মেঘালয়ত জব্দ বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী...

মেঘালয়ত জব্দ বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী...

ডিজিটেল সংবাদ শিলচৰ: নৈশ চুপাৰ বাছত শিলচৰৰ পৰা গুৱাহাটীলৈ সৰবৰাহৰ সময়ত মেঘালয়ত জব্দ কৰা হৈছে বুজন পৰিমাণৰ হেৰ'ইন আৰু গাঞ্জা। বুধবাৰে পুৱা ইষ্ট জয়ন্তীয়া হিলছ জিলাৰ লুমছনং আৰক্ষীয়ে শিলচৰৰ পৰা গুৱাহাটী অভিমুখী দুখন নৈশ ছুপাৰ বাছত তালাচী চলাই তিনিগৰাকী যাত্ৰীৰ পৰা জব্দ কৰে ৪০ টা হেৰ'ইন ভৰ্তি চাবোনৰ বাকচ।

বাকচ কেইটাৰ পৰা মুঠ ৪১২ গ্ৰাম হেৰʼইন জব্দ কৰা হয়। জব্দ কৰা হেৰ''ইনৰ মূল্য প্ৰায় ৩.৬ কোটি টকা বুলি সদৰি কৰিছে আৰক্ষীয়ে।‌ আনহাতে, আন এখন‌ নৈশ‌ বাছত তালাচী চলাই ৯.০৩১ কেজি গাঞ্জা জব্দ কৰে ।

হেৰ'ইন আৰু গাঞ্জাখিনি শিলচৰৰ পৰা গুৱাহাটীলৈ সৰবৰাহৰ পৰিকল্পনা কৰিছিল সৰবৰাহকাৰীয়ে। হেৰ'ইন আৰু গাঞ্জা সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে কাছাৰ জিলাৰ ৩জন লোকক গ্ৰেপ্তাৰ কৰিছে।

ধৃত লোক কেইজন ৰাজনগৰৰ আমজাদ হুছেইন লস্কৰ (১৮) ,মনিব হুছেইন লস্কৰ আৰু ধলাই ইছালামাবাদৰ চমিৰ হুছেইন বৰভূঞা। তেওঁলোকৰ‌ পৰা তিনিটা মোবাইল ফোনো‌ জব্দ কৰা হৈছে।

মেঘালয় আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিয়া মতে, বিগত ১০ দিনৰ ভিতৰত ড্ৰাগছৰ‌ বিৰুদ্ধে ইষ্ট জয়ন্তীয়া হিলছ আৰক্ষীৰ এইটো ৫মটো সাফল্য । এই ১০ দিনত প্ৰায় ১৫ কোটি টকাৰ হেৰ'ইনসহ অন্যান্য ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষী।

মেঘালয়ত জব্দ বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী...
ৰাইদঙীয়াৰ কেন্দ্ৰীয় ৰঙালী বিহুৰ আয়োজন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in