ৰৌতাত পথ দুৰ্ঘটনা : গুৰুতৰভাৱে আহত ৮ জন যাত্ৰী

ৰৌতাত পথ দুৰ্ঘটনা : গুৰুতৰভাৱে আহত ৮ জন যাত্ৰী

ডিজিটেল সংবাদ,ৰৌতা : শনিবাৰে ৰৌতাত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। জানিব পৰামতে ট্ৰাকৰ পিছফালে প্ৰচণ্ড খুন্দা মাৰে এখন মাৰুতি ভানে। শোকাৱহ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় ভানখনৰ ৮ জনকৈ যাত্ৰী।

ৰৌতাৰ ভালুকমাৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই পথ দুৰ্ঘটনা। গুৱাহাটী অভিমুখে গৈ থকা AS-01-EB- 0363 নম্বৰৰ মাৰুতি ভানখনে একে দিশে গৈ থকা ট্ৰাকখনৰ পিছফালে প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে।

ফলত ভানখনত থকা ৮ জন যাত্ৰী গুৰুতৰভাৱে আহত হয়। আহত যাত্ৰীসকলক স্থানীয় ৰাইজে উদ্ধাৰ কৰি ৰৌতা মডেল হাস্পতালৈ প্ৰেৰণ কৰে। ইয়াৰে সংকটজনক অৱস্থাত থকা ৭ জনক ১০৮ এম্বুলেন্সেৰে তেজপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে।

আহত যাত্ৰীসকল ক্ৰমে জেৰুমিনাচ বাৰাক(৫২), কাৰমিল্লা(৬২), এলিজাবেথ বাৰুৱা(৪৮) ছিলবানুছ বেক(৫২), বানিজ আলী(২৪), লুছিয়া কুজুৰ(৫৫), জেৰন বাৰুৱা(৫৩) আৰু কলম্বাছ বাৰুৱা বুলি জানিব পৰা গৈছে।

ৰৌতাত পথ দুৰ্ঘটনা : গুৰুতৰভাৱে আহত ৮ জন যাত্ৰী
অৰুণাচলৰ পুটিনত ৩০০ ফুট তলত পৰিল বাহনঃ ৩ আৰোহীৰ এজন নিহত...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in