৩২ বছৰ শিক্ষকতা কৰি অৱসৰ গ্ৰহণ বাক্সাৰ হেমন্ত কুমাৰ মেধিৰ

৩২ বছৰ শিক্ষকতা কৰি অৱসৰ গ্ৰহণ বাক্সাৰ হেমন্ত কুমাৰ মেধিৰ

author-image
Asomiya Pratidin
New Update
৩২ বছৰ শিক্ষকতা কৰি অৱসৰ গ্ৰহণ  বাক্সাৰ হেমন্ত কুমাৰ মেধিৰ

ডিজিটেল সংবাদ, বাক্সাঃ বাক্সা জিলাৰ মুছলপুৰৰ ওচৰৰ অহোপাত থকা অহোপা হাইস্কুলৰ শিক্ষক হেমন্ত কুমাৰ মেধিয়ে সুদীৰ্ঘ ৩৪ বছৰ শিক্ষকতা কৰি অৱসৰ গ্ৰহণ কৰে । শিক্ষক হেমন্ত কুমাৰ মেধিৰ অহোপাত থকা বাসগৃহত শুকুৰবাৰে বিটিচিৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসে উপস্থিত হৈ শিক্ষকগৰাকীক এখন ফুলাম গামোচা, শৰাই আদিৰে বিদায় সম্ভাষণ জনায়।

Advertisment

সম্বৰ্ধনা জ্ঞাপন কৰি কাৰ্যবাহী সদস্য ঘনশ্যাম দাসে শিক্ষক মেধিয়ে সুদীৰ্ঘ কৰ্ম জীৱনত সদায় ছাত্ৰ-ছাত্ৰীসকলৰ কল্যাণৰ বাবেই অশেষ কষ্ট আৰু ত্যাগ স্বীকাৰ কৰাৰ কথা উল্লেখ কৰে। লগতে শিক্ষকতাৰ বৃত্তিতহে এনে কষ্ট আৰু ত্যাগ কৰাৰ সুবিধা পোৱা যায় বুলি তেওঁ কয়৷

Also Read: অসমত ফিফা পৰ্যায়ৰ ষ্টেডিয়ামৰ পৰা ৪৩ টা নতুন পথঃ অসমলৈ আহি আছে প্ৰধানমন্ত্ৰী