শিৱসাগৰ যুৱদলত তথ্যচিত্ৰ 'হৃদয় সুৰীয়া' আৰু সংগৃহীত পুথি 'দিহানাম (প্ৰাচীন)' উন্মোচন

শিৱসাগৰ যুৱদলত তথ্যচিত্ৰ 'হৃদয় সুৰীয়া' আৰু সংগৃহীত পুথি 'দিহানাম (প্ৰাচীন)' উন্মোচন

author-image
Asomiya Pratidin
New Update
শিৱসাগৰ যুৱদলত তথ্যচিত্ৰ 'হৃদয় সুৰীয়া' আৰু সংগৃহীত পুথি 'দিহানাম (প্ৰাচীন)' উন্মোচন

ডিজিটেল সংবাদ,শিৱসাগৰ : শনিবাৰে শিৱসাগৰ জিলাৰ যুৱদলত তথ্যচিত্ৰ 'হৃদয় সুৰীয়া' আৰু সংগৃহীত পুথি 'দিহানাম (প্ৰাচীন)' উন্মোচন কৰা হয়। দিহানাম সম্বলিত কাহিনীভিত্তিক তথা বিশিষ্ট লোকসংগীতৰ গৱেষক, ভাস্কৰ্য শিল্পী প্ৰেমেশ্বৰ দত্তৰ লোকসংগীতক আধাৰ হিচাপে লৈ নিৰ্মাণ কৰা হয়' হৃদয় সুৰীয়া' নামৰ তথ্যচিত্ৰখন।

Advertisment

উল্লেখযোগ্য যে প্ৰাচীন লোকসংগীত সংৰক্ষণ মঞ্চই আয়োজন কৰা উক্ত অনুুষ্ঠানত বহুকেইগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। এইচ এল প্ৰডাকচনে নিৰ্মাণ কৰা তথ্যচিত্ৰখনি পৰিচালনা আগমণি দত্তৰ।

উক্ত অনুষ্ঠানত শিৱসাগৰৰ সমাজ-সংস্কৃতিৰে জড়িত দুই শতাধিক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Also Read: টুপিয়াৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : একে গাঁৱৰে তিনি গৰাকী আঘাতপ্ৰাপ্ত

documentary