/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/b96749b7-c787-45b2-a6bc-53d4703f94ac/AP_FOR_WEB_gahori_paalon.jpg)
বঢ়মপুৰৰ ৰিপাই গাহৰি পালনেৰে দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন...
ডিজিটেল সংবাদ বঢ়মপুৰঃ নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত বঢ়মপুৰৰ হাতীয়নিভেটাত এগৰাকী মহিলাই গাহৰি পালনেৰে স্বাৱলম্বিতাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে । ৰিপা কৰ্মকাৰ নামৰ মহিলাগৰাকীয়ে চৰকাৰী কোনোধৰণৰ সাহাৰ্য্যৰ অবিহনেই আৰম্ভ কৰিছিল জীৱিকাৰ সন্ধান ৷
ৰিপা কৰ্মকাৰে জানিবলৈ দিয়া মতে, আজিৰ পৰা কেইবাবছৰ পূৰ্বে গাঁঠিৰ ধন ভাঙি কেইটামান সাঁচতীয়া টকাৰে কিনি অনা চাৰিটা গাহৰি পোৱালি পুহি, মাত্ৰ এবছৰৰ ভিতৰতে গাহৰি ৪৫ টালৈ বৃদ্ধি পোৱাই নহয় ,লক্ষাধিক টকা উপাৰ্জনৰো পথ প্ৰশস্ত কৰিছে ৷
নিজৰ দুটি সন্তানক লগত লৈ স্বামীৰে সৈতে একেলগে কৰ্মকাৰৰ সৰু পৰিয়ালটোৱে গাহৰি প্ৰতিপালন কৰাই নহয় , চাৰিটাকৈ পুখুৰীত মাছ পোহা, হাঁহ, কুকুৰা ,ছাগলী আৰু গৰু পুহি নৱ প্ৰজন্মক উৎকৃষ্ট দৃষ্টান্ত দেখুৱাইছে ৷ কামৰ কোনো সৰু বৰ যে নাই , তাক আকৌ এবাৰ প্ৰমাণ কৰিলে বঢ়মপুৰ হাতীয়নিভেটাৰ এইগৰাকী অত্যুৎসাহী মহিলাই ৷
সম্প্ৰতি ৰিপা কৰ্মৰাকে গাহৰি বিক্ৰীৰ যো-জা চলাইছে ৷ কোনো লোকে সুলভ মূল্যত গাহৰি ক্ৰয় কৰিব বিচাৰিলে তেওঁক ৯৮৬৪২২০৩৮৮ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি জনাইছে ৷
Also Read: শিশু নিৰ্যাতনকাৰী প্ৰাক্তন মন্ত্ৰীক জেললৈঃ পত্নীক আৰক্ষী জিম্মালৈ প্ৰেৰণ...