স্বপন কুমাৰ দত্তৰ মৃত্যুত শোকঃ ৬ ঘণ্টীয়া বন্ধৰ আহ্বান...

স্বপন কুমাৰ দত্তৰ মৃত্যুত শোকঃ ৬ ঘণ্টীয়া বন্ধৰ আহ্বান...

author-image
Asomiya Pratidin
New Update
স্বপন কুমাৰ দত্তৰ মৃত্যুত শোকঃ ৬ ঘণ্টীয়া বন্ধৰ আহ্বান...

স্বপন কুমাৰ দত্তৰ মৃত্যুত শোকঃ ৬ ঘণ্টীয়া বন্ধৰ আহ্বান...

ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ বালাজান তিনালী নিৱাসী তথা তিনালী -চাৰিআলি বিপিএফ প্ৰাথমিক কমিটিৰ প্ৰাক্তন সম্পাদক, বিষ্ণু দেৱোত্তোৰ বজাৰ উন্নয়ন সমিতিৰ উপদেষ্ঠা, হিমালয়ান ক্লাৱ আৰু ফৰৱাৰ্ড ক্লাৱৰ প্ৰতিষ্ঠাপক সম্পাদক স্বপন কুমাৰ দত্ত(৬১) সোমবাৰে নিশা ১২:৩০ বজাত গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ নাৰ্ছিংহোমত চিকিৎসাধীন অৱস্থাতে পৰলোকপ্ৰাপ্তি ঘটে। তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে বালাজান তিনালী অঞ্চলত শোকৰ ছাঁ পৰে আৰু চিকিৎসালয়ৰ পৰা মৃতদেহ ঘৰ আহি পোৱাৰ পিছতে অজস্ৰ গুণমুগ্ধই শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ মৃতকৰ বাসভৱনত ভিৰ কৰে ।

Advertisment

তিনালী -চাৰিআলি বিপিএফ প্ৰাথমিক কমিটিৰ সভাপতি খনিন্দ্ৰ বসুমতাৰী , সম্পাদক সজীৱ বসুমতাৰী , বিষ্ণু দেৱোত্তোৰ বজাৰ উন্নয়ন সমিতিৰ সভাপতি সুকুৰাম দৈমাৰী , সম্পাদক বিশ্বজিৎ ৰায় , বালাজান তিনালী ব্যৱসায়ী সন্থাৰ সভাপতি ধনঞ্জয় নাথ আদিকে ধৰি বহু বিশিষ্টই মৃতকৰ বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ।

মৃত্যুৰ পূৰ্বে স্বপন কুমাৰ দত্তই সহধৰ্মনী, এগৰাকী কন্যা আৰু এগৰাকী পুত্ৰ সন্তান ইহজগতত এৰি থৈ যায়।উল্লেখ্য যে, বালাজান তিনালী ব্যৱসায়ী সন্থা আৰু বিষ্ণু দেৱোত্তোৰ বজাৰ উন্নয়ন সমিতিয়ে যৌথভাৱে স্বপন কুমাৰ দত্তৰ মৃত্যুত শোকপ্ৰকাশ কৰি অহা বুধবাৰ অৰ্থাৎ ২২ নৱেম্বৰ তাৰিখে ৰাতিপুৱা ৬ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ বালাজান তিনালী বজাৰ -পোহাৰ বন্ধ ৰখা হ'ব বুলি সদৰি কৰিছে।

Also Read: সাংস্কৃতিক পৰিক্ৰমাৰ বিভাগ, SLACৰ উদ্যোগত ধেমাজিত বৰ্ণাঢ্য কাৰ্যসূচীৰে লাচিত দিৱসৰ আয়োজন...

বালাজান