চাহ শ্ৰমিকৰ সমস্যা সমাধানৰ দাবীত নাগ্ৰিজুলী চাহ বাগিছাত দাবী দিৱস পালন...

চাহ শ্ৰমিকৰ সমস্যা সমাধানৰ দাবীত নাগ্ৰিজূলী চাহ বাগিছাত দাবী দিৱস পালন...
চাহ শ্ৰমিকৰ সমস্যা সমাধানৰ দাবীত নাগ্ৰিজূলী চাহ বাগিছাত দাবী দিৱস পালন...

ডিজিটেল সংবাদ তামুলপুৰঃ চাহ বাগিছাৰ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা, চাহজনগোষ্ঠীৰ লোকসকলক জনজাতিকৰন কৰা,ভূমিৰ পট্টা দিয়াৰ লগতে চাহ শ্ৰমিকসকলৰ কেইবাটাও জ্বলন্ত সমস্যা সমাধানৰ দাবীত তামুলপুৰৰ নাগ্ৰীজূলি চাহ বাগিছাত চাহ মজদুৰ সংঘৰ এক ঘন্টীয়া ধৰ্ণা কাৰ্যসূচীৰে দাবী দিৱস পালন । পুৱা ৭-৩০ বজাৰ পৰা বাগিছাৰ কাৰ্যালয়ৰ সন্মুখত অসম চাহ মজদুৰ সংঘৰ নাগ্ৰীজূলি শাখাৰ উদ্যোগত কেইবা শতাধিক শ্ৰমিকে এই প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰীসকলে চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰক, চাহজনজাতি লোকসকলক জনজাতিকৰন কৰক, ভূমিৰ পট্টা প্ৰদান কৰক, বিজেপি চৰকাৰ হায় হায়, মালিক পক্ষ হায় হায়, চাহ মজদুৰ সংঘ জিন্দাবাদ, আদি শ্ল'গানেৰে উত্তাল কৰি তোলে বাগিছাৰ চৌহদ৷ ধৰ্ণা কাৰ্যসূচীৰ অন্তত বাগিছাৰ পৰিচালকৰ হাতত ১১ দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰি প্ৰতিবাদীসকলে ।

চাহ মজদুৰসকলৰ এই সমস্যাসমূহ অতি শীঘ্ৰেই সমাধান নকৰিলে ইয়াতকৈও অধিক জংগী আন্দোলন গঢ়ি তোলা হ'ব বুলি হুংকাৰ প্ৰদান কৰিছে চাহ মজদুৰ সংঘৰ বিষয়ববীয়াসকলে। আনহাতে তামুলপুৰৰ দৰংগামেলাস্থিত মেনকা চাহ বাগানাতো এঘন্টাৰ বাবে অৱস্থান ধৰ্মঘট পালন কৰি দাবী দিৱস পালন কৰা হয় ৷

চাহ শ্ৰমিকৰ সমস্যা সমাধানৰ দাবীত নাগ্ৰিজূলী চাহ বাগিছাত দাবী দিৱস পালন...
মহাকাশত আৰম্ভ ভাৰত-ৰাছিয়াৰ গোলা-বাৰুদবিহীন জ্ঞান অন্বেষণৰ যুদ্ধ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in