পুনৰ বহি:ৰাজ্যত মৃত্যুক সাৱতিলে বঢ়মপুৰৰ যুৱকে...

মৃতদেহ আনিবলৈ চৰকাৰৰ পৰা সহায় বিচাৰিলে পৰিয়ালে

author-image
Asomiya Pratidin
New Update
পুনৰ বহি:ৰাজ্যত মৃত্যুক সাৱতিলে বঢ়মপুৰৰ যুৱকে...

পুনৰ বহি:ৰাজ্যত মৃত্যুক সাৱতিলে বঢ়মপুৰৰ যুৱকে...

ডিজিটেল সংবাদ বঢ়মপুৰ: পুনৰ বহি:ৰাজ্যত মৃত্যুক সাৱতিলে বঢ়মপুৰ-বেজৰগাঁৱৰ এজন উদ্যমী যুৱকে। জানিব পৰা মতে কৰ্মসংস্থাপনৰ তাগিদাত এবছৰ পূৰ্বে পত্নী আৰু পুত্ৰৰ সৈতে নৱজ্যোতি দাস নামৰ যুৱকজন গৈছিল হায়দৰাবাদলৈ। কিন্তু শেহতীয়াকৈ জলাতঙ্ক ৰোগত আক্ৰান্ত হোৱাত নৱজ্যোতিক হায়দৰাবাদৰে এখন চিকিৎসাধীন অৱস্থাতে বুধবাৰে মৃত্যু হয়।

উল্লেখ্য যে, হায়দৰাবাদৰ নিজ কৰ্মস্থলীৰ পৰা ভাড়াতীয়া ঘৰলৈ উভটি অহাৰ অৱস্থাতে পদপথৰ কুকুৰে কামুৰি আহত কৰিছিল নৱজ্যোতি দাসক। ইয়াৰ ফলতে মৃত্য়ুক আকোৱালি লোৱা নৱজ্যোতিৰ মৃতদেহ অৰ্থৰ অভাৱত এতিয়া বঢ়মপুৰ-বেজৰগাঁওস্থিত নিজৰ ঘৰখনলৈ আনিবলৈ অপাৰগ দুৰ্ভগীয়া পৰিয়ালটো। পিতৃ-মাতৃৰ অন্তিম ইচ্ছা পূৰণৰ খাতিৰত যিকোনো প্ৰকাৰে নৱজ্যোতি দাসৰ মৃতদেহ উভতাই আনি দিবলৈ চৰকাৰক আহ্বান পৰিয়ালটোৰ।

Also Read: ছাত্ৰক প্ৰহাৰ কৰা লেখাপানী আৰক্ষী থানাৰ SIক নিলম্বনঃ দুই জোৱানক ৰিজাৰ্ভ ক্লজ...

বঢ়মপুৰ