বাক্সা জিলা জ্যেষ্ঠ নাগৰিক পৰিষদৰ ৬ষ্ঠ বাৰ্ষিক অধিৱেশন

বাক্সা জিলা জ্যেষ্ঠ নাগৰিক পৰিষদৰ ৬ষ্ঠ বাৰ্ষিক অধিৱেশন

ডিজিটেল সংবাদ, বাক্সাঃ "জ্যেষ্ঠ নাগৰিকে সমাজ সংস্কাৰত গুৰু দায়িত্ব লোৱাৰ সময় সমাগত। সাম্প্ৰতিক সময়ত আমাৰ সমাজত সৃষ্টি হোৱা অপসংস্কতি আৰু অপশক্তিৰ বিপৰীতে এখন শান্তিপূৰ্ণ আদৰ্শবাদী সমাজ সৃষ্টিত জ্যেষ্ঠ নাগৰিকে সমাজ সংস্কাৰত গুৰুত্বপূৰ্ণ দায়িত্ব লোৱাৰ সময় সমাগত। পিতা-পুত্ৰৰ হত্যাকাণ্ড, মাদক দ্ৰব্যৰ অবাধ প্ৰচলন, বৰ্ণবিভেদৰ সৃষ্টি আদিয়ে আমাৰ সমাজখন অনাগত দিনত অপ্ৰত্যাশিত ধ্বংসৰ পিনে ধাবিত হোৱাৰ অশনি সংকেট দেখা গৈছে। এনে পৰিস্থিতিত জ্যেষ্ঠসকলে সমাজক বৌদ্ধিকভাৱে উন্নত কৰাৰ দায়িত্ব ল'ব লাগিব"। মঙলবাৰে বাক্সা জিলা জ্যেষ্ঠ নাগৰিক পৰিষদৰ ৬ষ্ঠ বাৰ্ষিক অধিৱেশন উপলক্ষে বৰমা বাৰোৱাৰী দুৰ্গা মন্দিৰ প্ৰাংগনত বাক্সা জিলা জ্যেষ্ঠ নাগৰিক পৰিষদৰ সভাপতি বসন্ত কুমাৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথিৰ ভাষনত অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰেছ আৰু জনসম্পৰ্ক সম্পাদক ৰমনী বৰ্মন এনেদৰে কয়।

ভাষণ প্ৰসংগত বৰ্মনে বিশ্বখ্যাত মনিষী ছক্ৰেটিছে এদল ডেকাসতীৰ্থ সহিতে নিজৰ দেশৰ বিধ্বংসী সমাজখনক নতুনকৈ গঢ়ি পূৰ্ণাংগ ৰাষ্ট্ৰ গঠনৰ বাবে বজাৰে বজাৰে, ৰাষ্টাই-ঘাটে গণসভা পাতি দেশৰ জনগণক সচেতন কৰাৰ দৃষ্টান্ত দাঙি ধৰাৰ দৰে অসমৰ জ্যেষ্ঠ সকলেও নামঘৰে নামঘৰে, সত্ৰসভা আদিত গনমেল পাতি জনগনক সচেতন কৰাৰ দায়িত্ব ল'ব লাগিব বুলি কয়। অলপতে সদৌ ভাৰত জ্যেষ্ঠ নাগৰিক কনফেডাৰেচনৰ মহাৰাষ্ট্ৰৰ পুনে চহৰত অনুষ্ঠিত ২১তম অধিবেশনৰ কাৰ্যসূচীৰ ওপৰতো ব্যাখ্যা কৰাৰ লগতে বৃদ্ধ পেন্সন বৰ্তমানৰ ২৫০টকাৰ বিপৰীতে ২০০০টকালৈ বৃদ্ধি কৰা,ৰেলৰ ভাড়া জ্যেষ্ঠ নাগৰিকৰ বাবে ৫০শতাংশ ৰেহাই দিয়াকে ধৰি লোৱা আদি দাবীৰ ওপৰতো বাখ্যা দাঙি ধৰে।

বাক্সা জিলাৰ বিভিন্ন প্ৰান্তৰ ২১খন শাখা সংগঠনৰ পৰা ২ শতাধিক প্ৰতিনিধিয়ে যোগদান কৰা মুকলি সভা উদ্বোধন কৰে জিলা জ্যেষ্ঠ নাগৰিক পৰিষদৰ উপদেষ্টা ব্ৰজমোহন কলিতাই। বন্তি প্ৰজ্বলন কৰে উপদেষ্টা দয়ানন্দ ভান্দাৰীয়ে। সভাত বিগত কাৰ্যকালৰ আয়ব্যয়ৰ বিষয়ত হৰেন বৰ্মন আৰু গৌৰী ৰাজবংশী য়ে পৰিক্ষীত খতিয়ান পাঠ কৰাত সন্তুষ্টি প্ৰকাশ কৰা হয়।

জিলা সম্পাদক মহানন্দ দাসে পাঠ কৰা সম্পাদকীয় প্ৰতিবেদন সমাগত প্ৰতিনিধিবৰ্গই হাততালিৰে গ্ৰহন কৰে। মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে অবসৰী অধ্যক্ষ সুৰেন্দ্ৰ নাথ বৰ্মা, সন্মানীয় অতিথি ভবানী প্ৰসাদ শৰ্মা, জিলাৰ পৰা নিৰ্বাচিত ৰাজ্যিক কাৰ্যনিৰ্বাহ সদস্য দিলীপ শৰ্মা আৰু নলবাৰী জাপাৰকুছিৰ শাখা সম্পাদক বিনন্দ হাজৰিকাইও যোগদান কৰে। জিলা অধিৱেশনৰ আগে আগে দিলীপ কুমাৰ শৰ্মাৰ সভাপতিত্বত বিভিন্ন কাৰ্যসূচীৰে বৰমা আঞ্চলিক জ্যেষ্ঠ নাগৰিক পৰিষদৰ বাৰ্ষিক অধিৱেশনখনো অনুষ্ঠিত হয়।

বাক্সা জিলা জ্যেষ্ঠ নাগৰিক পৰিষদৰ ৬ষ্ঠ বাৰ্ষিক অধিৱেশন
'নাক'(NAAC)ৰ হাটশিঙিমাৰী মহাবিদ্যালয় পৰিদৰ্শন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in