শুকানজুলী পাহাৰপুৰ ফায়াৰিং ৰেঞ্জত পুনৰ অঘটন

শুকানজুলী পাহাৰপুৰ ফায়াৰিং ৰেঞ্জত পুনৰ অঘটন

author-image
Asomiya Pratidin
New Update
শুকানজুলী পাহাৰপুৰ ফায়াৰিং ৰেঞ্জত পুনৰ অঘটন

ডিজিটেল সংবাদ, তামুলপুৰঃ তামুলপুৰ জিলাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ শুকানজুলি-পাহাৰপুৰ ফায়াৰিং ৰেঞ্জত পুনৰ অঘটন। ভাৰতীয় সেনা বাহিনীৰ অস্ত্ৰ-শস্ত্ৰৰ নিয়মীয়া প্ৰশিক্ষণ চলি থকাৰ সময়তে ৮১ মৰ্টাৰৰ এটা অংশ ১ নং পাহাৰপুৰ গাঁৱৰ মংগল বাহাদুৰ চুব্বাৰ ঘৰৰ চোতালত পৰে আৰু পৰিয়ালটো কথমপি ৰক্ষা পৰে ।

Advertisment

ঘটনাৰ বিষয়ে স্থানীয় ৰাইজে জানিব দিয়া মতে ফায়াৰিং ৰেন্জটোত ভাৰতীয় সেনা বাহিনীৰ ১৮৮১ মিডিয়াম ৰেজিমেণ্টে তিনিদিন ধৰি লঘু আৰু গধুৰ অস্ত্ৰৰ প্ৰশিক্ষণ চলাই আহিছিল। বুধবাৰে সন্ধিয়া প্ৰশিক্ষণৰ অন্তত এটা মৰ্টাৰ পাহাৰৰ নামনিৰ পৰা ব্লাষ্টিং কৰাৰ সময়তে মৰ্টাৰটোৰ এটা অংশ উৰি আহি ৰেঞ্জৰ পৰা প্ৰায় ৩০০ মিটাৰ দুৰত্বত ১নং পাহাৰপুৰ গাঁওৰ মংগল বাহাদুৰ চুব্বাৰ ঘৰৰ চোতালত পৰে আৰু পৰিয়ালটো কথমপি মৃত্যুৰ মুখৰ পৰা ৰক্ষা পৰে ।

স্থানীয় ৰাইজে অভিযোগ কৰা মতে ঘটনা সন্দৰ্ভত দৰংগামেলা আৰক্ষীক খবৰ দিছিল যদিও আৰক্ষীয়ে গুৰুত্ব দিয়া নাই । বহুবাৰ ধৰি ৰেঞ্জটোত এনেধৰণৰ ঘটনা সংঘটিত হৈ আহিছে আৰু বহু মানুহৰ মৃত্যু হোৱাৰ উপৰিও ঘৰ-দুৱাৰৰ লগতে জীব জন্তুৰো ক্ষতিসাধন হৈ আহিছে ।

Also Read: লামডিঙত প্ৰেছ ক্লাবৰ বিনামূলীয়া চকু চিকিৎসা শিবিৰ : ৰে'ল কৰ্তৃপক্ষৰ দ্বাৰা অপমানিত নেপালৰ ৪গৰাকী চিকিৎসক

tamulpur firing