বিহালীত খেল মহাৰণ ৰূপায়ণৰ নামত ভেকোভাওনা ! প্ৰতিযোগিতাত অংশ নোলোৱাকৈ ঘূৰিল খেলুৱৈ...

বিহালীত খেল মহাৰণ ৰূপায়ণৰ নামত ভেকোভাওনা ! প্ৰতিযোগিতাত অংশ নোলোৱাকৈ ঘূৰিল খেলুৱৈ...
বিহালীত খেল মহাৰণ ৰূপায়ণৰ নামত ভেকোভাওনা ! প্ৰতিযোগিতাত অংশ নোলোৱাকৈ ঘূৰিল খেলুৱৈ...

ডিজিটেল সংবাদ বিহালীঃ ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে বিহালীতো চলিছে খেল মহাৰণ- ২০২৩ কাৰ্যসূচী ৷ বিহালী বিধানসভা সমষ্টিৰ বিহালী উন্নয়ণ খণ্ডৰ অন্তৰ্গত ৯ খন গাওঁ পঞ্চায়ত এলেকাত বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত খেল মহাৰণৰ নামত সংঘটিত হৈছে চূড়ান্ত ভেকুভাওণা ৷ অভিযোগমতে, ৰাজ্যৰ ক্ৰীড়া বিভাগৰ দ্বাৰা আয়োজিত খেল মহাৰণ-২০২৩ৰ নামত বিহালীৰ বিভিন্ন গাওঁ পঞ্চায়ত এলেকাত অনুষ্ঠিত খেল মহাৰণ-২০২৩ ৰূপায়ণৰ নামত কেৱল ছাত্ৰ-ছাত্ৰীৰ নাম পঞ্জীয়নত বিশেষভাৱে গুৰুত্ব দিয়া হৈছে৷

বিপৰীতে, খেল মহাৰণ শীৰ্ষক ক্ৰীড়া প্ৰতিযোগিতাৰ নিৰ্ধাৰিত খেলসমূহ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ সুপৰিকল্পনা, নীতি-নিয়ম পালন নকৰাৰ অভিযোগ উঠিছো৷ অভিযোগমতে, প্ৰকৃতাৰ্থত খেল মহাৰণৰ জড়িয়তে গ্ৰামাঞ্চল্যৰ সুপ্ত প্ৰতিভা বিকাশৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰাতকৈ প্ৰতিযোগিৰ নাম পঞ্জীয়নভুক্ত কৰাত অধিক গুৰুত্ব প্ৰদান কৰি ৰেকৰ্ড গঢ়াত গুৰুত্ব আৰোপ কৰিছে প্ৰশাসনে ৷

দৰাচলতে গ্ৰামাঞ্চলৰ ক্ৰীড়া প্ৰতিভা বিকাশৰ বাবে কোনো ধৰণৰ সুস্পষ্ট পৰিকল্পনা পৰিলক্ষিত হোৱা নাই ৷ উত্থাপিত অভিযোগ মতে, 'খেল মহাৰণ-২০২৩' শীৰ্ষক ক্ৰীড়া প্ৰতিযোগিতা ৰূপায়ণৰ বেলিকা খেল পথাৰত খেলুৱৈৰো নাই কোনো, সাজ সজ্জাৰ নীতি নিয়ম ৷

যদিওৱা খেল পৰিচালনা কৰিবলৈ বিভাগীয়ভাৱে একোগৰাকীকৈ শাৰীৰিক নিৰ্দেশক নিয়োগ কৰা হৈছে সেই সকল শাৰীৰিক নিৰ্দেশকে খেল পৰিচালনাক কামত মনোনিৱেশ কৰিছে থিকেই কিন্তু সময়ৰ অভাৱত গ্ৰামাঞ্চলৰ ছাত্ৰ-ছাত্ৰীক ক্ৰীড়া সম্পৰ্কীয় প্ৰাথমিক জ্ঞান পৰ্যন্ত প্ৰদান কৰিবলৈ নোৱাৰাত প্ৰতিযোগিসকলে ক্ৰীড়াৰ নীতি-নিয়ম নজনাকৈ খেল পথাৰত নামিব লগা হ'ল৷

আনহাতে, খেল মহাৰণ ৰূপায়ণৰ নামত গঠিত পৰিচালনা সমিতিত ক্ৰীড়াৰ লগত জড়িত ব্যক্তিক নাম মাত্ৰ জড়িত কৰি গুৰুত্বহীন কৰাৰো অভিযোগ উঠিছে ৷ খেল মহাৰণ কাৰ্যসূচী ৰূপায়ণৰ বাবে উন্নয়ণ খণ্ডৰ বি ডি অ'সহ একোখন সমিতি গঠন কৰা হ'ল যদিও স্থানীয় ক্ৰীড়া সংগঠকসকলক গুৰুত্ব প্ৰদান নকৰিলে যাৰ ফলত। খেল অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত ব্যাপক বেমেজালিৰ সৃষ্টি হোৱাৰ তথ্য পোহৰলৈ আহিছে৷

যি সময়ত ৰাজ্যৰ ক্ৰীড়া বিভাগে খেল মহাৰণ-২০২৩ৰ সূচীত পাঁচ টাকৈ খেল অন্তৰ্ভুক্ত কৰি নিৰ্দিষ্ট খেল নিৰ্ধাৰণ কৰি দিছে সেই সময়ত বিহালীৰ কোনো পঞ্চায়ত এলেকাত নিৰ্ধাৰিত 'খো-খো'' খেল প্ৰতিযোগিতা অনুষ্ঠিত নহ'ল ৷ বিহালীৰ কোনো এগৰাকী ছাত্ৰ-ছাত্ৰী ,যুৱক-যুৱতীয়ে খো-খো খেলৰ আও-ভাও একোকে নুবুজিলে৷

এক‌ কথাত - বিহালীত চুড়ান্ত বেমেজালিৰে খেল মহাৰণ কাৰ্যসূচী চলিছে ৷ ফলত বিহালাৰ ক্ৰীড়াবিদসকলে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰা দেখা গৈছে ৷

অতিগুৰুত্বপূৰ্ণ বিষয়টো হ'ল আজি বিহালীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা কেটলা খেল পথাৰত অনুষ্ঠিত খেল মহাৰণৰ কাৰ্যসূচীত অংশ গ্ৰহণ নকৰাকৈ উভটি যাব লগা হয় বহু ছাত্ৰ-ছাত্ৰী৷ পুৱাৰে পৰা দুপৰীয়া ১২ বজালৈকে খেল মহাৰণৰ খেল খেলাৰ আগ্ৰহৰে খাপ পিটি বহি থাকি অৱশেষত একাংশ প্ৰতিযোগী ছাত্ৰ-ছাত্ৰীয়ে খেল নেখেলাকৈ স্বগৃহলৈ ওভটি যাব লগা হ'ল ৷

নিৰ্দিষ্ট সময়ত খেল পথাৰত মেডিকেল টীম আহি নোপোৱাৰ ফলত খেল অনুষ্ঠিত কৰিব পৰা নগ'ল। যাৰ বাবে প্ৰতিযোগী শিক্ষাৰ্থী স্ব-গৃহলৈ উভটি যাব লগাত পৰে বুলি জানিব পৰা গৈছে৷

উল্লেখ্য যে, যিসময়ত চেৰেলীয়া গাওঁ পঞ্চায়তৰ এলেকাৰ কেটেলা খেল পথাৰত অনুষ্ঠিত খেল মহাৰণ কাৰ্যসূচী নিৰ্ধাৰিত সময়ত অনুষ্ঠিত কৰিব পৰা নগ'ল সেই সময়ত বিহালী উন্নয়ণ খণ্ডৰ বিডিঅ' দেৱানন্দ নাথে বটীয়ামাৰী গাওঁ পঞ্চায়তৰ সচিৱ গুণীন ছেত্ৰীক লগতলৈ উপস্থিত হৈছিল যদিও গা এৰা মনোভাৱৰে মেডিকেল টীম আহি নোপোৱাৰ বিষয়টোক আওকাণ কৰি খেল পথাৰখনৰ মাজেদি বাহন চলাই গুচি যোৱা বুলি জানিব পৰা গৈছে৷

বিহালীত খেল মহাৰণ ৰূপায়ণৰ নামত ভেকোভাওনা ! প্ৰতিযোগিতাত অংশ নোলোৱাকৈ ঘূৰিল খেলুৱৈ...
অৰুণাচলৰ পুটিনত ৩০০ ফুট তলত পৰিল বাহনঃ ৩ আৰোহীৰ এজন নিহত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in