মাজবাটৰ ওৰাং ৰূপা পথত পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে দুজনৰ...

মাজবাটৰ ওৰাং ৰূপা পথত পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে দুজনৰ...

author-image
Asomiya Pratidin
New Update
মাজবাটৰ ওৰাং ৰূপা পথত পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে দুজনৰ...

মাজবাটৰ ওৰাং ৰূপা পথত পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে দুজনৰ...

ডিজিটেল সংবাদ ওৰাংঃ মাজবাটৰ ওৰাং ৰূপা পথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত থিতাতে নিহত হয় দুজনকৈ যুৱক। মাজবাট থানাৰ বাহিপুখুৰী চাহ বাগিচাৰ ১২ নং লাইনৰ কাষত ওৰাং ৰূপা পথত নিশা সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা।

উল্লেখ্য যে বাইকেৰে লামাবাৰী দিশৰ পৰা মাজবাট অভিমুখে আহি আছিল এই দুয়ো যুৱক। তাৰ মাজতে নিয়ন্ত্রণ হেৰুৱাই চাহ বাগিচাৰ ফেনচিঙৰ খুঁটাত খুন্দা মাৰে। ফলত থিতাতে নিহত হয় দুয়োজন যুৱক।

নিহত যুৱক দুজন ক্ৰমে মাজবাট থানাৰ অন্তৰ্গত বাহিপুখুৰী চাহ বাগিচাৰ গনেশ পাইক (২১) আৰু মাজবাট ৰে'লৱে কলনিৰ চাহিল নাগ (১৯) বুলি জানিব পৰা গৈছে। উল্লেখ্য যে দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে মাজবাট আৰক্ষীয়ে দুৰ্ঘটনা হোৱা স্থানত উপস্থিত হৈ দুৰ্ঘটনা মৃত্যু হোৱা যুৱক দুজনক মৰণোৰত্তৰ পৰীক্ষাৰ বাবে আজি পুৱা ১০ বজাত ওদালগুৰিৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

Also Read: তিনি জনগোষ্ঠীক সাংবিধানিক মৰ্যাদাৰ বাবে কেন্দ্ৰলৈ প্ৰস্তাৱ পঠিওৱা কাৰ্যক আদৰণি TMPK ৰ...

পথ দুৰ্ঘটনা ওৰাং