অসমত ফিফা পৰ্যায়ৰ ষ্টেডিয়ামৰ পৰা ৪৩ টা নতুন পথঃ অসমলৈ আহি আছে প্ৰধানমন্ত্ৰী

অসমত ফিফা পৰ্যায়ৰ ষ্টেডিয়ামৰ পৰা ৪৩ টা নতুন পথঃ অসমলৈ আহি আছে প্ৰধানমন্ত্ৰী

ডিজিটেল ডেস্কঃ দুদিনীয়া ভ্ৰমণসূচীৰে ৩ ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। এই সময়চোৱাত প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমত প্ৰায় ১১০০০ কোটি টকাৰ প্ৰকল্পৰ শুভাৰম্ভ কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে দিছপুৰত এক সংবাদমেল সম্বোধন কৰি জনাই এই কথা।

প্ৰধানমন্ত্ৰীৰ পূঁজিৰ অধীনত নিৰ্মাণ হ'বলগীয়া কামাখ্যা মন্দিৰৰ দিব্য পৰিযোজনা আধাৰশিা স্থাপন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। লগতে ৪৩টা পথ আৰু ৩৮ খন দলঙৰ আধাৰিশাল স্থাপন কৰিব মোডীয়ে। ইয়াৰোপৰি চন্দ্ৰপুৰত আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ ষ্টেডিয়ামৰ আধাৰশিলা, নেহৰু ষ্টেডিয়ামক ফিফা পৰ্যায়ৰ ষ্টেডিয়ামলৈ উন্নীত কৰাৰ বাবে আধাৰশিলা, জিএমচিএইচৰ আন্তঃগাঠনিৰ আধাৰশিলা, কৰিমগঞ্জৰ চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। আৰু কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰিব মোডীয়ে।

কাইলৈ সন্ধিয়া ৭.৩০ বজাত বৰঝাৰ বিমান বন্দৰত উপস্থিত হ'ব প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু তাৰপাছতে দেওবাৰে দিনৰ ১১ বজাত খানাপাৰত এক বিশাল জনসভা সম্বোধন কৰিব । ইতিমধ্যে তেওঁৰ ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনৰ মাজতো তৎপৰতা বৃদ্ধি পোৱা দেখা গৈছে।

অসমত ফিফা পৰ্যায়ৰ ষ্টেডিয়ামৰ পৰা ৪৩ টা নতুন পথঃ অসমলৈ আহি আছে প্ৰধানমন্ত্ৰী
"দেশৰ ন্যায় ব্যৱস্থাত শীঘ্ৰেই হ’ব আমূল পৰিবৰ্তন..."

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in