মৰাভূৰ নৈৰ গৰাখহনীয়াৰ কবলত চিদলী ৰাজহচক্ৰঃ ব্যাহত যাতায়ত ব্যৱস্থা

মৰাভূৰ নৈৰ গৰাখহনীয়াৰ কবলত চিদলী ৰাজহচক্ৰঃ ব্যাহত যাতায়ত ব্যৱস্থা

author-image
Asomiya Pratidin
New Update
মৰাভূৰ নৈৰ গৰাখহনীয়াৰ কবলত চিদলী ৰাজহচক্ৰঃ ব্যাহত যাতায়ত ব্যৱস্থা

ডিজিটেল সংবাদ, চিৰাং: চিৰাং জিলাৰ চিদলী ৰাজহচক্ৰৰ অন্তৰ্গত গৰুভাষাৰ লাউৰীপাৰা গাঁৱত মৰাভূৰ নৈৰ গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। স্থানীয় লোকসকলে জানিবলৈ দিয়া মতে মৰাভূৰ নৈৰ গৰাখহনীয়াই প্ৰতিবছৰে লাউৰীপাৰা গাঁৱত ধ্বংসলীলা চলাই আহিছে।

Advertisment

উল্লেখ্য যে যোৱা বছৰ গৰাখহনীয়াই কৃষিপ্ৰধান অঞ্চলটোৰ খেতিপথাৰত জলসিঞ্চন ব্যৱস্থাৰ একমাত্ৰ ভৰষা শ্লুইচ গেটক ধ্বংসস্তুপলৈ পৰিণত কৰিছিল। এইবেলি নতুনকৈ হোৱা গৰাখহনীয়াই লাউৰীপাৰা গাঁৱৰ যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন কৰি পেলাইছে।

লাউৰীপাৰা গাঁৱৰ মাজেৰে বৈ যোৱা মৰাভূৰ নৈৰ ওপৰত থকা পকী দলঙৰ দুয়ো দিশৰ বৃহৎ অংশ গৰাখহনীয়াত খহি যোৱাৰ ফলত অঞ্চলটোৰ যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে। ফলত অঞ্চলটোৰ ৰাইজ যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে।

দলং সংলগ্ন পথছোৱা খহি যোৱাৰ আশংকাত ৰাইজে দলঙলৈ যোৱা পথৰ ওপৰত বাঁহগছ পেলাই দি পথছোৱা বন্ধ কৰি ৰাখিছে। গৰাখহনীয়াত জলসিঞ্চন প্ৰকল্পৰ তদাৰক কৰা কৰ্মচাৰীৰ গৃহটোৰ ৯০ শতাংশ নৈৰ বুকুত জাহ গৈছে তদুপৰি নৈপৰীয়া লোকৰ কৃষিভূমি, বাঁহজোপা, তামোল গছ নৈৰ বুকুত জাহ যাবলৈ আৰম্ভ হৈছে।

এইখিনিতে উল্লেখ কৰাটো প্ৰয়োজনীয় যে, গৰাখহনীয়াৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ বুজ লবলৈ এই পৰ্যন্ত কোনো এজন বিভাগীয় লোক গাঁওখনত উপস্থিত হোৱা নাই। গৰাখহনীয়াত বিধ্বস্ত দলংখনৰ যাতায়ত ব্যৱস্থাক লৈ সম্প্ৰতি চিন্তিত হৈ পৰিছে। কাৰণ উক্ত পথেৰে কণ কণ স্কুলীয়া ছাত্ৰ ছাত্ৰী সকলে যাতায়ত কৰে।

ইপিনে এই পৰিস্থিতিত শিশু সকলে যাতায়ত কৰিব লগীয়া হ'লে অনাগত দিনত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰিছে ৰাইজে। সেয়ে লাউৰীপাৰা গাঁঁওবাসীয়ে কোনো এটা অনাকাংক্ষিত ঘটনা সংঘটিত হোৱাৰ আগতেই সংশ্লিষ্ট বিভাগ তথা বিটিচি প্ৰশাসনে ইয়াৰ এটা সুব্যৱস্থা গ্ৰহণ কৰে তাৰ বাবে দাবী উত্থাপন কৰিছে।

Also Read: গুৰু-গম্ভীৰ পৰিৱেশত বিবেকানন্দ কেন্দ্ৰত বাঁহীবাদন অনুষ্ঠান

chirang