ট্ৰাকৰ পাছফালে মাৰুতি ভানৰ খুন্দাঃ ৮ যাত্ৰী গুৰুতৰভাৱে আহত...

ট্ৰাকৰ পাছফালে মাৰুতি ভানৰ খুন্দাঃ ৮ যাত্ৰী গুৰুতৰভাৱে আহত...
ট্ৰাকৰ পাছফালে মাৰুতি ভানৰ খুন্দাঃ ৮ যাত্ৰী গুৰুতৰভাৱে আহত...

ডিজিটেল সংবাদ ওৰাংঃ ৰৌতাত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। এখন ট্ৰাকৰ পিছফালে প্ৰচণ্ড খুন্দা মাৰে এখন মাৰুতি ভেনৰ।

শোকাৱহ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় ভেনখনৰ ৮ জনকৈ যাত্ৰী। ৰৌতাৰ ভালুকমাৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই পথ দুৰ্ঘটনা।

গুৱাহাটী অভিমুখে গৈ থকা AS-01-EB- 0363 নম্বৰৰ মাৰুতি ভেনখনে একে দিশে গৈ থকা ট্ৰাক এখনৰ পিছফালে প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে। ফলত ভেনখনত থকা ৮ জন যাত্ৰী গুৰুতৰভাৱে আহত হয়।

আহত যাত্ৰীসকলক স্থানীয় ৰাইজে উদ্ধাৰ কৰি ৰৌতা মডেল হাস্পতাললৈ প্ৰেৰণ কৰে। ইয়াৰে সংকটজনক অৱস্থাত থকা ৭ জনক ১০৮ এম্বুলেঞ্চেৰে তেজপুৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে।

আহত যাত্ৰী সকল ক্ৰমে জেৰুমিনাচ বাৰাক(৫২), কাৰমিল্লা(৬২), এলিজাবেথ বাৰুৱা(৪৮) ছিলবানুছ বেক(৫২), বানিজ আলী(২৪), লুছিয়া কুজুৰ(৫৫), জেৰন বাৰুৱা(৫৩) আৰু কলম্বাছ বাৰুৱা বুলি জানিব পৰা গৈছে।

ট্ৰাকৰ পাছফালে মাৰুতি ভানৰ খুন্দাঃ ৮ যাত্ৰী গুৰুতৰভাৱে আহত...
বিহালীত খেল মহাৰণ ৰূপায়ণৰ নামত ভেকোভাওনা ! প্ৰতিযোগিতাত অংশ নোলোৱাকৈ ঘূৰিল খেলুৱৈ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in