Advertisment

তামুলপুৰত ডাম্পাৰৰ উপদ্ৰপঃ আহত ২জন

তামুলপুৰ জিলাৰ নাগ্ৰীজুলিত ডাম্পাৰৰ দৌৰাত্ম্যত সৰ্বসাধাৰণ ৰাইজৰ জীৱনলৈ চৰম ভাবুকি আহি পৰিছে।

author-image
Asomiya Pratidin
New Update
তামুলপুৰত ডাম্পাৰৰ উপদ্ৰপঃ আহত ২জন

ডিজিটেল সংবাদ, তামুলপুৰঃ তামুলপুৰ জিলাৰ নাগ্ৰীজুলিত ডাম্পাৰৰ দৌৰাত্ম্যত সৰ্বসাধাৰণ ৰাইজৰ জীৱনলৈ চৰম ভাবুকি আহি পৰিছে। ডাম্পাৰৰ খুন্দাত বিগত কেইটামান মাহত বহু লোকে প্ৰাণ হেৰুওৱাৰ উপৰিও বহু লোকে পঙ্গুত্বক আঁকোৱালি ল'ব লগাত পৰিছে।

Advertisment

দেওবাৰে আবেলি প্ৰায় ৩-০০বজাত তামুলপুৰ- নাগ্ৰীজুলি- ওদালগুৰি পথৰ নাগ্ৰীজুলিৰ বাল্টিনদীৰ পাৰত সংঘটিত এক ভয়াবহ পথ দুৰ্ঘটনাত দুই যুৱক গুৰুতৰ ভাৱে আহত হয়। আহত যুৱক দুজন হৈছে ক্ৰমে নাগ্ৰীজুলি আৰক্ষী চকীৰ অন্তৰ্গত হস্তীনাপুৰ গাঁওৰ সুদৰ্শন দাসৰ পুত্ৰ সাৰম্ব দাস (২৭) আৰু একে গাঁওৰেই খগেন সৰকাৰৰ পুত্ৰ নাৰায়ণ সৰকাৰ(২৫)।

জানিব পৰা মতে গুৱাহাটীত শ্ৰমিক হিচাপে কৰ্মৰত সাৰম্ব আৰু নাৰায়ণে এখন মটৰ চাইকেলেৰে গুৱাহাটীৰ পৰা নাগ্ৰীজুলিৰ হস্তীনাপুৰ গাঁওলৈ আহি থাকোঁতে নাগ্ৰীজুলিৰ বাল্টি নদীৰ দলঙৰ সমীপত কেঁকুৰী এটাত বৰনদীৰ পৰা শিল-বালি কঢ়িৱাই নিয়া এ এছ- ২৬- এ চি-০৮৯১ নম্বৰৰ তীব্ৰবেগী ডাম্পাৰ এখনে মুখামুখিকৈ খুন্দা মাৰে আৰু ডাম্পাৰখন তামুলপুৰৰ দিশত পলায়ন কৰে। ডাম্পাৰখনে পলায়ন কৰাৰ সময়ত বিভিন্ন ঠাইত তামুলপুৰ-নাগ্ৰীজুলি পথৰ ওপৰত থকা বেৰীকেড ভাঙি পলায়ন কৰে আৰু পিছত তামুলপুৰ- নাগ্ৰীজুলি পথৰ কচুবাৰীস্থিত মহাপ্ৰভু গোপাল আৰু জগন্নাথ থান সত্ৰৰ সমুখত ডাম্পাৰখন এৰি চলক আৰু কৰ্মচাৰী পলায়ন কৰে।

পিছত তামুলপুৰ আৰক্ষীয়ে পৰিত্যক্ত অৱস্থাত ডাম্পাৰখন জব্দ কৰে। ইপিনে নাগ্ৰীজুলি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অতি তৎপৰতাৰে আহত দুই যুৱকক উদ্ধাৰ কৰি নাগ্ৰীজুলি আদর্শ চিকিৎসালয়ত ভৰ্তি কৰায়। গুৰুতৰভাৱে আহত দুই যুৱকক নাগ্ৰীজুলি আদৰ্শ চিকিৎসালত প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পিছত সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে দুই যুৱকক গুৱাহাটী মেডিকেল কলেজ হাস্পাতাললৈ প্ৰেৰণ কৰে। ঘটনা সন্দৰ্ভত নাগ্ৰীজুলি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Also Read: লোকসভা নিৰ্বাচনক লৈ তৎপৰ আম আদমী পাৰ্টি

tamulpur road accident