আক্ৰাছুৰ বি টি আৰ সমিতিৰ সভাপতি পদৰ পৰা পদত্যাগ সমীৰণ সিংহৰ

আক্ৰাছুৰ বি টি আৰ সমিতিৰ সভাপতি পদৰ পৰা পদত্যাগ সমীৰণ সিংহৰ

author-image
Asomiya Pratidin
New Update
আক্ৰাছুৰ বি টি আৰ সমিতিৰ সভাপতি পদৰ পৰা পদত্যাগ সমীৰণ সিংহৰ

ডিজিটেল সংবাদ, ওৰাং: সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা(আক্ৰাছু) বি টি আৰ সমিতিৰ পৰা পদত্যাগ ছাত্ৰ নেতা সমীৰণ সিংহৰ। দীৰ্ঘদিনে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ নেতৃত্ব বহন কৰি আহিছিল সমীৰণ সিংহই। দেওবাৰে আনুষ্ঠানিকভাৱে ৰৌতাৰ মুখ্য কাৰ্যালয়ত আক্ৰাছুৰ পৰা পদত্যাগ কৰে নেতা গৰাকীয়ে।

Advertisment

সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ বি টি আৰ সমিতিৰ সভাপতি আছিল সমীৰণ সিংহ। ২০০৭ চনৰ পৰাই আক্ৰাছুৰ লগত জড়িত আছিল সিংহ। পৰবৰ্তী সময়ত ওদালগুৰি জিলা আক্ৰাছুৰ সম্পাদক আৰু ২০১৩ চনত ওদালগুৰি জিলা আক্ৰাছুৰ সভাপতিৰ দায়িত্ব বহন কৰিছিল সমীৰণ সিংহই। ইয়াৰ পৰবৰ্তী সময়ত বি টি আৰ আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ছাত্ৰ নেতা গৰাকীয়ে।

তেওঁৰ নেতৃত্বত শক্তিশালী হৈছিল সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা। আক্ৰাছুৰ নেতা গৰাকীৰ পদত্যাগৰ পিছতে সতীৰ্থ সকলে সম্বৰ্ধনা জনাই আনুষ্ঠানিকভাৱে আক্ৰাছুৰ পৰা বিদায়ই দিয়ে নেতা গৰাকীক।

Also Read: ৩ ৰাজ্যত ৩ নেতাই ডুবালে কংগ্ৰেছক...

আক্ৰাছু