নিচাযুক্ত দ্ৰব্য সেৱন কৰাই কিশোৰীক দলবদ্ধ ধৰ্ষণ, আটক ৩

মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। পশ্চিম বৰাগাঁৱৰ পৰা এক ধৰ্ষণৰ ঘটনা পোহৰলৈ আহিছে

author-image
Asomiya Pratidin
New Update
দিল্লীত ধৰ্ষণৰ বলি অসমৰ যুৱতী, কামৰ প্ৰলোভনেৰে কৰা হৈছিল সৰবৰাহ

নিচাযুক্ত দ্ৰব্য সেৱন কৰাই কিশোৰীক দলবদ্ধ ধৰ্ষণ, আটক ৩

ডিজিটেল ডেস্কঃ মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। পশ্চিম বৰাগাঁৱৰ পৰা এক ধৰ্ষণৰ ঘটনা পোহৰলৈ আহিছে। অভিযোগ অনুসৰি নিচাযুক্ত দ্রব্য সেৱন কৰোৱাই এগৰাকী কিশোৰীক ধৰ্ষণ কৰে দুৰ্বৃত্তই।

Advertisment

কিশোৰীগৰাকীৰ পৰিয়ালে অভিযোগ উত্থাপন কৰি কয় যে, ৪ জনীয়া দুৰ্বৃত্তৰ এটা দলে এই দুষ্কাৰ্য সংঘটিত কৰে। ইতিমধ্যে ন্যায় বিচাৰি আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী পৰিয়ালটো। ঘটনাৰ পাছতে এজাহাৰ দাখিল কৰিছে পৰিয়ালৰলোকে।

POCSO আইনৰ অধীনত গড়চুক থানাত ২২৯/২৩ নম্বৰত গোচৰ ৰুজু হৈছে। জানিব পৰা মতে দেওবাৰলৈকে এই ঘটনাৰ লগত জড়িচ ৩ অভিযুক্তক আটক কৰিঠে গড়চুক আৰক্ষীয়ে। ঘটনাৰ লগত জড়িত মূল অভিযুক্ত বৰ্তমানেও পলাতক। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

Also Read: তিতাবৰ ৰাজীৱ ভৱনত উত্তপ্ত পৰিস্থিতি

Assam police