/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/1adb9d38-7eba-48c6-8bae-fa4abb13be12/142.jpg)
ডিজিটেল ডেস্ক : অস্তগামী বেলিটো তেতিয়া পশ্চিম আকাশত হেঙুলীয়া হৈ পৰিছে। ব্ৰহ্মপুত্ৰৰ হেঙুলীয়া পানীৰ বতাহে ছিৰ্ ছিৰ্ শব্দ কৰি চুই গৈছে সকলোৰে মন।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/42f80b4a-5810-42a4-a5f5-ee057ce0423f/ee7914b2-e17f-4067-b1cb-960568bd4918.jpg)
সমান্তৰালকৈ ব্ৰহ্মপুত্ৰৰ পাৰৰ বিবেকানন্দ কেন্দ্ৰৰ পৰা ভাহি আহিছে বাঁহীৰ সুৰ। ঢৌৰ লহৰত সুৰ দি বাঁহীৰ সুৰত বাজি উঠিছে বৰগীত। কাহ পৰি জীণ গৈছে বিবেকানন্দ প্ৰেক্ষাগৃহ। সন্ধিয়াৰ এটা গহীন গম্ভীৰ পৰিৱেশ অথচ সকলোকে পুলকিত কৰি যোৱা এটি সুৰীয়া সময়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/d140cc05-225f-4ada-ae6d-c09c74229297/1799041f-72b1-4acf-8ef8-591010ddaf00.jpg)
মঙলবাৰে উজানবজাৰস্থিত বিবেকানন্দ কেন্দ্ৰত আয়োজন কৰা হয় ‘সুৰৰ জিঞ্জিৰি, এক বাঁহী বাদন’ শীৰ্ষক অনুষ্ঠানৰ। এই অনুষ্ঠানটি বিশিষ্ট বাঁহীবাদক তথা গুৰু প্ৰসন্ন বৰুৱাৰ তত্বাৱধানত আৰু ৰাগালয় সংগীত মহাবিদ্যালয়, গুৱাহাটীৰ সহযোগত অনুষ্ঠিত কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/a15e0141-883e-4f9d-92d6-6d6a08938437/37d52eb6-040f-40de-975c-bee9e8cb2613.jpg)
অনুষ্ঠানটিত গুৰু প্ৰসন্ন বৰুৱাৰ ২১গৰাকী প্ৰশিক্ষাৰ্থীয়ে একক, দ্বৈত আৰু দলীয়ভাৱে বিভিন্ন গীত মাত তথা বৰগীত আদি বাঁহীত সুৰ তুলি পৰিৱেশন কৰে। প্ৰতিটো গীতৰ সুৰে উপস্থিত দৰ্শকক আপ্লুত কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/81129c8d-519d-43e7-81ea-c8e92df1052b/e7353fbf-a5e2-4416-9955-6039f0505d7d.jpg)
বাঁহীৰ সুৰত গুৰু-গম্ভীৰ পৰিৱেশ সৃষ্টি হোৱা অনুষ্ঠানটিত ভালেসংখ্যক লোক উপস্থিত থাকে। অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্জ্বলন কৰা হয়। বন্তি প্ৰজ্জ্বলন কৰে ৰাগালয় সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষা নীহাৰিকা গগৈয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/1a5a1f08-4af7-45e7-8a7e-007fb42ad0c6/3e6909f1-c287-4c3c-89e7-b84fbed48932.jpg)
ইয়াৰ পাছতে অনুষ্ঠানটি আনুষ্ঠানিকভাৱে মুকলি কৰে অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই। উদ্ধোধনী ভাষণত মহন্তই কেতবোৰ কথা উল্লেখ কৰে। তাৰোপৰি প্ৰখ্যাত বাঁহীবাদক প্ৰভাত শৰ্মাক অসমীয়া সংগীত জগতৰ প্ৰাতঃ স্মৰণীয় ব্যক্তি বুলি উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/4a959725-483d-4d13-828d-f4718af135f5/4390ff8b-c27e-4eb9-8b7a-e091634d065c.jpg)
উক্ত অনুষ্ঠানটি সুকণ্ঠী গায়িকা নীলাক্ষী মহন্তৰ এটি বৰগীতেৰে শুভাৰম্ভ কৰা হয়। ইয়াৰ পাছতে সঞ্জয় শৰ্মা, হিমাংশু বণিয়া, লক্ষী বৰা আদিয়ে দলগতভাৱে বাঁহী বাদন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/1e8d33f9-d842-4813-a8f5-3174172aa90b/8d231b99-4a2c-4f64-ac9f-a661457ab953.jpg)
অনুষ্ঠানত স্বৰ্ণভ মহন্ত, সম্বুদ্ধ কাশ্যপ, ধ্ৰুপদ কাশ্যপ, হৃষিকেশ বশিষ্ঠ আদি কেইবাগৰাকী শিল্পীয়ে বাঁহীত সুৰ তুলি কেইবাটাও গীত পৰিৱেশন কৰে। তেঁওলোকৰ শ্ৰাব্যমধুৰ গীতে উপস্থিত দৰ্শক ৰাইজক আপ্লুত কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/9d789a86-841c-4fd9-a305-553dff348294/a1c76758-b882-4eb2-9e2c-43b2375bdd5f.jpg)
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে গুৰু প্ৰসন্ন বৰুৱা বিগত ৪০ বছৰ ধৰি বাঁহী বজাই আহিছে। দেউতাক আছিল বেণ্ড পাৰ্টীৰ শিল্পী। সেই সূত্ৰে ঘৰতে পাইছিল সাংস্কৃতিক এটা পৰিৱেশ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/dc31d1b2-6c77-4bc1-9953-73039407478c/e7bd57fe-5081-4519-a32b-2356cd2ac51b.jpg)
দূৰ দূৰণিলৈ ৰেডিঅ’ত বাঁহীৰ সুৰ শুনিবলৈ যোৱা প্ৰসন্ন বৰুৱাৰ ঘৰ মঙলদৈৰ শালৈপাৰাত। সৰুৰে পৰা বাঁহী বজোৱা বৰুৱাই পাছলৈ অনাতাঁৰ কেন্দ্ৰৰ নিয়মীয়া শিল্পী হৈ পৰে।
বাঁহী বজোৱাৰ ক্ষেত্ৰত তেখেতৰ নাছিল কোনো আনুষ্ঠানিক শিক্ষা। শিল্পী প্ৰভাত শৰ্মা, লোকগীতৰ সম্ৰাট ৰামেশ্বৰ পাঠক আদিৰ দৰে লোকৰ সান্নিধ্যই ধন্য কৰিছিল তেখেতৰ সাংগীতিক জীৱন।
Also Read: কলিয়াবৰত তীৰ খেলৰ ৰমৰমীয়া বেহাঃ বিপৰ্য্যস্ত নৱপ্ৰজন্মৰ ভৱিষ্যত