈ অসমৰ এশিঙীয়া গড়ৰ বাবে বিশ্ব বিখ্যাত কাজিৰঙা, মানস ৰাষ্ট্ৰীয় উদ্যান, ওৰাং আদি উদ্যানে ভাৰতৰ লগতে বিদেশী পৰ্যটককো আকৰ্ষিত কৰিছে।

উল্লেখ্য যে ২০২৩ বৰ্ষৰ অক্টোবৰ মাহ পৰ্যন্ত ভাৰতবৰ্ষলৈ ৭.২৪ মিলিয়ন বিদেশী পৰ্যটকৰ আগমণ ঘটে। ইয়াৰ লগতে অসমলৈ বিগত বৰ্ষত ৯৮ কোটি পৰ্যটকৰ আগমণ ঘটে। তাৰোপৰি ২০২২-২০২৩ বৰ্ষত মুঠ ৩,১৪,৭৯৬ জন পৰ্যটকৰ আগমন ঘটিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ। অৰ্থাৎ ২০২৮-১৯ বৰ্ষৰ প্ৰায় দুগুণ।

শেহতীয়াকৈ পৰ্যটন মন্ত্ৰালয়ে ২০২৩ চনৰ ভাৰতৰ সৰ্বশ্ৰেষ্ঠ পৰ্যটন গাওঁ হিচাপে ঘোষাণা কৰে বিশ্বনাথ ঘাটক । ইয়াৰ লগতে ঐতিহাসিক চহৰ শিৱসাগৰেও পৰ্যটকক আকৰ্ষনৰ ক্ষেত্ৰত পিছপৰি ৰোৱা নাই।

ৰাষ্ট্ৰীয় পৰ্যটন দিৱস
এই সাংস্কৃতিক মহাসংগ্ৰামে পৰম্পৰা আৰু সংস্কৃতি জীয়াই ৰখাত সহায় কৰিব : মন্ত্ৰী ইউ জি ব্ৰহ্ম

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in