ডিজিটেল সংবাদ, তামুলপুৰঃ তামুলপুৰ জিলাৰ জোকমাৰী-নিজডেফেলী হাতীখোলা চুবুৰীৰ ভক্তপ্ৰাণ ৰাইজে শনিবাৰে সাতবিহুৰ উদযাপন কৰাৰ লগতে সাতবিহু উপলক্ষে প্ৰতিবছৰৰ দৰে এইবেলিও স্থানীয় বিষ্ণুমন্দিৰত ভাগৱত পাঠ কৰা হয়।
সাতবিহুৰ সৈতে সংগতি ৰাখি স্থানীয় ৰাইজে উলিয়াই এক ভাগৱত শোভাযাত্ৰা৷ বিষ্ণুৰথ সাজি ভাগৱত লৈ হৰিনাম ধ্বনিৰে গাঁৱৰ প্ৰতিটো চুবুৰী মুখৰিত কৰি সমদলেৰে শোভাযাত্ৰা পৰিভ্ৰমণ কৰে৷ শুভ্ৰ সাজ পৰিধান কৰি সকলোৱে ফাকু খেলি ঘৰে ঘৰে আশীৰ্বাদ দি এই ভাগৱত শোভাযাত্ৰাৰ উলিওৱা হয় ৷
আনহাতে গাঁৱখনৰ প্ৰতিঘৰ লোকে পদূলিত কলপুলি ৰোপন কৰি চাকি বন্তি জ্বলাই নতুন বিহুৱানেৰে সেৱা গ্ৰহণ কৰি প্ৰভু ভগৱন্তৰ ওচৰত আঠু লৈ পৰিয়ালৰ লগতে দেশ জাতি তথা সমগ্ৰ বিশ্বৰ মংগল কামনা কৰে। শোভাযাত্ৰাত গাঁৱখনৰ ডেকা বুঢ়া পুৰুষ মহিলা সহ দুই শতাধিক ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰে ৷
Also Read: এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হাৰ ৭৫.৭%, অনুতীৰ্ণ প্ৰায় ১,০১,৭৬১গৰাকী...