লোৰ দলং উটি গ’ল বানতঃ ৭ খন গাঁৱৰ যোগাযোগ বিচ্ছিন্ন...

লোৰ দলং উটি গ’ল বানতঃ ৭ খন গাঁৱৰ যোগাযোগ বিচ্ছিন্ন...

author-image
Asomiya Pratidin
New Update
লোৰ দলং উটি গ’ল বানতঃ ৭ খন গাঁৱৰ যোগাযোগ বিচ্ছিন্ন...

লোৰ দলং উটি গ’ল বানতঃ ৭ খন গাঁৱৰ যোগাযোগ বিচ্ছিন্ন...

ডিজিটেল সংবাদ তামুলপুৰঃ বিগত বানত তামুলপুৰৰ লতিবাৰী- দোৱামাখা- নাগ্ৰীজুলি পথৰ দোৱামাখাত থকা বৰলীয়া নদীৰ লোৰ দলংখন বলিয়া বানে উটুৱাই নিছিল ৷ ফলত আজি কেবাদিন ধৰি অঞ্চলটোৰ ৭ খন গাঁৱৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰে৷

Advertisment

আজি স্থানীয় ৰাইজে নিজৰ গাঁথিৰ ধন ভাঙি নিজে নিজে শ্ৰমদান কৰি যাতায়তৰ বাবে দলংখন মেৰামতি কৰে ৷ ইপিনে দোৱামাখা গাৱঁৰ বৰলীয়া নদীত থকা দলংখন তামুলপুৰৰ অভিভাৱক মন্ত্ৰী ইউ জি ব্ৰহ্ম বিধায়ক জলেন দৈমাৰীয়ে পৰিদৰ্শন কৰাৰ পাচত কালি অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে আহি স্থানীয় ৰাইজৰ সতে দলংখনৰ অৱস্থা আৰু ৰাইজৰ সমস্যাৰ বুজ লয়।

লগতে তেওঁ দলংখনেৰে ৭ খন গাঁৱৰ ৰাইজ অহাযোৱা কৰাত কিছু সকাহ হোৱাকৈ কিছু আৰ্থিক সাহায্য প্ৰমান কৰে ৷ আজি ৰাইজে অধ্যক্ষগৰাকীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ৰাইজে নিজাববীয়াকৈ কিছু ধন সংগ্ৰহ কৰি লোৰ দলংখনৰ ওপৰেৰে ৭ খন গাঁৱৰ ৰাইজৰ আহযাহ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে।

Also Read: বঢ়মপুৰৰ ৰিপাই গাহৰি পালনেৰে দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন...

তামুলপুৰ বানপানী