সাহিত্য-সংস্কৃতিৰ বাৰেৰহণীয়া কাৰ্যসূচীৰে ৬৩ সংখ্যক বাৰ্ষিক বড়ো সাহিত্য সভাৰ আয়োজন

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে আসন অলংকৃত কৰিব সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱা আৰু অসম সাহিত্য সভাৰ সভাপতি ড০ সূৰ্যকান্ত হাজৰিকাই
সাহিত্য-সংস্কৃতিৰ বাৰেৰহণীয়া কাৰ্যসূচীৰে ৬৩ সংখ্যক বাৰ্ষিক বড়ো সাহিত্য সভাৰ আয়োজন

ডিজিটেল ডেস্ক : বকো গান্ধী ময়দান সমন্বয় খেলপথাৰত ৩দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ৬৩ সংখ্যক বাৰ্ষিক বড়ো সাহিত্য সভা। কামৰূপ জিলা বড়ো সাহিত্য সভা আৰু অভ্যৰ্থনা সমিতিৰ সহযোগত আয়োজন কৰা হ'ব এই অনুষ্ঠানৰ। আয়োজক সমিতিয়ে জনোৱা অনুসৰি অহা ১৯, ২০ আৰু ২১ জানুৱাৰীত বাৰেৰহণীয়া ৩দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হ'ব।

অনুষ্ঠানৰ প্ৰথম দিনা পুৱা ৭-০০ বজাত অভ্যৰ্থনা সমিতিৰ কাৰ্যালয় উদ্বোধন কৰিব কামৰূপ জিলা বড়ো সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল কুমাৰ বড়োৱে। ইয়াৰ পিছতে উপ-সমিতিৰ কাৰ্যালয় উদ্বোধন কৰা হ'ব। একেদৰে জিলা আয়ুক্ত কীৰ্তি জল্লীয়ে উদ্বোধন কৰিব প্ৰয়াত তাৰিণী প্ৰসাদ খাখলাৰী,ৰবীন্দ্ৰ খাখলাৰী আৰু ধনেশ্বৰ খাখলাৰী সোঁৱৰণী মূলদ্বাৰ উন্মোচন কৰিব।

পুৱা ১০-০০ বজাত বিধায়ক হেমাংগ ঠাকুৰীয়াই উদ্বোধন কৰিব প্ৰয়াত সভাৰাম দৈমাৰী সোঁৱৰণি মঞ্চ। ইয়াৰ পিছতে দিনৰ ২-৩০ বজাত বহু ভাষিক কবি সন্মিলন অনুষ্ঠিত কৰা হ'ব। এই কাৰ্যসূচীত উপস্থিত থাকিব ডা০ অনিল বড়ো, ড০ ললিত চন্দ্ৰ ৰাভা, অধ্যাপিকা ভৈৰৱী বড়ো, অনুপমা বসুমতাৰী আদি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি।

অনুষ্ঠানৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা ৮-০০ বজাত পতাকা উত্তোলন কৰিব বড়ো সাহিত্য সভাৰ সভাপতি ড০ সুৰথ নাৰ্জাৰীয়ে। ছহিদ তৰ্পণ কাৰ্যসূচীত তৰ্পক হিচাপে উপস্থিত থাকিব উপ-সভাপতি প্ৰশান্ত বড়ো। ইয়াৰ পিছতে পুৱা ১০-০০ বজাত উন্মোচন কৰা হ'ব "বৰ্খো জন্থি" শীৰ্ষক স্মৰণিকা। উন্মোচন কৰিব অভিযন্তা টঙ্কেশ্বৰ ৰাভাই। অনুষ্ঠানত মুখ্য অতিথি হিচাপে থাকিব শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগু।

উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে আসন অলংকৃত কৰিব সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱা আৰু অসম সাহিত্য সভাৰ সভাপতি ড০ সূৰ্যকান্ত হাজৰিকাই।

ইয়াৰ পিছতে বড়ো ভাষা সাহিত্য লৈ আগবঢ়োৱা অৱদানৰ বাবে বিশেষ বিশেষ ব্যক্তিসকলক বিভিন্ন শিতানত বঁটা প্ৰদান কৰা হ'ব। আনহাতে উক্ত দিনাই দুপৰীয়া এখনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰৰো আয়োজন কৰা হৈছে। এই আলোচনাচক্ৰখনিত অধ্যক্ষ হিচাপে থাকিব ড০ পৰমানন্দ মছাহাৰী। সমল ব্যক্তি হিচাপে ভাগ ল'ব গৌহাটী বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক ৰাজীৱ সন্দিকৈ, ড০ উত্তম বাথাৰী আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ড০ সুদেৱ বসুমতাৰীয়ে।

আবেলি ৩-০০ বজাত অনুষ্ঠিত হ'ব কবি সন্মিলন। অধ্যক্ষৰ আসন গ্ৰহণ কৰিব বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা সাহিত্য অকাডেমীৰ উপদেষ্টা তৰেণ বড়োৱে। সন্মিলনখন উদ্বোধন কৰিব ভূপেন নাৰ্জাৰীয়ে। বিশিষ্ট অতিথি হিচাপে থাকিব মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্ম।

আনহাতে ২১ জানুৱাৰীৰ দিনা পুৱা ৯-০০ বজাত সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচী মুকলি কৰিব সাংসদ কুইন ওজাই। দুপৰীয়া অনুষ্ঠিত হ'ব মুকলি সভা। সভাখনি উদ্বোধন কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। আদৰণি ভাষণ প্ৰদান কৰিব বিধায়ক হেমাংগ ঠাকুৰীয়াই। সভাত মুখ্য অতিথি হিচাপে থাকিব সাহিত্য অকাডেমীৰ উপ-সভাপতি কুমুদ শৰ্মা।

ইয়াৰোপৰি বিশিষ্ট অতিথি হিচাপে উপস্থিতি থাকিব বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী, মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, দ্বীপেন বড়ো, মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্ম, জয়ন্ত মল্লবৰুৱা, চন্দ্ৰমোহন পাটোৱাৰী, অশোক সিংঘল, পিযুষ হাজৰীকা, নন্দিতা গাৰ্লোচা,ৰণজিত কুমাৰ দাস, বিমল বড়া আদিকে ধৰি কেইবাগৰাকী ব্যক্তি।

সন্ধিয়া ৭-০০ বজাত অনুষ্ঠিত হ'ব প্ৰয়াত সৰ্বেশ্বৰ বড়ো, সোণেশ্বৰ বড়ো, খড়্গেশ্বৰ বড়ো, নৰকেশ্বৰ বড়ো আৰু ধজেন বড়ো সোঁৱৰণি সাংস্কৃতিক সন্ধিয়া কাৰ্যসূচী। উদ্বোধন কৰিব অভিনেতা তথা ছবি প্ৰযোজক ওম প্ৰকাশ খেৰকাটাৰীয়ে।

সাহিত্য-সংস্কৃতিৰ বাৰেৰহণীয়া কাৰ্যসূচীৰে ৬৩ সংখ্যক বাৰ্ষিক বড়ো সাহিত্য সভাৰ আয়োজন
হাত নালাগে, লাগে হাতী !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in