নিখিল বড়ো ছাত্ৰ সন্থাৰ নৱ গঠিত কেন্দ্ৰীয় সমিতিৰ শপতগ্ৰহণ...

নিখিল বড়ো ছাত্ৰ সন্থাৰ নৱ গঠিত কেন্দ্ৰীয় সমিতিৰ শপতগ্ৰহণ...
নিখিল বড়ো ছাত্ৰ সন্থাৰ নৱ গঠিত কেন্দ্ৰীয় সমিতিৰ শপতগ্ৰহণ...

ডিজিটেল সংবাদ চিৰাংঃ আজি চিৰাং জিলা সদৰ কাজলগাঁওস্থিত জিলা এবছুৰ কায্যালয়ত নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ কেন্দ্ৰীয় সমিতিৰ নৱ গঠিত সমিতিৰ শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয় । যোৱা ২৬,২৭ আৰু ২৮ জানুৱাৰী ওদালগুৰী জিলাৰ ৰৌতা চাৰিআলিত অনুষ্ঠিত এবছুৰ ৫৫ সংখ্যক কেন্দ্ৰীয় অধিৱেশনত নৱগঠিত কেন্দ্ৰীয় সমিতিৰ সভাপতি দ্বীপেন বড়ো, সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰীসহ অন্যান্য কাৰ্য্যনিৰ্ব্বাহক সদস্যসকলৰ উপস্থিতিত প্ৰথমে এবছুৰ উপদেষ্টা খুংখ্ৰা স্বৰ্গীয়াৰীয়ে এবছুৰ সভাপতি দ্বীপেন বড়োক শপত বাক্য পাঠ কৰায় ।

তাৰ পিছত এবছুৰ সভাপতি দ্বীপেন বড়োয়ে সমিতিৰ কাৰ্য্যকৰী কমিটীৰ সাধাৰণ সম্পাদক সমন্বিতে আন সদস্যসকলক এবছুৰ সংবিধানৰ নিয়ম অনুসৰি শপত বাক্য পাঠ কৰায়। শপতগ্ৰহণৰ অন্তত এবছুৰ বিভিন্ন জিলা সমিতিৰ বিষয়ববীয়াসকলে নৱ গঠিত এবছুৰ নেতৃবৰ্গক আৰ'নাই আৰু ফুলৰ থোপাৰে উষ্ম আদৰণি জনায়।

তাৰ পিছত এবছুৰ সভাপতি দ্বীপেন বড়োৰ পৌৰহিত্যত ২০২৩-২৪ দুবছৰীয়া কাৰ্য্যকালৰ নতুন সমিতিৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সভা অনুষ্ঠিত হয় । সভাৰ অন্তত এক সংবাদ মেলৰ আয়োজন কৰি এবছুৰ সভাপতি গৰাকীয়ে কয় যে, যোৱা ২৬,২৭ আৰু ২৮ জানুৱাৰী ওদালগুৰী জিলাৰ ৰৌতা চাৰিআলিত অনুষ্ঠিত এবছুৰ ৫৫ সংখ্যক কেন্দ্ৰীয় অধিৱেশনৰ প্ৰতিনিধি সভাত আগন্তুক ২০২৩-২৪ দুবছৰীয়া কাৰ্য্যকালত যিসমূহ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল সেই সিদ্ধান্তসমূহ বাস্তৱায়িত কৰাৰ লক্ষ্যৰে আজি কাৰ্য্যনিৰ্বাহক সভাত আলোচনা কৰা হয় ।

তাৰে ভিতৰত এক দীঘলীয়া সশস্ত্ৰ সংগ্ৰামৰ অন্ত পেলাই যোৱা ২০২০ চনৰ ২৭ জানুৱাৰীত ঐতিহাসিক বি টি আৰ শান্তিচুক্তি সম্পাদিত হৈছিল। পৰৱৰ্তী সময়ত বি টি আৰ শান্তিচুক্তি ইতিমধ্যেই তিনিবছৰ সম্পূৰ্ণ কৰিছে তাৰ মাজতে বহুকেইটা দফি চৰকাৰে ৰূপায়ন কৰিছে তাৰ বাবে কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে ।

কিন্তু বি টি আৰ শান্তিচুক্তিৰ কিছু মূল দফা এতিয়াও ৰূপায়ন হ'বলৈ বাকী আছে আৰু সেই দফাসমূহ অতিশীঘ্ৰেই চৰকাৰে যাতে ৰূপায়ন কৰে তাৰ বাবে দাবী উত্থাপন কৰা হৈছে । নিখিল বড়ো ছাত্ৰ সন্থাই আগন্তুক দিনত বিশ্ববিদ্যালয়, মহাবিদ্যালয় আৰু আঞ্চলিক পৰ্যায়ত ১০ হেজাৰ নতুন সদস্য ভৰ্তি অভিযান চলাব আৰু অহা এপ্ৰিল মাহত এখন চিন্তন শিবিৰৰ লগতে কৰ্মশালাৰ আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নাম ব্যৱহাৰ কৰি বিভিন্ন অনুষ্ঠান - প্ৰতিষ্ঠান, বিদ্যালয় গঢ় লৈ উঠিছে, বহুতে তেখেতৰ জীৱনৰ ওপৰত তথ্যচিত্ৰ বনাব বিচাৰিছে লগতে বহু ঠাইত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিও স্থাপন কৰিছে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে কিন্তু বহু ঠাইত তেখেতৰ নাম লৈ অপব্যৱহাৰ কৰাৰো অভিযোগ এবছুৰ কৰ্ণগোচৰ হৈছে । সেয়ে এতিয়াৰে পৰা যদি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নাম কোনোবা অনুষ্ঠান প্ৰতিষ্ঠানে ব্যৱহাৰ কৰিব খোজে তেনেহলে সংশ্লিষ্ট পক্ষই নিখিল বড়ো ছাত্ৰ সন্থা নাইবা বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম ট্ৰাষ্টৰ পৰা লিখিত অনুমতি লব লাগিব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি সদৰি কৰে।

ইপিনে গুণগত শিক্ষাৰ বাবে এবছুয়ে পূৰ্বৰে কাম কৰি আহিছে আৰু আগলৈ এই ধাৰা অব্যাহত ৰখাৰ কাৰণে এবছু সংকল্পবদ্ধ আৰু নতুন নীতি- ২০২০ যিটো ২০২৩ চনত কাৰ্য্যকৰী হবলৈ গৈ আছে সেই বিষয়টো এবছুৱে গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে । এই নতুন শিক্ষানীতিক সফৰ ৰূপায়ন কৰিবলৈ এবছুৰ ফালৰ ঠায়ে ঠায়ে সজাগতামূলক অভিযান চলাই যাব বুলি জানিবলৈ দিয়ে ।

"বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম বহনক্ষম পৰিবৰ্তন" নামৰ এটা অভিযানৰ জৰিয়তে সমাজৰ পৰা নিষিদ্ধ ড্ৰাগছ মুক্ত সমাজ তথা বড়ো সমাজ গঢ়িবলৈ এবছু সংকল্পবদ্ধ আৰু যুৱ সমাজক ধ্বংসৰ মুখলৈ ঠেলি দিয়া ড্ৰাগছ বিৰুদ্ধ এবছুয়ে নিৰন্তৰ ভাৱে কাম কৰি আছে বুলি মন্তব্য কৰে আৰু এই ড্ৰাগছৰ বিৰুদ্ধে যুঁজ দিবলৈ ওদালগুৰী জিলাৰ দুই এবছু কৰ্মী দুষ্কৃতিকাৰীৰ দ্বাৰা আক্ৰান্ত হোৱাৰ কথা উল্লেখ কৰে ।

এই ঘটনাৰ বাবে তেখেতে গৰিহণা দিয়ে লগতে এই ঘটনাৰ সৈতে যিসকল অপৰাধী জড়িত আছিলে তেওঁলোকক অতি সোনকালে গ্ৰেপ্তাৰ কৰি শাস্তি প্ৰদান কৰিবলৈ আৰক্ষী প্ৰশাসনলৈ দাবী উত্থাপন কৰে । ভূমিপুত্ৰসকলৰ ৰক্ষাকবচ ট্ৰাইবেল বেল্ট আৰু ব্লক এলেকাত বসবাসকাৰী জনজাতি লোকসকলৰ ভূমি সুৰক্ষিত কৰাৰ স্বাৰ্থত বেদখল হৈ থকা ট্ৰাইবেল বেল্ট আৰু ব্লকসমূহ বেদখলমুক্ত কৰাৰ বাবে অসম চৰকাৰ তথা বি টি চি প্ৰশাসনক দাবী জনোৱা হয় ।

তদুপৰি বনসুৰক্ষা আইন মতে বনগাঁৱত বসবাস কৰা জনজাতি লোকসকলক ভূমিপট্টা প্ৰদান কৰাৰ দাবীৰ কথা সংবাদ মেলত উল্লেখ কৰে । বসুন্ধৰা আইনৰ অধীনত জনজাতি লোকসকলক যি পঞ্চাশ বিঘাকৈ ভূমি প্ৰদান কৰাৰ কথা উল্লেখ কৰা হৈছে সেয়া কাৰ্য্যকৰী কৰাৰ দাবী কৰা হৈছে ।

দেশৰ নিৰ্বাচন আয়োগৰ অধীনত অসম যি সমষ্টি পুনঃনিৰ্দ্ধাৰণ প্ৰক্ৰিয়া চলি আছে তাতে ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ জনজাতি সংৰক্ষণ উঠাই দি মুকলি কৰাৰ প্ৰস্তাৱ ৰখা হৈছে সেই প্ৰস্তাৱ বাতিল কৰি কোকৰাঝাৰ লোকসভা সমষ্টি পূৰ্বৰ দৰে জনজাতিৰ বাবে সংৰক্ষিত কৰি ৰখাৰ দাবী উত্থাপন কৰা হৈছে । অসমীয়া গামোচাখনক যিদৰে জিআইটেগ কৰা হৈছে ঠিক সেইদৰে বড়ো জনগোষ্ঠীয় লোকসকলৰ অন্যতম চিনাকী স্বৰূপ আৰ'নাইকো কেন্দ্ৰীয় চৰকাৰে জিআইটেগ প্ৰদান কৰাৰ বাবে যাৱতীয় ব্যবস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি সদৰি কৰে ।

সংবাদ মেলত এবছুৰ সভাপতি দ্বীপেন বড়োই বিগত ১০ দিনত চিৰাং জিলাত এখন পেট্ৰল পাম্পত, ৰুণীখাতাৰ সাপ্তাহিক বজাৰত আৰু সোমবাৰে কোকৰাঝাৰ চহৰৰ আন এটা পেট্ৰল পাম্পত দুষ্কৃতিকাৰীৰ দলে মৰণাস্ত্ৰ দেখুৱাই সংঘটিত কৰা ডকাইতি কাণ্ডৰ উদ্বেগ প্রকাশ কৰে । তেখেত কয় যে, বি টি আৰ শান্তিচুক্তি সম্পাদিত হোৱাৰ পিছত বি টি আৰ এলেকাত এটা শান্তিৰ পৰিৱেশ ঘূৰি আহিছিল কিন্তু সেই শান্তিৰ পৰিৱেশ বিনষ্ট কৰিবলৈ এটা দুষ্ট চক্ৰই অপচেষ্টা চলাই আছে ।

যাৰ কাৰণে ইমান দিনে মুকলি মনে ব্যৱসায়ী বাণিজ্য কৰা লোকসকলৰ মাজত এক আতংকৰ সৃষ্টি হবলৈ ধৰিছে । বি টি আৰ অঞ্চলত প্ৰতি গৰাকী নাগৰিকৰ জীৱন সম্পত্তিৰ সুৰক্ষা দিয়াৰ স্বাৰ্থত আৰক্ষী প্ৰশাসনে ইয়াৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ আহ্বান জনায় আৰু এই ক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষী সঞ্চালক জি পি সিঙৰ হস্তক্ষেপ কামনা কৰে ।

কাইলৈ অৰ্থাৎ ১৫ ফেব্ৰুৱাৰী নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ ৫৬ সংখ্যক প্ৰতিষ্ঠা দিৱস। সদায় সমাজৰ হকে নিৰবিচ্ছিন্ন ভাৱে কাম কৰি অহা এবছুৰ এই প্ৰতিষ্ঠা দিৱস দেশবাসীৰ লগতে ৰাজ্যবাসীৰ উদ্দেশ্যে আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰে ।

এবছুৰ এই প্ৰতিষ্ঠা দিৱসত প্ৰতিখন জিলা আৰু আঞ্চলিক এবছু কাৰ্যালয়ত দিনজোৰা কাৰ্য্যসূচীৰে পালন কৰা হব আৰু সন্ধিয়াৰ ভাগত প্ৰতিখন জিলা কাৰ্যালয়ৰ পৰা এটা সমদল উলিওৱা হব বুলি জানিবলৈ দিয়ে ।

নিখিল বড়ো ছাত্ৰ সন্থাৰ নৱ গঠিত কেন্দ্ৰীয় সমিতিৰ শপতগ্ৰহণ...
ছত্তীশগড় লোক সেৱা আয়োগৰ পৰীক্ষাৰ 'ৰাজনৈতিক' প্ৰশ্ন: আৰম্ভ বিতৰ্ক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in