/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/192c0a74-1517-4ecd-9117-22976c205163/KOKRAJHAR_13.jpg)
কোকৰাঝাৰত ভয়ংকৰ পথ দুৰ্ঘটনাত ধুবুৰীৰ ছাত্ৰ নিহত...
কোকৰাঝাৰৰ মোকৰাপাৰাত নিশা মটৰচাইকেল দুৰ্ঘটনা।
নিশা প্ৰায় ৯ বজাত সংঘটিত হৈছে এই দুৰ্ঘটনা।
কোকৰাঝাৰ চহৰত মেলা চাই ঘৰমুৱা হোৱাৰ পথতে মোকৰাপাৰাত সংঘটিত হয় এই দুৰ্ঘটনা ৷
মোকৰাপাৰাত মটৰচাইকেলখনে প্ৰচণ্ড জোৰে খুন্দা মাৰে বিদ্যুতৰ পকী খুটাত ।
এই দুৰ্ঘটনাত থিতাতে নিহত হয় চালক জয়দ্বীপ নাথ (১৮)।
আহত মটৰচাইকেল আৰোহী পংকজ নাথ (১৬) ৷
দুয়োৰে ঘৰ ধুবুৰী জিলাৰ সাপটগ্ৰাম থানাৰ অন্তৰ্গত শাশাৰগাঁৱৰ প্ৰথম খণ্ডত ।
কোকৰাঝাৰৰ পৰা তীব্ৰবেগে বৰুৱাপাৰা অভিমুখে গৈ থাকোতে মোকৰাপাৰাত সংঘটিত হয় এই দুৰ্ঘটনা ।
এখন বাহনক অভাৰটেক কৰিবলৈ গৈ সংঘটিত হয় এই দুৰ্ঘটনা ।
দুৰ্ঘটনাৰ পিছত দুয়োকে কোকৰাঝাৰ আৰ এন বি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে জয়দ্বীপ নাথক মৃত বুলি ঘোষণা কৰে ।
মৃত জয়দ্বীপ নাথ স্নাতক প্ৰথম ষাণ্মাষিকৰ ছাত্ৰ আছিল ।
কোকৰাঝাৰ আৰ এন বি চিকিৎসালয়ত চিকিৎসাধীন আহত পংকজ নাথ ।
Also Read: নতুন বিধানসভা ভৱনৰ সন্মুখত ভয়ংকৰ দুৰ্ঘটনা...