'২০২৪ ৰ লোকসভা নিৰ্বাচনত ৩ গগৈয়ে লাভ নকৰে এসনো আসন'- ৰূপজ্যোতি কুৰ্মী...

'২০২৪ ৰ লোকসভা নিৰ্বাচনত ৩ গগৈয়ে লাভ নকৰে এসনো আসন'- ৰূপজ্যোতি কুৰ্মী...
'২০২৪ ৰ লোকসভা নিৰ্বাচনত ৩ গগৈয়ে লাভ নকৰে এসনো আসন'- ৰূপজ্যোতি কুৰ্মী...

ডিজিটেল সংবাদ ওৰাংঃ ওৰাঙত পুনৰ ২০২৪ ৰ লোকসভা নিৰ্বাচনক লৈ ভৱিষ্যতবাণী কৰিলে বহু বল্কী বিধায়ক ৰূপজ্যোতি কুৰ্নীয়ে। বিজেপি বিধায়কগৰাকীৰ মতে লোকসভা নিৰ্বাচনত তিনি গগৈৰ এজনেও নাপায় এসনো আসন। পাব কেৱল এটা ডাঙৰ শূন্য।

আসন্ন লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰূপজ্যোতি কুৰ্মী তিনি দিনে বাহৰ পাতিছে মাজবাটত।ওদালগুৰি জিলা বিজেপিৰ একাংশ নেতা কৰ্মীয়ে বিগতসময়ছোৱাত দলটোৰ নেতৃত্বৰ প্ৰতি তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি দল ত্যাগ কৰাৰ লগতে বি পি এফ আৰু অন্যান্য দলত যোগদান কৰিছে।

এনে পৰিস্থিতিত মাজবাট বিধানসভা সমষ্টিত বাহৰ পাতি বিজেপি বিধায়কগৰাকীয়ে এখনৰ পাছত আন এসনকৈ সাংগঠনিক সভা অনুষ্ঠিত কৰি সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ চেষ্টা অব্যাহত ৰাখিছে।

বিধায়ক কুৰ্মীয়ে এনে সাংগঠনিক কাম-কাজৰ মাজতে সংবাদ মাধ্যমৰ আগত স্বভাৱগতভাৱে মন্তব্য কৰি আহিছে। মঙ্গলবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাক 'কুফা' আখ্যা দিয়া বিধায়কগৰাকীয়ে আজি আক্ৰমণৰ লক্ষ্য কৰি লয় আন ৩ জন নেতাক।

বিধায়কগৰাকীয়ে সাংবাদিকৰ আগত আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৩ গগৈ ক্ৰমে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ, এ জে পিৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে লোকসভাৰ নিৰ্বাচনত এজনেও জয় লাভ নকৰে বুলি মন্তব্য কৰিছে। ইয়াৰোপৰি তেওঁ নিজৰ বাওঁ হাতৰ কেঞা আঙুলিৰে এক বিশেষ ইংগিতো প্ৰদৰ্শন কৰিলে।

তেওঁৰ মতে ২০২৪ ৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে ১২ খন আসন লাভ কৰিব। বিজেপিৰে মিত্ৰতাত থকা ইউ পি পি এলে ১ খন আৰু অন্যান্য দলে এখন আসন পাব। ইয়াৰ উপৰি তেওঁ বৰ্তমান বিজেপিৰ নেতৃত্বক সমালোচনা কৰি ভূপেন বৰাই অসমত জংঘলৰাজ চলি বুলি কৰা মন্তব্যৰো প্ৰত্যুত্তৰ দিয়ে।

তেওঁৰ মতে প্ৰকৃতাৰ্থত কংগ্ৰেছৰ শাসনৰ সময়ছোৱাতহে অসমত জংঘলৰাজ চলিছিল। বৰ্তমান অসমত শান্তিয়ে বিৰাজ কৰিছে। শান্তিৰ পৰিৱেশ ঘূৰি অহাৰ ফলত উত্তৰ পূৰ্বাঞ্চলৰ পৰা AFSAৰ দৰে বিশেষ ক্ষমতা আইনো প্ৰত্যাহাৰ কৰা হৈছে

'২০২৪ ৰ লোকসভা নিৰ্বাচনত ৩ গগৈয়ে লাভ নকৰে এসনো আসন'- ৰূপজ্যোতি কুৰ্মী...
গাজাৰ চিকিৎসালয় আক্ৰমণত প্ৰায় ৫০০ জনৰ মৃত্যু, শোক প্ৰকাশ প্ৰধানমন্ত্ৰী মোডীৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in