ঋতুস্ৰাৱ সজাগতা অভিযান আৰু পেড বিতৰণ অভিযান

ঋতুস্ৰাৱ সজাগতা অভিযান আৰু পেড বিতৰণ অভিযান

author-image
Asomiya Pratidin
New Update
ঋতুস্ৰাৱ সজাগতা অভিযান আৰু পেড বিতৰণ অভিযান

ডিজিটেল সংবাদ, তামুলপুৰঃ তামুলপুৰ জিলাৰ কুমাৰীকাটাস্থিত আদৰ্শ বিদ্যালয়, তামুলপুৰৰ প্ৰাংগণত শনিবাৰে গুৱাহাটী R.A.Y Foundation, Little Hope India আৰু The Period Society Assam ৰ উদ্যোগত আৰম্ভ কৰা 'মাহেকীয়াঃ এটা এটাকৈ নিষেধাজ্ঞা' শীৰ্ষক এক সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে ছাত্ৰীসকলৰ মাজত নেপকিন বিতৰন কৰা হয়।

Advertisment

মূলত ছোৱালী সকলৰ মাজত ঋতুস্ৰাৱ সন্দৰ্ভত অনুষ্ঠানটোৰ আয়োজন কৰি তামুলপুৰৰ আদৰ্শ বিদ্যালয়ত অসমৰ দুৰ্গম অঞ্চলত ঋতুস্ৰাৱক ৰাষ্ট্ৰীয় পৰ্যায়ত লৈ যোৱাৰ লক্ষ্যৰে ঋতুস্ৰাৱৰ পৰিচ্ছন্নতা আৰু নিষেধাজ্ঞাৰ ওপৰত এক শিক্ষামূলক সজাগতা অধিৱেশন অনুষ্ঠিত হয়।

আদৰ্শ বিদ্যালয় তামুলপুৰৰ অধ্যক্ষ ৰিক্তিকা বৰুৱাৰ সঞ্চালনাত আৰম্ভ হোৱা এই সজাগতা অনুষ্ঠানত তামুলপুৰ জিলাৰ অতিৰিক্ত আয়ুক্ত হিমাশ্ৰী খনিকৰ, লিটল হোপ ছোচাইটিৰ প্ৰতিষ্ঠাপক সম্পাদক জয়া ঠাডানী, উপ সভানেত্ৰী শ্যাফে আলম প্ৰকল্প বিষয়া মোহিনী টেৱাৰি ৰে ফাউন্ডেচনৰ তাপশ্ৰী বৰুৱা মৌচিন বৰভূঞাই ছাত্ৰীসকলৰ মাজত পৰিষ্কাৰ পৰিচ্ছন্নতা খৃতুশ্ৰাৱৰ সময়ত ল'ব লগা সাৱধানতা খাদ্যাভাস ,শৰীৰ চৰ্চা নেপকিনৰ বিশুদ্ধতা আৰু ব্যৱহাৰ আদিৰ বিষয়ে আলোচনা কৰা হয়।

গুৱাহাটীৰ ৰটাৰী ক্লাব লুইতৰ সদস্যসকল উপস্থিত থকাৰ লগতে সজাগতা সভাত কুমাৰীকাটা জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়, কুমাৰীকাটা ছোৱালী হাইস্কুল কুমাৰীকাটা হাইমাদ্ৰাছা, ইউ এন একাডেমী, ২নং গোপীনাথপুৰ প্ৰাথমিক বিদ্যালয় আৰু দাওগাঙবাৰী হাইস্কুলৰ লগতে আদৰ্শ বিদ্যালয় তামুলপুৰৰ ছাত্ৰী, শিক্ষয়িত্ৰী সহ শতাধিক ছাত্ৰী আৰু শিক্ষয়িত্ৰীসকলে অংশগ্ৰহণ কৰে।

Also Read: কাজলগাঁৱত ইউপিপিএলৰ কাৰ্য্যালয় উদ্বোধন

tamulpur