/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/333e7d1d-145c-49f5-8f9c-0bfba87f966a/1.jpg)
ডিজিটেল সংবাদ, তামুলপুৰঃ তামুলপুৰ জিলাৰ জামগুৰিত অৱস্থিত বাৰাজা বাথৌ আশ্ৰমত শনিবাৰে বাৰদিনীয়া গ্ৰীষ্মকালীন শিবিৰৰ সামৰণি পৰে। শিক্ষানুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰীসকলক শিক্ষক-শিক্ষয়িত্ৰীসকলে পাঠ্যপুথিৰ শিক্ষাদান কৰাৰ উপৰিও সহ পাঠ্যক্ৰমৰ বিষয়ে আভাস দিয়াৰ লক্ষ্যৰে গ্ৰীষ্মকালীন শিবিৰৰ আয়োজন কৰি গীত - মাত, নৃত্য-নাটক হস্তকলা আৰু চিত্ৰকলা আদি বিষয়ত উপযুক্ত প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়াৰ দিহা কৰে৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/e7861f87-b0b3-4a62-aecf-c30cdf965ea0/383a78a0-2a51-4b77-89cd-c79728a8b7cb.jpg)
১জুলাইৰ পৰা আৰম্ভ হোৱা ১২দিনীয়া গ্ৰীষ্মকালীন শিবিৰৰ শনিবাৰে সফল সামৰণি পৰে। তদুপলক্ষে আজি শিক্ষানুষ্ঠানখনৰ চৌহদত গ্ৰীষ্মকালীন শিবিৰৰ সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হয়৷ অনুষ্ঠানটো আনুষ্ঠানিকভাৱে মুকলি কৰে বাৰাজা বাথৌ আশ্ৰমৰ পৰিচালনা সমিতিৰ সভাপতি ৰত্নেশ্বৰ নাৰ্জাৰীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/46ee5989-a5b9-435e-88b0-f3727c670c63/ceeb6af9-77e1-44ad-b63c-de7cbc28586c.jpg)
অনুষ্ঠানত প্ৰশিক্ষণত অংশ লোৱা ছাত্ৰ-ছাত্ৰীসকলে গীত-নৃত্য আৰু নাটক হস্তশিল্প, চিত্ৰাংকন আদি পৰিৱেশন কৰি শিক্ষক শিক্ষয়িত্ৰী অভিভাৱকসকলক আপ্লুত কৰে। আজিৰ সামৰণি অনুষ্ঠানত শিক্ষানুষ্ঠান পৰিচালনা সমিতিৰ সম্পাদক ঋষিকেশ দাস অধ্যক্ষ মনীষা চৰকাৰ প্ৰমুখ্যে শিক্ষক শিক্ষয়িত্ৰীসকল, সমল ব্যাক্তি ক্ৰমে যুৱ শিল্পী অমন দাস, মৃন্ময় বড়ো আৰু বিশিষ্ট নাগৰিক গহীন স্বৰ্গীয়াৰী সহ পৰিচালনা সমিতিৰ সদস্যসকল উপস্থিত আছিল ৷
Also Read: বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰ দিশে চৰাইদেউ মৈদাম !